--°C
Loading...
Listen to Article
2 min read
80%
ডিটিলেড ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) প্ৰেৰণ কৰা আদিত্য এল ১ মহাকাশযানখনে লাভ কৰিছে সূৰ্য্যৰ বিষয়ে নতুন তথ্য। মহাকাশযানখন এতিয়াও লেগ্ৰেঞ্জ পইণ্টৰ দিশে আগবাঢ়িছে। ইফালে মহাকাশযানখনে সৌৰ জুইকুৰাৰ প্ৰথম এক্স-ৰেৰ ছবি প্ৰেৰণ কৰে।

আদিত্য এল ১ ত আছে এল ১ অৰ্বিটিং এক্স-ৰে স্পেকট্ৰমিটাৰ। ইয়াৰ জৰিয়তে সূৰ্য্যৰ শিখাৰ বিস্ফোৰণৰ এটা পৰ্যায় ধৰা পৰিছে। এই সৌৰজ্বলবোৰ সূৰ্য্যৰ পৃষ্ঠত হোৱা বিস্ফোৰণৰ ফলত সৃষ্টি হয়। এই শিখাই প্ৰধানকৈ এক্স-ৰে আৰু অতিবেঙুনীয়া পোহৰ নিৰ্গত কৰে। সূৰ্য্যৰ বায়ুমণ্ডলত জমা হৈ থকা চুম্বকীয় শক্তি মুক্ত হ’লে সৌৰজ্বল উৎপন্ন হয় বুলি বিশ্বাস কৰা হয়। আদিত্য এল ১ য়ে ২৯ অক্টোবৰত প্ৰায় ১০ ঘণ্টা ধৰি প্ৰথম পৰ্যবেক্ষণ কৰিছিল। এই সৌৰ জুইকুৰাৰ এটা পৰ্যায় তেতিয়া ধৰা পৰিছিল।

২০২৩ চনৰ ২ ছেপ্টেম্বৰত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা সূৰ্য্যৰ ফালে উৰা মাৰিছিল আদিত্য এল ১। এই অভিযান হৈছে সূৰ্য্য আৰু পৃথিৱীৰ জলবায়ুৰ ওপৰত ইয়াৰ প্ৰভাৱ বুজি পোৱা। আদিত্য-এল১ সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ L1 বিন্দুত উপস্থিত হৈ সূৰ্য্যক নিবিড়ভাৱে নিৰীক্ষণ কৰিব। পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব হ’ব ১৫ লাখ কিলোমিটাৰ। ইয়াৰ ফলস্বৰূপে বিজ্ঞানীসকলে সূৰ্য্যৰ বিষয়ে বহুতো অজ্ঞাত তথ্য জানিব পাৰিব বুলি আশা কৰা হৈছে। ইছৰোৱে সূৰ্য্যৰ ক’ৰ’না, আলোকমণ্ডল আৰু ক্ৰম’স্ফিয়াৰৰ বিষয়েও বহু অজ্ঞাত তথ্য লাভ কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ