--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যৌন নিৰ্যাতনৰ অভিযোগ তুলি প্ৰতিবাদ অব্যাহত ৰখা মল্লযোদ্ধাসকলৰ প্ৰতি এইবাৰ সমৰ্থন জনালে বিজেপিৰে নেতাই৷  প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ সিং আৰু হাৰিয়ানাৰ শক্তি মন্ত্ৰী ৰঞ্জিত সিং চৌটালাই শেহতীয়াকৈ মল্লযোদ্ধাসকলৰ পক্ষ লৈ কয় যে "তেওঁলোকৰ দ্বাৰা উত্থাপিত অভিযোগ গুৰুতৰ "।

 হাৰিয়ানাৰ বাসিন্দা বিনেশ ফোগাট, বজৰং পুনিয়া আৰু সাক্ষী মালিককে ধৰি প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলে কুস্তি ফেডাৰেচন অৱ ইণ্ডিয়াৰ (ডব্লিউএফআই) সভাপতি তথা বিজেপি সাংসদ ব্ৰজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে৷ সিঙৰ  বিৰুদ্ধে তেওঁলোকে যৌন নিৰ্যাতন আৰু অপৰাধমূলক ভাবুকিৰ অভিযোগ উত্থাপন কৰিছে। জ্যেষ্ঠ বিজেপি নেতা বীৰেন্দ্ৰ সিঙে কয়: "এই বিষয়ত এটা নিৰপেক্ষ তদন্ত হ'ব যিয়ে আন্দোলনকাৰী খেলুৱৈসকলক সন্তুষ্ট কৰিব’’।  তেওঁ লগতে কয় যে আমাৰ দেশত মল্লযুদ্ধত মহিলাসকলৰ অংশগ্ৰহণ খুব বেছিদিনৰ কথা  নহয়। সেয়েহে, তেওঁলোকক এই ক্ষেত্ৰত  উৎসাহিত লাগে ৷ আনহাতে মনোহৰ লাল খট্টৰ চৰকাৰক সমৰ্থন কৰা এজন নিৰ্দলীয়  বিধায়ক ৰঞ্জিত চৌটালাই লগতে কয় যে এনে ধৰণৰ  অভিযোগ উঠা ব্যক্তিয়ে নিজকে ৰক্ষা কৰিব নালাগে,  পদত্যাগৰ প্ৰস্তাৱ দিব লাগে। 

প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী দেৱী লালৰ পুত্ৰ ৰঞ্জিত চৌটালাই লগতে কয়, "লাল বাহাদুৰ শাস্ত্ৰীয়ে ১৯৫৬ চনত এটা ৰে’ল দুৰ্ঘটনাৰ বাবে পদত্যাগ পত্ৰ প্ৰদান কৰিছিল। মই হাৰিয়ানা মন্ত্ৰীসভাৰ পৰা আন ছয়জন মন্ত্ৰীৰ সৈতে পদত্যাগ কৰিছিলো যেতিয়া মেহামত (১৯৯০ চনত) গুলীচালনা হৈছিল ষ সেই ঘটনাত আঠজন লোকৰ মৃত্যু হৈছিল। সত্যটো সোনকালে ৰাইজৰ সন্মুখলৈ আহিব লাগে আৰু মই অনুভৱ কৰো যে এয়া  দীঘলীয়া হৈ থকা উচিত নহয়। চৰকাৰে জনসাধাৰণৰ বিশ্বাস আদায় কৰিব   লাগে।" 

উল্লেখ্য দিল্লীৰ যন্তৰ মন্তৰত ন্যায় লাভৰ আশাত প্ৰতিবাদ কৰি অহা মল্লযোদ্ধাসকলৰ কাষত থিয় দিছে কেইবাটাও বিৰোধী ৰাজনৈতিক দলৰ নেতা-নেত্ৰীয়ে৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, কৰ্ণাটক কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকমাৰ, কেৰালা কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ, আৰএলডিৰ মুৰব্বী জয়ন্ত সিনহা আৰু দিল্লীৰ শাসনাধিষ্ঠ আম আদমী পাৰ্টীকে ধৰি বিৰোধী দলৰ নেতাসকলে শুকুৰবাৰে ভাৰতীয় ডব্লিউএফএছৰসভাপতি ব্ৰজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে  আন্দোলন কৰি থকা শীৰ্ষ মল্লযোদ্ধাসকলৰ প্ৰতি   চৰ্তহীন সমৰ্থন আগবঢ়াইছে।  মল্লযোদ্ধাসকলৰ প্ৰতিবাদৰ বিষয়ত  ক্ৰিয়া প্ৰকাশ কৰি বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়, "আমি সকলোৱে প্ৰতিবাদ কৰি থকা মল্লযোদ্ধাসকলৰ সৈতে থিয় দিব লাগিব। তেওঁলোকে ন্যায় লাভৰ বাবে অপেক্ষা কৰিছে৷  আমাৰ খেলুৱৈসকল আমাৰ দেশৰ গৌৰৱ। তেওঁলোক চেম্পিয়ন। দোষীসকলক তেওঁলোকৰ ৰাজনৈতিক প্ৰভাৱ নিৰ্বিশেষে আইনৰ কাঠগড়ালৈ  আনিব লাগিব। ন্যায় ৰক্ষা কৰিবই লাগিব। সত্য জিকিবই লাগিব।"  

কৰ্ণাটক কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকুমাৰে কয়, "এখন ৰাষ্ট্ৰ হিচাপে আমি লজ্জিত  যে অলিম্পিকৰ পদক বিজয়ী খেলুৱৈসকলে বাৰে বাৰে প্ৰতিবাদত বহিবলগীয়া হৈছে৷ কিন্তু বিজেপি নিয়ন্ত্ৰিত দিল্লী আৰক্ষীয়ে এজাহাৰ গ্ৰহণ নকৰে। বিজেপি নেতাসকল আইনৰ উৰ্ধত থকা যেন লাগিছে। তেওঁলোকৰ বাবে  পৃথক আইপিচি আছে নেকি?’’ আৰএলডিৰ মুৰব্বী জয়ন্ত সিঙে টুইটাৰত কয় , "চিআৰপিচিৰ প্ৰথম অনুসূচীৰ অধীনত উৎপীড়ন এক জঘন্য অপৰাধ । ললিতা কুমাৰী বনাম উত্তৰ প্ৰদেশ ৰাজ্য (২০১৩)ৰ  গোচৰৰ পাঁচ জনীয়া বিচাৰপীঠৰ ৰায়ৰ পিছত, তাৎক্ষণিকভাৱে এজাহাৰ পঞ্জীয়নত কোনো বাধা নাই।

এজাহাৰ গ্ৰহণৰ পূৰ্বে চৰকাৰে প্ৰাথমিক তদন্তৰ বাবে কেনেকৈ অনুৰোধ কৰিব পাৰে?" মল্লযোদ্ধাসকলৰ  সৈতে একাত্মতা প্ৰকাশ কৰি ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও তেওঁলোকক সমৰ্থন আগবঢ়ায় আৰু বিষয়টো উচ্চতম ন্যায়ালয়ৰ এজন বৰ্তমানৰ ন্যায়াধীশৰ দ্বাৰা স্বতন্ত্ৰ তদন্ত কৰোৱাৰ দাবী জনায়। গেহলটে কয় "দিল্লীৰ যন্তৰ মন্তৰত ন্যায়ৰ বাবে যুঁজি থকা সাহসী মহিলা মল্লযোদ্ধাসকলৰ প্ৰতি মই  সমৰ্থন প্ৰকাশ কৰিছো। যিহেতু দিল্লী আৰক্ষীয়ে তেওঁলোকৰ যৌন নিৰ্যাতনৰ অভিযোগত এজাহাৰগ্ৰহণ  কৰিবলৈও অস্বীকাৰ কৰিছে ৷ মই আশা কৰো যে ন্যায়পালিকাই পদক্ষেপ ল'ব আৰু উচ্চতম ন্যায়ালয়ৰ এজন বৰ্তমানৰ ন্যায়াধীশৰ দ্বাৰা স্বতন্ত্ৰ তদন্তৰ নিৰ্দেশ দিব। ’’ দিল্লীৰ শাসনাধিষ্ঠ দল  আপে কয় যে "ন্যায় বিলম্বিত হৈছে ন্যায় অস্বীকাৰ কৰা হৈছে!!️" 









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ পর্যটনক নতুন গতি প্ৰদানৰ লক্ষ্য; গুৱাহাটীলৈ আহিব ‘গানছ এন ৰ’জেছ’
পৃথিৱীক চুই যাব সৌৰ ধুমুহাই
‘দৈনিক জনমভূমি’ৰ জ্যেষ্ঠ সাংবাদিক কিশোৰ গোস্বামীলৈ ‘দেৱকুমাৰ বৰা সোঁৱৰণি মিডিয়া ফেল’শ্বিপ’
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল মৰাণৰ অমৰ চাওৰা; পাঞ্জা খেলত দুটাকৈ সোণৰ পদক অৰ্জন
অসম মীন উন্নয়ন নিগম কেলেংকাৰী: চিআইডিৰ জালত দুজনকৈ উচ্চপদস্থ বিষয়া
গুৱাহাটী বিমানবন্দৰৰ নতুন সংহত টাৰ্মিনেলৰ বাণিজ্যিক সেৱা আৰম্ভ, উত্তৰ-পূবৰ যোগাযোগত নতুন দিগন্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement