--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে কাইলৈ অৰ্থাৎ ২১ অক্টোবৰৰ দিনটোত দেশৰ  অভিলাসী   মহাকাশ অভিযান গগনযানৰ এক গুৰুত্বপূৰ্ণ পৰীক্ষা কৰিবলৈ সাজু হৈছে৷মহাকাশলৈ মানৱ প্ৰেৰণৰ প্ৰথম পদক্ষেপ হিচাবে কাইলৈৰ পৰীক্ষণটো সম্পন্ন কৰা হ’ব। 

কাইলৈ  ঐতিহাসিক সফলতাৰ বাবে ইছৰোই 'বিফলতা'ৰ মাজৰে সফলতাৰ সপোন দেখিছে।  ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ  মতে, গগনযান মিছনৰ প্ৰথম 'টেষ্ট ফ্লাইট' (টেষ্ট ভেহিকেল এবৰ্ট মিছন-১) সপ্তমীৰ দিনা অনুষ্ঠিত কৰা হ'ব।পুৱা ৭ৰ পৰা ৯ বজাৰ ভিতৰত সম্পন্ন কৰা হ’ব এই পৰীক্ষণ।  পৰীক্ষামূলক উৰণৰ জৰিয়তে ইছৰোৱে জানিব বিচাৰিব যে প্ৰকৃত গগনযান অভিযানৰ সময়ত কোনো সমস্যা হ'লে মহাকাশচাৰীসকলৰ সুৰক্ষা কেনেদৰে নিশ্চিত কৰা হ'ব। বিশেষজ্ঞসকলৰ মতে ইছৰোৱে প্ৰথম পৰীক্ষামূলক উৰণৰ সময়ত কৰ্মচাৰীৰ সুৰক্ষিত অৱতৰণৰ প্ৰণালীৰ বিষয়ে  পৰীক্ষা কৰিব।
 মহাকাশযানখনে  অভিযানৰ পিছত পুনৰ পৃথিৱীলৈ  ঘূৰি আহিব।  ইছৰোৰ মতে ক্ৰু মডিউল আৰু ক্ৰু এস্কেপ মডিউল ভূপৃষ্ঠৰ পৰা প্ৰায় ১৭  কিলোমিটাৰ ওপৰলৈ গৈ  পৃথক হৈ পৰিব। ইয়াৰ পিছতে যান খনত থকা একাধিক পেৰাচুট খোল খাই যাব। সেই পেৰাছুটৰ সহায়তে যান খনে  লাহে লাহে পৃথিৱীলৈ নামি আহিব। যান খনক  সাগৰত অৱতৰণ কৰোৱা হ'ব।যান খনে ক'ত অৱতৰণ কৰিব সেই স্থানো ইছৰোৱে নিৰ্ধাৰণ কৰি ৰাখিছে। টিভি-বি-১ ক্ৰু মডিউলটো অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ উপকূলৰ পৰা ১০ কিলোমিটাৰ দূৰত বংগোপসাগৰত অৱতৰণ কৰিব।পিছত যান খন ভাৰতীয় নৌসেনাই উদ্ধাৰ কৰিব। সেই উদ্দেশ্যে এখন জাহাজ সুৰক্ষিত দূৰত্বত সাজু কৰি ৰখা  হৈছে। জাহাজ খনত সুদক্ষ ডুবাৰু থাকিব। তেওঁলোকেই  ক্ৰেইনৰ সহায়ত ক্ৰু মডিউলটো পানীৰ পৰা উঠোৱাত সহায় কৰিব।

 মিছনটোৰ প্ৰকল্প সঞ্চালক আৰ হাটনেকিছুদিন পূৰ্বে সংবাদমাধ্যমক জনাইছিল যে  ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) বৰ্তমান চাৰিজন মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণৰ বাবে প্ৰশিক্ষণ দি আছে আৰু ভৱিষ্যতে   মানৱ অভিযানৰ লক্ষ্যৰ বাবে দলটো সম্প্ৰসাৰিত কৰিব বিচাৰিছে । 

গগনযান অভিযানৰ উদ্দেশ্য হৈছে এক মানৱ-বাসযোগ্য মহাকাশ কেপচুল বিকশিত কৰা,   যি কেপচুলে  তিনি জন মহাকাশচাৰীক  তিনি দিনৰ বাবে ভূপৃষ্ঠৰ পৰা ৪০০ কিলোমিটাৰ ওপৰৰ  কক্ষপথলৈ লৈ যাব৷ পিছত যান খন পুনৰ   ভাৰত মহাসাগৰৰ সুৰক্ষিত স্থানলৈ উভতি আহিব। 

ইছৰোৱে কৈছিল  যে  গগনযান অভিযান  সম্পূৰ্ণ হোৱাৰ পিছত মহাকাশত মানুহৰ নিৰন্তৰ উপস্থিতি সম্ভৱ হৈ উঠিব। ক্ৰু এস্কেপ চিষ্টেম পৰীক্ষা কৰাৰ উদ্দেশ্য  হৈছে জৰুৰীকালীন অৱস্থাত মহাকাশচাৰীসকলক সুৰক্ষিতভাবে কেপচুলৰ পৰা কেনেকৈ উলিয়াই আনি পাৰি সেয়া পৰীক্ষা কৰা৷  গগনযানৰ  চূড়ান্ত উৎক্ষেপণ পৰ্যায়ৰ আগতে অন্যান্য পৰীক্ষাও কৰা হ’ব বুলি  হাটনে জনাইছিল৷ এই অভিযানৰ বাবে প্ৰায় ৯০.২৩  বিলিয়ন ভাৰতীয় টকা (১.১বিলিয়ন ডলাৰ) আৱণ্টন কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান