--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভৰতৰ নিৰ্বাচনত ভোট গ্ৰহণৰ বাবে ব্যৱহাৰ কৰা ইভিএম যন্ত্ৰৰ আসোঁৱাহ পূৰ্ণ তথা টেম্পাৰিং হোৱাৰ বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে৷ শেহতীয়া কৈ ভাৰতত নিৰ্বাচনৰ সময়ত ইভিএমৰ পৰিৱৰ্তে বেলট পেপাৰৰ জৰিয়তে ভোটগ্ৰহণ কৰিবৰ বাবে কৰা আবেদন নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে।

ন্যায়াধীশ বিক্ৰম নাথে গুচৰৰ শুনানি গ্ৰহন কৰি কয় যে, চন্দ্ৰবাবু নাইডু বা ৰেড্ডী যেতিয়া পৰাস্ত হয় তেতিয়া তেওঁলোকে কয় যে ইভিএম টেম্পাৰিং কৰা হৈছে কিন্তু জয়ী হ’লে তেওঁলোকে একো নকয়। ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে আবেদন নাকচ কৰা বুলি কয়।

শুনানিৰ সময়ত আবেদনকাৰীয়ে কয় যে শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত মাফিয়াক দেখিছো। পিআইএলত বিধায়কসকলে ভিতৰলৈ গৈ ইভিএম ভাঙি পেলোৱাৰ প্ৰমাণ দেখিছোঁ। ১৮০খন দেশ আৰু বিশ্বৰ সকলো গণতন্ত্ৰই এবাৰ ইভিএম ব্যৱহাৰ কৰিছে। আৰু ইলন মাস্কে স্পষ্টকৈ কৈছিল যে ইভিএমৰ টেম্পাৰিং কৰিব পাৰি। আবেদনখনত উল্লেখ কৰা আন অভিযোগৰ ভিতৰত নিৰ্বাচনত দুৰ্নীতি সংঘটিত কৰা প্ৰাৰ্থীক অযোগ্য ঘোষণা কৰাও অন্তৰ্ভুক্ত আছে।

আবেদনকাৰীয়ে লগতে কয় যে ন্যায়ালয়ত এই অবেদনৰ উদ্দেশ্য হৈছে নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। গণতন্ত্ৰৰ এনেদৰে মৃত্যুৰ মুখলৈ গৈ থাকিলে আৰু একো নকৰিলে ভৱিষ্যত কি হ’ব? ৰাজনৈতিক দলসমূহক উত্তৰ বিচাৰি আবেদন দাখিল কৰিবলৈ দিয়াৰ পৰিৱৰ্তে কিন্তু উচ্চতম ন্যায়ালয়ে আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ হে কৰিলে

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত