--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমি সকলোৱে জানো যে শিশুৰ বাবে মাতৃৰ দুগ্ধ আটাইতকৈ পুষ্টিকৰ খাদ্য। সেয়েহে শিশু বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে শিশুটিৰ জন্মৰ পৰা ৬ মাহৰ বাবে কেৱল মাতৃৰ গাখীৰহে খুৱাব লাগে। কাৰণ মাতৃদুগ্ধক শক্তি আৰু পুষ্টিৰ সৰ্বশ্ৰেষ্ঠ উৎস বুলি কোৱা হয়।


 বিশেষজ্ঞ ডাঃ ৰঞ্জনা সিঙে প্ৰকাশ কৰা অনুসৰি স্তনপান কৰাই থকা মহিলাসকলে তেওঁলোকৰ আহাৰত পুষ্টিকৰ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। পুষ্টিকৰ আহাৰ গ্ৰহণৰ ফলত নৱজাতক তথা মাতৃ দুয়ো স্বাস্থ্যৱান হৈ থাকে। কিন্তু বহু সময়ত স্তনপান কৰাই থকা মাতৃগৰাকীৰ মনত প্ৰশ্ন উত্থাপিত হয় যে তেওঁ কি ফল খাব পাৰে আৰু কোনবোৰ খাব নোৱাৰে? স্তনপান কৰোৱা মহিলাসকলে কোনবোৰ ফল খোৱা প্ৰয়োজন জানো আহক।

 ১. অমিতাঃ-স্তনপান কৰাই থকা মহিলাসকলৰ বাবে সেউজীয়া অমিতা অতি উপকাৰী। সেউজীয়া অমিতাক এক গালেক্টগগৰ উৎস বুলি গণ্য কৰা হয়। গেলাক্টগ' হৈছে এনে এবিধ পদাৰ্থ যিয়ে মাতৃদুগ্ধ উৎপাদনত সহায় কৰে। আনহাতে, সেউজীয়া অমিতাই মাতৃসকলক হাইড্ৰেটেড হৈ থকাত সহায় কৰে, যি স্তনপান কৰোৱাৰ সময়ত অতি আৱশ্যক। অমিতাই কোষ্ঠকাঠিন্য আঁতৰাই পাচনতন্ত্ৰ স্বাস্থ্যকৰ কৰি ৰখাত সহায় কৰে।

 ২. চিকুঃ-স্তনপান কৰোৱা মহিলাসকলৰ বাবে চিকু অতি লাভজনক ফল। কিয়নো চিকুত উচ্চ কেলৰি থাকে, যি স্তনপান কৰাই থকা মাতৃৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাহিৰেও চিকুত আঁহ, ভিটামিন আৰু বহুতো খনিজ পদাৰ্থ থাকে, যিবোৰ স্তনপান কৰোৱা মাতৃ আৰু কেঁচুৱা দুয়োৰে স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়।

 ৩. ডিমৰুঃ-ডিমৰু হৈছে এনে এক বস্তু যি শৰীৰক বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে। স্তনপান কৰাই থকা মহিলাসকলৰ বাবে ই অত্যন্ত লাভজনক। ইয়াত মেংগানিজ, মেগনেছিয়াম, কেলচিয়াম, লো আৰু পটাছিয়ামৰ দৰে বহুতো পুষ্টি থাকে। লগতে ডিমৰুত আঁহ, ভিটামিন-কে আৰু ভিটামিন-বি6ৰ এক উৎকৃষ্ট উৎস। সেয়েহে ইয়াক মাতৃ আৰু কেঁচুৱা দুয়োৰে স্বাস্থ্যৰ বাবে উপকাৰী।

 ৪. কলঃ-স্তন্যপান কৰোৱা মহিলাৰ বাবে কল উপকাৰী। কলক ছুপাৰ ফুডৰ শ্ৰেণীত ৰখা হয়, শৰীৰক পুষ্টি প্ৰদান কৰাৰ বাবে ইয়াৰ গ্ৰহণ এক সৰ্বশ্ৰেষ্ঠ আহাৰ বুলি গণ্য কৰা হয়। কলত আঁহ থাকে বাবে কোষ্ঠকাঠিন্য নিৰাময় কৰাত সহায় কৰে। শৰীৰত তৰল আৰু ইলেক্ট্ৰলাইটৰ ভাৰসাম্য বজাই ৰাখিবলৈ স্তনপান কৰোৱাৰ সময়ত কল এবিধ উপকাৰী ফল বুলি গণ্য কৰা হয়। সেয়েহে নিশ্চিতভাৱে আহাৰত কল অন্তৰ্ভুক্ত কৰিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ