--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ  এখন দেশ, এখন বজাৰ, এক কৰ- ২০১৭ চনৰ ০১ জুলাইৰ পৰা কাৰ্যকৰী হোৱা জিএছটি প্ৰৱৰ্তনৰ আঁৰৰ মূলমন্ত্ৰ হ’ল, এই ব্যৱস্থাই ১.৩ মিলিয়ন কৰদাতাক এক ঐক্যবদ্ধ পৰোক্ষ কৰ ব্যৱস্থাৰ অংশীদাৰ কৰিছিল।  জি এছ টি ৰূপায়ণৰ আঁৰৰ গভীৰ ধাৰণাটো আছিল যে ই সকলো অংশীদাৰক একেই সুবিধা প্ৰদান কৰিব, সেয়া কেন্দ্ৰৰ চৰকাৰেই হওক বা ৰাজ্যসমূহে হওক, কৰদাতাসকলেই হওক বা কৰ প্ৰশাসকসকলেই হওক।

 জি এছ টি বা সামগ্ৰী আৰু সেৱা কৰ হৈছে সামগ্ৰী আৰু সেৱাৰ যোগানৰ ওপৰত আৰোপ কৰা পৰোক্ষ কৰ।  ২০১৪ চনত নৰেন্দ্ৰ মোডীৰ চৰকাৰে শাসনভাৰ গ্ৰহণ কৰাৰ পিছতে কেইবাটাও গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰে ।  আজিৰপৰা পাঁচ বছৰ পূৰ্বে ২০১৭ চনৰ ১ জুলাই তাৰিখৰ পৰা ভাৰতত জি এচ টি প্ৰযোজ্য কৰা হৈছিল ।

ইয়াৰ বাবেই চৰকাৰ বহু ক্ষেত্ৰত লাভৱান হৈছে আৰু বহু কথাত চৰকাৰৰ লোকচানো হৈছে।  জিএছটিৰ পাঁচ বছৰ সম্পূৰ্ণ হোৱাৰ  দিনটোত জানো আহক ইয়াৰ সফলতা-বিফলতা আৰু এতিয়াও কি কি আঁসোৱাহ ৰৈ গৈছে ৷
জি এচ টি সংস্কাৰ-

লোকসভাই জি এচ টিৰ  কথাত অনুমোদন জনাইছিল ২৯ মাৰ্চ,২০১৭ তাৰিখে ।এই নতুন ব্যৱস্থাত ভেট (VAT), আবকাৰী শুল্ক, আৰু সেৱা কৰৰ দৰে প্ৰায় ১৭ টা কৰ একেবাৰে বিলুপ্ত কৰা হ’ল । আনকি ক্ষুদ্ৰ  ব্যৱসায়ীসকলৰ সুবিধাৰ্থে চৰকাৰে ৪০ লাখ টকাৰ বাৰ্ষিক লাখ টকাৰ লেনদেন থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক জিএছটিৰ পৰিসৰৰ পৰা ৰেহাই দিয়া হৈছিল।  ইয়াৰ বাহিৰেও যিসকল ব্যৱসায়ৰ বাৰ্ষিক লেনদেন আছিল ১.৫ কোটি টকা, তেওঁলোকক কম্পোজিচন আঁচনিৰ অধীনত মাত্ৰ ১ শতাংশ কৰ জমা কৰিবলৈ অনুমতি দিয়া হৈছিল।  যিসকল সেৱা প্ৰদানকাৰীৰ টাৰ্ণ অভাৰ ৫০ লাখ টকা পৰ্যন্ত আছিল, তেওঁলোকে পাব মাত্ৰ ৬ শতাংশ ৷ইয়াৰ পিছত অৱশ্যে জি এচ টিৰ ক্ষেত্ৰত বহুতো সালসলনি ঘটোৱা হৈছে  ।

পিছে দেশত জি এচ টি প্ৰযোজ্য হোৱাৰ কিছুদিন পিছতেই কৰোণা মহামাৰীয়ে দেশত ব্যৱসায়ৰ ক্ষেত্ৰখনত বিৰূপ প্ৰভাৱ পেলায়  ।দেশৰ অৰ্থনীতি মন্দা হৈ পৰে ।কিন্তু এই বছৰ জি এচ টিৰ পৰা এপ্ৰিলত চৰকাৰে অভিলেখসংখ্যক ১.৬৮ লাখ কোটি টকাৰ লাভ হয় ।

অৱশ্যে জি এচ টিক লৈ আৱশ্যে ৰাজ্যসমূহৰ অভিযোগৰো অন্ত নাই ৷ জি এচ টি প্ৰযোজ্য কৰাৰ সময়ত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত বহু কথাত ঐক্যমত আছিল । কিন্তু এই পাঁচ বছৰে পুঁজিৰ বিতৰণক লৈ ৰাজ্য চৰকাৰসমূহ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত বহু বিবাদ দেখিবলৈ পোৱা গৈছে । বিজেপিৰ শাসন নথকা ৰাজ্যকেইখনে প্ৰায়েই জি এচ টিৰ বিৰোধীতা কৰি আহিছে ।এতিয়াও জি এচ টিৰ ক্ষতিপূৰণক লৈ বিবাদ চলি আছে ।

অৱশ্যে শেহতীয়াকৈ জানিব পৰামতে জুনমাহৰ জি এচ টি সংগ্ৰহ ১.৪৪ কোটি ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ