--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ২০২৩ বৰ্ষটো যেন ভাৰতৰ বাবে এক শুভ বৰ্ষ। এই বৰ্ষতে ভাৰতে চন্দ্ৰত চন্দ্ৰযান-৩ৰ সফল অৱতৰণ ঘটাইচে, সূৰ্যৰ গৱেষণাৰ বাবে যান প্ৰেৰণ কৰিছে। শনিবাৰে  ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) ভাৰতীয় মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণ কৰাৰ বাবে গ্ৰহণ কৰা গগনযান মিছনৰ সফল পৰীক্ষণ কৰিবলৈ সক্ষম হয়।  তৰল চালিত একক পৰ্যায়ৰ পৰীক্ষা বাহন টিভি-ডি১ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা শনিবাৰে মহাকাশলৈ উৰা মাৰে। গগনযান অভিযানৰ সময়ত  ভাৰতীয় মহাকাশচাৰীসকলৰ সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ  - ক্ৰু এস্কেপ চিষ্টেমৰ পৰীক্ষণ আজি সফলতাৰে সম্পন্ন কৰা হয়।

 যান খনত কোনো বিজুতিয়ে দেখা দিলে তাীত থকা মহাকাশচাৰীসকলে পুনৰ পৃথিৱীলৈ কিদৰে ঘূৰি আহিব সেয়া  পৰীক্ষা কৰিবলৈয়েই আজিৰ পৰীক্ষণটো কৰা হৈছিল। ইছৰোৰ মুৰব্বী এছ সোমনাথে ঘোষণা কৰিছে যে  মিছন সম্পূৰ্ণ আৰু প্ৰাপ্ত উদ্দেশ্য সাধন হৈছে।  যান খনত ধৰা পৰা এটা বিসংগতিৰ বাবে উৎক্ষেপণ বন্ধ ৰখা  হৈছিল, সেয়া  সংশোধন কৰাৰ পিছত  মহাকাশযানখন পুৱা ১০  বজাত উৎক্ষেপন কৰা হয়। । উৎক্ষেপণৰ প্ৰায় ৬১.১  ছেকেণ্ড পিছত  ভূপৃষ্ঠৰ পৰা ১১.৯  কিলোমিটাৰ উচ্চতাত যান খনৰ  ক্ৰু এস্কেপ চিষ্টেম ৰকেট বুষ্টাৰৰ পৰা পৃথক হয়। ইয়াৰ পিছতে  ই প্ৰতি ঘণ্টাত ৫৫০  কিলোমিটাৰ বেগত যাত্ৰা কৰিবলৈ ধৰে। 



ইয়াৰ পিছতে ড্ৰোগ পেৰাচুট সক্ৰিয় হৈ পৰে, ফলত যানখনৰ পৃথিৱীমুখী  অৱতৰণ লেহেম হয়।"  ইয়াৰ পিছতে নিৰ্ধাৰিত স্থানত যান খনৰ ক্ৰু এস্কেপ চিষ্টেমে অৱতৰণ কৰে। 

 টিভি-বি-১ ক্ৰু মডিউলটো অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ উপকূলৰ পৰা ১০ কিলোমিটাৰ দূৰত বংগোপসাগৰত অৱতৰণ কৰে।পিছত যান খন ভাৰতীয় নৌসেনাই উদ্ধাৰ কৰে। সেই উদ্দেশ্যে এখন জাহাজ সুৰক্ষিত দূৰত্বত সাজু কৰি ৰখা  হৈছিল। জাহাজ খনত সুদক্ষ ডুবাৰুও আছিল  । 

গগনযান অভিযানৰ উদ্দেশ্য হৈছে এক মানৱ-বাসযোগ্য মহাকাশ কেপচুল বিকশিত কৰা,   যি কেপচুলে  তিনি জন মহাকাশচাৰীক  তিনি দিনৰ বাবে ভূপৃষ্ঠৰ পৰা ৪০০ কিলোমিটাৰ ওপৰৰ  কক্ষপথলৈ লৈ যাব৷ পিছত যান খন পুনৰ   ভাৰত মহাসাগৰৰ সুৰক্ষিত স্থানলৈ উভতি আহিব। 

ইছৰোৱে কৈছিল  যে  গগনযান অভিযান  সম্পূৰ্ণ হোৱাৰ পিছত মহাকাশত মানুহৰ নিৰন্তৰ উপস্থিতি সম্ভৱ হৈ উঠিব। ক্ৰু এস্কেপ চিষ্টেম পৰীক্ষা কৰাৰ উদ্দেশ্য  হৈছে জৰুৰীকালীন অৱস্থাত মহাকাশচাৰীসকলক সুৰক্ষিতভাবে কেপচুলৰ পৰা কেনেকৈ উলিয়াই আনি পাৰি সেয়া পৰীক্ষা কৰা৷  গগনযানৰ  চূড়ান্ত উৎক্ষেপণ পৰ্যায়ৰ আগতে অন্যান্য পৰীক্ষাও কৰা হ’ব ৷ এই অভিযানৰ বাবে প্ৰায় ৯০.২৩  বিলিয়ন ভাৰতীয় টকা (১.১বিলিয়ন ডলাৰ) আৱণ্টন কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ