--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু মানুহৰে কাজু বাদাম প্ৰিয়। কাজু বাদাম বৰ দামী বাদাম। এই বাদাম মানুহে কেঁচাকৈ খোৱাৰ উপৰিও পায়স,ক্ষীৰ,মিঠাই আদি নানা ব্যঞ্জনত ব্যৱহাৰ কৰে। পোলাওটো কাজু বাদাম ব্যৱহাৰ হয়। কাজু বৰফিৰ সোৱাদেই সুকীয়া নহয় জানো.. আমাৰ শৰীৰৰ স্বাভাৱিক কাম-কাজৰ কাৰণে এই কাজু বাদামৰ যথেষ্ট উপকাৰিতা আছে। কাজুত প্ৰয়োজনীয় এণ্টি-অক্সিডেণ্ট গুণ থকাৰ লগতে ভিটামিন আৰু মিনাৰেলো আছে। 


কাজু বাদাম ব্ৰাজিলৰ পৰা পৰ্তুগীজসকলে আনি সমগ্ৰ বিশ্বতে চিনাকি কৰি দিছিল।ভাৰতলৈ কাজু বাদাম আহে ১৬ শতিকাত। কাজু বাদামক ইংৰাজীত Cashew বুলি কোৱা হয়। কাজু এবিধ অতি জনপ্ৰিয় শুকান ফল(Dry Fruits)  কাজু সচৰাচৰ ব্ৰাজিল,দক্ষিণ ভাৰত, বাংলাদেশ বা প্ৰখৰ ৰ'দ পৰা গ্ৰীষ্মপ্ৰধান অঞ্চলত উৎপাদন হয় । কাজুবাদামক শুকান ফলৰ ৰজা বুলি কোৱা হয় । আমাৰ শৰীৰৰ প্ৰায় সকলো ধৰনৰ পৌষ্টিক উপাদান যেনে- অধিক মাত্ৰাত প্ৰ’টিন ,ভিটামিন আইৰন, ক'পাৰ, কেলচিয়াম ,পটেচিয়াম মেগনেচিয়াম,চিলিয়াম ,মেংগানীজ,জিংক,ফাইবাৰ ,কেলৰী ,খনিজ ধাতব লবন , স্নেহ পদাৰ্থ আদি সুক্ষ্ম পোষক তত্বৰে (micro-nutrient) ভৰপুৰ কাজু বাদাম ।



কাজু বাদামৰ উপকাৰিতা


১)কাজুত যথেষ্ট পৰিমাণৰ কপাৰ থকাৰ বাবে চুলিৰ বাবেও আৱশ্যকীয়।এই কপাৰে চুলি পকাত বাধা দিয়ে।ইয়াৰ বাহিৰেও কাজুত থকা কেলচিয়াম আৰু মেগনেছিয়াম হাড়ৰ বাবে উপযোগী।

২)কাজু বাদামে ওজন কম কৰাত সহায় কৰে।কাজুত ভাল কলেষ্টেৰল আছে।সপ্তাহত দিনে দুবাৰকৈ কাজু বাদাম খালে ওজন কম কৰাত সহায় কৰে।

৩)কাজুত চেলেনিয়াম,কপাৰ,মেগনেছিয়াম  ইত্যাদি বহু এনজাইম থাকে। কাজুৱে আহাৰ হজম কৰাতো সহায় কৰে। 

৪) যথেষ্ট পৰিমাণৰ মেগনেছিয়াম থকা বাবে কাজু দাঁত আৰু দাঁতৰ আলুৰ বাবেও উপকাৰী। 

৫) কাজুৱে হৃৎপিণ্ড সুস্থ কৰি ৰাখে।



৬) কাজু বাদামত ভাল চৰ্বি থাকে,যিটোৱে বেয়া কলেষ্টেৰল এলভিএলৰ মাত্ৰা কম কৰাত সহায় কৰে।বহুতেই কাজু খালে শকত হয় বুলি ভয় কৰে, যিটো মিছা ধাৰণা।

৭) কাজুত যথেষ্ট পৰিমাণৰ মেগনেছিয়াম থাকে।ফলত মাংসপেশী আৰু স্নায়ুৰ সঠিক কামৰ বাবে আৱশ্যকীয় খাদ্য।

৮)কাজুৱে ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে।এইবিধ বাদামত ছডিয়াম কম থাকে।ইয়াৰ বিপৰীতে পটেছিয়াম বেছি থাকে।যাৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত সহায় হয়।

৯)কেন্সাৰ ৰোগৰ সম্ভাৱনীয়তা হ্ৰাস কৰাতো কাজু বাদামে সহায় কৰে।কাজুত চেলেনিয়াম,ভিটামিন –ই থাকে।যাৰ ফলত কেন্সাৰ ৰোগৰ প্ৰতিৰোধ ক্ষমতা শৰীৰত বৃদ্ধি কৰে।

১০)কাজুত বহু পৰিমাণে জিংক থকা বাবে ৰোগ সংক্ৰমণৰ বিৰুদ্ধে শৰীৰক প্ৰতিৰক্ষা দিয়াত সহায় কৰে।

১১) কাজুত উচ্চ মাত্ৰাত কপাৰ থাকে বাবে বহু পৰিমাণে এনজাইম শৰীৰে লাভ কৰে।বিশেষকৈ হৰম’নৰ উৎপাদনৰ লগতে মস্তিষ্কৰ কামত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে।

১২) কাজুৱে লোহিত ৰক্ত কণিকাৰ উপাদান গঠনতো সহায় কৰে বাবে ৰক্তহীনতা ৰোগ দূৰ হয়।



১৩) ১৬) নিয়মিত কাজু খালে পুৰুষ-নাৰীৰ যৌন ক্ষমতা বাঢ়ে । 

১৪) কাজু খালে দুৰ্বল,ৰুগীয়া বা নিৰোগী লোকৰ গাত বলশক্তি বাঢ়ে ।

১৫) সাধাৰণতে মহিলাসকলৰ মেন’পজৰ পাছত টোপনিৰ ব্যাঘাত জন্মে।এই সময়ত হৰম’নৰ পৰিৱৰ্তনৰ বাবে শৰীৰত যথেষ্ট প্ৰভাৱ পৰে।অযথা মানসিক চাপ হয়।এই ক্ষেত্ৰত নিয়মীয়াকৈ কাজু বাদাম প্ৰতিদিনে ৩/৪ টা খালে এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি।

১৬) বায়ু পিত্ত কফৰ সমতা ৰক্ষা কৰে কাজু বাদামে ।

যিহেতু কাজুত উচ্চ মাত্ৰাত কেল'ৰি থাকে সেয়ে সৰু লৰা-ছোৱালীয়ে এবাৰত ৩-৪টা ডাঙৰে ৪-৮টা কাজু বাদাম খালেই যথেষ্ট। আহক প্ৰকৃতিৰ অনুপম উপাদান কাজু বাদাম খাও আৰু সুস্বাস্থ্যৰ অধিকাৰী হও...




FOLLOW US F
POPULAR
FEATURE
TRENDY
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
মই সেই মুহূৰ্ততে এতিয়াও আবদ্ধ হৈ আছোঁ; আহমেদাবাদ বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশে যুঁজি আছে গুৰুতৰ ৰোগৰ সৈতে
জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুখত ভাগি পৰিছে এগৰাকী আইতা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী