--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতীয়সকলৰ স্বৰ্ণপ্ৰিয়তা সৰ্বজনবিদিত ।
সুদীৰ্ঘদিন ধৰি সোণৰ দাম বৃদ্ধি হৈ আহিছিল ।তাতে ক’ভিদৰ পিছত মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে জনসাধাৰণক ৷ ফলত বিয়াৰ সময়খিনিৰ বাহিৰে গহনাৰ ব্যৱসায় একেবাৰে মন্দা হৈ পৰিছে৷ ব্যৱসায়ীসকলৰ পৰা জানিব পৰামতে আনকি  তৃতীয় অক্ষয়ৰো বজাৰ ভাল নাছিল। এই সময়ছোৱাত বহুতে সোণ বা সোণৰ গহনা কিনাটো ভাল বুলি গণ্য কৰে ।

প্ৰকৃততে ভাৰতত সোণৰ দাম আন্তৰ্জাতিক বজাৰৰ ওপৰত নিৰ্ভৰশীল।  ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়ত সোণৰ দাম পুনৰ বাঢ়িছিল।  কিন্তু আচৰিতভাৱে জুন মাহৰ শেষৰ ফালে সোণৰ দাম বহুত কমি গ’ল।  

২৪ কেৰেটৰ উপৰিও গহনা গঢ়া সোণৰ (২২ কেৰেট) মূল্যও কমি আহিছে।  মঙলবাৰৰ তুলনাত প্ৰতি ১০ গ্ৰামত ২৪ কেৰেট সোণৰ মূল্য ৯৬০ টকা হ্ৰাস পাইছে।  আনহাতে, একে পৰিমাণৰ ২২ কেৰেট সোণৰ মূল্য ৯০০ টকা হ্ৰাস পাইছে।  কেইবামাহৰ হিচাপৰ পৰা দেখা যায় যে এদিনত প্ৰতি ১০ গ্ৰাম সোণৰ দাম প্ৰায় এহেজাৰ টকা হ্ৰাস হোৱা নাই।  আনহাতে, বুধবাৰে ৰূপৰ দাম যথেষ্ট বৃদ্ধি পালে। দীৰ্ঘদিন ধৰি সোণৰ দাম বৃদ্ধি হৈ আহিছে।  মে’ মাহৰ প্ৰথম দিনটোত ২৪ কেৰেট সোণৰ ১০ গ্ৰামৰ দাম আছিল ৫২,৮৯০ টকা।  মাহৰ শেষত ৫২ হাজাৰ ১০০ টকা।  জুন মাহত সোণৰ মূল্যত বিশেষ পৰিৱৰ্তন হোৱা নাছিল।  কিন্তু ২২ জুনৰ পৰা ১০ গ্ৰাম ২৪ কেৰেট সোণৰ দাম ৫২ হাজাৰ টকালৈ নামি আহিছে।  ইয়াৰ পিছত বুধবাৰে ৫১ হাজাৰলৈ হ্ৰাস পায়।

 সোণৰ আজিৰ দামে গহনা বজাৰত আশাৰ সৃষ্টি কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত