--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাৱৰ এখন আদালতে ক্ৰিকেটাৰ সুৰেশ ৰাইনাৰ খুৰাকক হত্যা কৰাৰ অপৰাধত ১২ জন দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। লগতে আটাইকেইজন দোষীক ২ লাখ টকাকৈ জৰিমনা বিহিছে আদালতে। আদালতে কয় যে সকলো দোষীৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ আছে, সেয়েহে সকলোকে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।

তথ্য অনুসৰি এই গোচৰটো ২০২০ চনৰ পাথানকোটৰ থাৰিয়াল গাঁৱৰ। ইয়াত সুৰেশ ৰাইনাৰ খুৰাককে ধৰি কিছু লোক এটা ঘৰত উপস্থিত আছিল। আৰক্ষীয়ে জনোৱা মতে এই সময়ছোৱাত কিছু মহিলাকে ধৰি একাংশ লোকে ঘৰত প্ৰৱেশ কৰে। দুস্কৃতিকাৰীয়ে অস্ত্ৰৰ সহায়ত ঘৰৰ সকলোকে লুটপাত কৰে। লুণ্ঠনৰ বিৰোধিতা কৰাত সুৰেশ ৰাইনাৰ খুৰাককে ধৰি দুজন লোকক হত্যা কৰি পলাই যায় দুস্কৃতিকাৰীয়ে।

পঞ্জাৱৰ পাঠানকোট জিলা আদালতত দাখিল কৰা আৰক্ষীৰ অভিযোগনামাত কোৱা হয় যে দোষীসকলে সম্পূৰ্ণ পৰিকল্পিতভাৱে অপৰাধ সংঘটিত কৰিছিল। লুণ্ঠনৰ বিৰোধিতা কৰাত দুজন লোকক আক্ৰমণ কৰাৰ ফলত তেওঁলোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। আৰক্ষীয়ে হত্যা আৰু ডকাইতিৰ ধাৰাত গোচৰ ৰুজু কৰে। আদালতে স্পষ্ট কৰি দিছে যে যাৱজ্জীৱন কাৰাদণ্ডৰ বাহিৰেও সকলো দোষীয়ে ২ লাখ টকাকৈ জৰিমনা ভৰিব লাগিব।

এই গোটেই বিষয়টো আছিল শপুৰকান্দি থানাৰ। আদালতৰ এই সিদ্ধান্ত সন্দৰ্ভত গোচৰৰ অধিবক্তা হৰিশ পাথানিয়াই কয় যে মহিলাকে ধৰি মুঠ ১২জন লোক এই ডকাইতিৰ সৈতে জড়িত। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ