--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভৰতৰ নিৰ্বাচনত ভোট গ্ৰহণৰ বাবে ব্যৱহাৰ কৰা ইভিএম যন্ত্ৰৰ আসোঁৱাহ পূৰ্ণ তথা টেম্পাৰিং হোৱাৰ বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে৷ শেহতীয়া কৈ ভাৰতত নিৰ্বাচনৰ সময়ত ইভিএমৰ পৰিৱৰ্তে বেলট পেপাৰৰ জৰিয়তে ভোটগ্ৰহণ কৰিবৰ বাবে কৰা আবেদন নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে।

ন্যায়াধীশ বিক্ৰম নাথে গুচৰৰ শুনানি গ্ৰহন কৰি কয় যে, চন্দ্ৰবাবু নাইডু বা ৰেড্ডী যেতিয়া পৰাস্ত হয় তেতিয়া তেওঁলোকে কয় যে ইভিএম টেম্পাৰিং কৰা হৈছে কিন্তু জয়ী হ’লে তেওঁলোকে একো নকয়। ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে আবেদন নাকচ কৰা বুলি কয়।

শুনানিৰ সময়ত আবেদনকাৰীয়ে কয় যে শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত মাফিয়াক দেখিছো। পিআইএলত বিধায়কসকলে ভিতৰলৈ গৈ ইভিএম ভাঙি পেলোৱাৰ প্ৰমাণ দেখিছোঁ। ১৮০খন দেশ আৰু বিশ্বৰ সকলো গণতন্ত্ৰই এবাৰ ইভিএম ব্যৱহাৰ কৰিছে। আৰু ইলন মাস্কে স্পষ্টকৈ কৈছিল যে ইভিএমৰ টেম্পাৰিং কৰিব পাৰি। আবেদনখনত উল্লেখ কৰা আন অভিযোগৰ ভিতৰত নিৰ্বাচনত দুৰ্নীতি সংঘটিত কৰা প্ৰাৰ্থীক অযোগ্য ঘোষণা কৰাও অন্তৰ্ভুক্ত আছে।

আবেদনকাৰীয়ে লগতে কয় যে ন্যায়ালয়ত এই অবেদনৰ উদ্দেশ্য হৈছে নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। গণতন্ত্ৰৰ এনেদৰে মৃত্যুৰ মুখলৈ গৈ থাকিলে আৰু একো নকৰিলে ভৱিষ্যত কি হ’ব? ৰাজনৈতিক দলসমূহক উত্তৰ বিচাৰি আবেদন দাখিল কৰিবলৈ দিয়াৰ পৰিৱৰ্তে কিন্তু উচ্চতম ন্যায়ালয়ে আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ হে কৰিলে

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ