--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে কাইলৈ অৰ্থাৎ ২১ অক্টোবৰৰ দিনটোত দেশৰ  অভিলাসী   মহাকাশ অভিযান গগনযানৰ এক গুৰুত্বপূৰ্ণ পৰীক্ষা কৰিবলৈ সাজু হৈছে৷মহাকাশলৈ মানৱ প্ৰেৰণৰ প্ৰথম পদক্ষেপ হিচাবে কাইলৈৰ পৰীক্ষণটো সম্পন্ন কৰা হ’ব। 

কাইলৈ  ঐতিহাসিক সফলতাৰ বাবে ইছৰোই 'বিফলতা'ৰ মাজৰে সফলতাৰ সপোন দেখিছে।  ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ  মতে, গগনযান মিছনৰ প্ৰথম 'টেষ্ট ফ্লাইট' (টেষ্ট ভেহিকেল এবৰ্ট মিছন-১) সপ্তমীৰ দিনা অনুষ্ঠিত কৰা হ'ব।পুৱা ৭ৰ পৰা ৯ বজাৰ ভিতৰত সম্পন্ন কৰা হ’ব এই পৰীক্ষণ।  পৰীক্ষামূলক উৰণৰ জৰিয়তে ইছৰোৱে জানিব বিচাৰিব যে প্ৰকৃত গগনযান অভিযানৰ সময়ত কোনো সমস্যা হ'লে মহাকাশচাৰীসকলৰ সুৰক্ষা কেনেদৰে নিশ্চিত কৰা হ'ব। বিশেষজ্ঞসকলৰ মতে ইছৰোৱে প্ৰথম পৰীক্ষামূলক উৰণৰ সময়ত কৰ্মচাৰীৰ সুৰক্ষিত অৱতৰণৰ প্ৰণালীৰ বিষয়ে  পৰীক্ষা কৰিব।
 মহাকাশযানখনে  অভিযানৰ পিছত পুনৰ পৃথিৱীলৈ  ঘূৰি আহিব।  ইছৰোৰ মতে ক্ৰু মডিউল আৰু ক্ৰু এস্কেপ মডিউল ভূপৃষ্ঠৰ পৰা প্ৰায় ১৭  কিলোমিটাৰ ওপৰলৈ গৈ  পৃথক হৈ পৰিব। ইয়াৰ পিছতে যান খনত থকা একাধিক পেৰাচুট খোল খাই যাব। সেই পেৰাছুটৰ সহায়তে যান খনে  লাহে লাহে পৃথিৱীলৈ নামি আহিব। যান খনক  সাগৰত অৱতৰণ কৰোৱা হ'ব।যান খনে ক'ত অৱতৰণ কৰিব সেই স্থানো ইছৰোৱে নিৰ্ধাৰণ কৰি ৰাখিছে। টিভি-বি-১ ক্ৰু মডিউলটো অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ উপকূলৰ পৰা ১০ কিলোমিটাৰ দূৰত বংগোপসাগৰত অৱতৰণ কৰিব।পিছত যান খন ভাৰতীয় নৌসেনাই উদ্ধাৰ কৰিব। সেই উদ্দেশ্যে এখন জাহাজ সুৰক্ষিত দূৰত্বত সাজু কৰি ৰখা  হৈছে। জাহাজ খনত সুদক্ষ ডুবাৰু থাকিব। তেওঁলোকেই  ক্ৰেইনৰ সহায়ত ক্ৰু মডিউলটো পানীৰ পৰা উঠোৱাত সহায় কৰিব।

 মিছনটোৰ প্ৰকল্প সঞ্চালক আৰ হাটনেকিছুদিন পূৰ্বে সংবাদমাধ্যমক জনাইছিল যে  ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) বৰ্তমান চাৰিজন মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণৰ বাবে প্ৰশিক্ষণ দি আছে আৰু ভৱিষ্যতে   মানৱ অভিযানৰ লক্ষ্যৰ বাবে দলটো সম্প্ৰসাৰিত কৰিব বিচাৰিছে । 

গগনযান অভিযানৰ উদ্দেশ্য হৈছে এক মানৱ-বাসযোগ্য মহাকাশ কেপচুল বিকশিত কৰা,   যি কেপচুলে  তিনি জন মহাকাশচাৰীক  তিনি দিনৰ বাবে ভূপৃষ্ঠৰ পৰা ৪০০ কিলোমিটাৰ ওপৰৰ  কক্ষপথলৈ লৈ যাব৷ পিছত যান খন পুনৰ   ভাৰত মহাসাগৰৰ সুৰক্ষিত স্থানলৈ উভতি আহিব। 

ইছৰোৱে কৈছিল  যে  গগনযান অভিযান  সম্পূৰ্ণ হোৱাৰ পিছত মহাকাশত মানুহৰ নিৰন্তৰ উপস্থিতি সম্ভৱ হৈ উঠিব। ক্ৰু এস্কেপ চিষ্টেম পৰীক্ষা কৰাৰ উদ্দেশ্য  হৈছে জৰুৰীকালীন অৱস্থাত মহাকাশচাৰীসকলক সুৰক্ষিতভাবে কেপচুলৰ পৰা কেনেকৈ উলিয়াই আনি পাৰি সেয়া পৰীক্ষা কৰা৷  গগনযানৰ  চূড়ান্ত উৎক্ষেপণ পৰ্যায়ৰ আগতে অন্যান্য পৰীক্ষাও কৰা হ’ব বুলি  হাটনে জনাইছিল৷ এই অভিযানৰ বাবে প্ৰায় ৯০.২৩  বিলিয়ন ভাৰতীয় টকা (১.১বিলিয়ন ডলাৰ) আৱণ্টন কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ