--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ আজি ১৬ বছৰীয়া জয়ন্তী। ১৬ বছৰ পূৰ্বে সন্ত্ৰাসবাদী আক্ৰমণে কঁপাই তুলিছিল দেশৰ বাণিজ্যিক চহৰ মুম্বাইক৷ পাকিস্তানী সন্ত্ৰাসবাদীয়ে মুম্বাইৰ তাজ হোটেল, অবেৰয় ট্ৰাইডেণ্ট হোটেল, চি এছ টি ৰেলৱে ষ্টেচন আৰু নৰিমান হাউছৰ প্ৰধান স্থানত আক্ৰমণে সন্ত্ৰাসিত কৰিছিল দেশক। এই আক্ৰমণত ১৬৬ জন নিৰীহ লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হৈছিল।

ভাৰতীয় নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে নিজৰ জীৱন বিপন্ন কৰি আক্ৰমণকাৰীক হত্যা কৰে আৰু ইয়াৰে এজন আজমল কাছাবক জীৱিত অৱস্থাত বন্দী কৰাত সফল হৈছিল নিৰাপত্তা বাহিনী। দীৰ্ঘদিনীয়া বিচাৰৰ অন্তত ২০১২ চনৰ ২১ নৱেম্বৰত মৃত্যুদণ্ড দিয়া হৈছিল।

আজি দেশকঁপাই যোৱা ২৬/১১ কাণ্ডত প্ৰাণ হেৰুৱা লোক সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বিভিন্ন জনে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, লোকসভাৰ বিৰোধী দলপতি আৰু কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে এই আক্ৰমণত প্ৰাণ হেৰুৱা লোক সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

অমিত শ্বাহে সামাজিক মাধ্যমত প’ষ্টত, সন্ত্ৰাসবাদ সমগ্ৰ মানৱ সভ্যতাৰ বাবে এক কলংক। সন্ত্ৰাসবাদৰ বিৰুদ্ধে মোদী চৰকাৰৰ শূন্য সহনশীলতাৰ নীতিক সমগ্ৰ বিশ্বই শলাগিছে বুলি কোৱাৰ লগতে আজি ভাৰত সন্ত্ৰাসবাদ বিৰোধী পদক্ষেপত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত হৈছে বুলি মন্তব্য কৰে।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ইনষ্টাগ্ৰামত লিখিছে, ২৬/১১ৰ মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হোৱা নাগৰিক সকলৰ লগতে মাতৃভূমিৰ ৰক্ষাৰ বাবে নিজৰ জীৱনৰ সৰ্বোচ্চ বলিদান দিয়া বীৰ জোৱান সকললৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

২০০৮ চনত সমগ্ৰ জাতিটোক জোকাৰি যোৱা ২৬/১১ৰ ভয়াবহ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ সকলো শ্বহীদ আৰু ভুক্তভোগীলৈ কংগ্ৰেছেও নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে সদায় শত্ৰুৰ সন্মুখত দৃঢ়তাৰে থিয় দি অহাৰ লগতে আমাৰ দেশৰ প্ৰতি নিৰ্দেশিত সকলো ধৰণৰ সন্ত্ৰাস আৰু ভাবুকিৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত