--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতীয়সকলৰ স্বৰ্ণপ্ৰিয়তা সৰ্বজনবিদিত ।
সুদীৰ্ঘদিন ধৰি সোণৰ দাম বৃদ্ধি হৈ আহিছিল ।তাতে ক’ভিদৰ পিছত মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে জনসাধাৰণক ৷ ফলত বিয়াৰ সময়খিনিৰ বাহিৰে গহনাৰ ব্যৱসায় একেবাৰে মন্দা হৈ পৰিছে৷ ব্যৱসায়ীসকলৰ পৰা জানিব পৰামতে আনকি  তৃতীয় অক্ষয়ৰো বজাৰ ভাল নাছিল। এই সময়ছোৱাত বহুতে সোণ বা সোণৰ গহনা কিনাটো ভাল বুলি গণ্য কৰে ।

প্ৰকৃততে ভাৰতত সোণৰ দাম আন্তৰ্জাতিক বজাৰৰ ওপৰত নিৰ্ভৰশীল।  ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়ত সোণৰ দাম পুনৰ বাঢ়িছিল।  কিন্তু আচৰিতভাৱে জুন মাহৰ শেষৰ ফালে সোণৰ দাম বহুত কমি গ’ল।  

২৪ কেৰেটৰ উপৰিও গহনা গঢ়া সোণৰ (২২ কেৰেট) মূল্যও কমি আহিছে।  মঙলবাৰৰ তুলনাত প্ৰতি ১০ গ্ৰামত ২৪ কেৰেট সোণৰ মূল্য ৯৬০ টকা হ্ৰাস পাইছে।  আনহাতে, একে পৰিমাণৰ ২২ কেৰেট সোণৰ মূল্য ৯০০ টকা হ্ৰাস পাইছে।  কেইবামাহৰ হিচাপৰ পৰা দেখা যায় যে এদিনত প্ৰতি ১০ গ্ৰাম সোণৰ দাম প্ৰায় এহেজাৰ টকা হ্ৰাস হোৱা নাই।  আনহাতে, বুধবাৰে ৰূপৰ দাম যথেষ্ট বৃদ্ধি পালে। দীৰ্ঘদিন ধৰি সোণৰ দাম বৃদ্ধি হৈ আহিছে।  মে’ মাহৰ প্ৰথম দিনটোত ২৪ কেৰেট সোণৰ ১০ গ্ৰামৰ দাম আছিল ৫২,৮৯০ টকা।  মাহৰ শেষত ৫২ হাজাৰ ১০০ টকা।  জুন মাহত সোণৰ মূল্যত বিশেষ পৰিৱৰ্তন হোৱা নাছিল।  কিন্তু ২২ জুনৰ পৰা ১০ গ্ৰাম ২৪ কেৰেট সোণৰ দাম ৫২ হাজাৰ টকালৈ নামি আহিছে।  ইয়াৰ পিছত বুধবাৰে ৫১ হাজাৰলৈ হ্ৰাস পায়।

 সোণৰ আজিৰ দামে গহনা বজাৰত আশাৰ সৃষ্টি কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ