--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ আজি ১৬ বছৰীয়া জয়ন্তী। ১৬ বছৰ পূৰ্বে সন্ত্ৰাসবাদী আক্ৰমণে কঁপাই তুলিছিল দেশৰ বাণিজ্যিক চহৰ মুম্বাইক৷ পাকিস্তানী সন্ত্ৰাসবাদীয়ে মুম্বাইৰ তাজ হোটেল, অবেৰয় ট্ৰাইডেণ্ট হোটেল, চি এছ টি ৰেলৱে ষ্টেচন আৰু নৰিমান হাউছৰ প্ৰধান স্থানত আক্ৰমণে সন্ত্ৰাসিত কৰিছিল দেশক। এই আক্ৰমণত ১৬৬ জন নিৰীহ লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হৈছিল।

ভাৰতীয় নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে নিজৰ জীৱন বিপন্ন কৰি আক্ৰমণকাৰীক হত্যা কৰে আৰু ইয়াৰে এজন আজমল কাছাবক জীৱিত অৱস্থাত বন্দী কৰাত সফল হৈছিল নিৰাপত্তা বাহিনী। দীৰ্ঘদিনীয়া বিচাৰৰ অন্তত ২০১২ চনৰ ২১ নৱেম্বৰত মৃত্যুদণ্ড দিয়া হৈছিল।

আজি দেশকঁপাই যোৱা ২৬/১১ কাণ্ডত প্ৰাণ হেৰুৱা লোক সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বিভিন্ন জনে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, লোকসভাৰ বিৰোধী দলপতি আৰু কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে এই আক্ৰমণত প্ৰাণ হেৰুৱা লোক সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

অমিত শ্বাহে সামাজিক মাধ্যমত প’ষ্টত, সন্ত্ৰাসবাদ সমগ্ৰ মানৱ সভ্যতাৰ বাবে এক কলংক। সন্ত্ৰাসবাদৰ বিৰুদ্ধে মোদী চৰকাৰৰ শূন্য সহনশীলতাৰ নীতিক সমগ্ৰ বিশ্বই শলাগিছে বুলি কোৱাৰ লগতে আজি ভাৰত সন্ত্ৰাসবাদ বিৰোধী পদক্ষেপত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত হৈছে বুলি মন্তব্য কৰে।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ইনষ্টাগ্ৰামত লিখিছে, ২৬/১১ৰ মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হোৱা নাগৰিক সকলৰ লগতে মাতৃভূমিৰ ৰক্ষাৰ বাবে নিজৰ জীৱনৰ সৰ্বোচ্চ বলিদান দিয়া বীৰ জোৱান সকললৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

২০০৮ চনত সমগ্ৰ জাতিটোক জোকাৰি যোৱা ২৬/১১ৰ ভয়াবহ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ সকলো শ্বহীদ আৰু ভুক্তভোগীলৈ কংগ্ৰেছেও নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে সদায় শত্ৰুৰ সন্মুখত দৃঢ়তাৰে থিয় দি অহাৰ লগতে আমাৰ দেশৰ প্ৰতি নিৰ্দেশিত সকলো ধৰণৰ সন্ত্ৰাস আৰু ভাবুকিৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement