--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বামীৰ পৰা পৃথকে বাস কৰা আৰু বিবাহ বিচ্ছেদ দাখিল কৰিব বিচৰা এগৰাকী মহিলাক ২৩ সপ্তাহৰ গৰ্ভাৱস্থা বন্ধ কৰাৰ অনুমতি দিছে দিল্লী উচ্চ ন্যায়ালয়ে। বৃহস্পতিবাৰে ই অনুমতি প্ৰদান কৰে ন্যায়ালয়ে।

ন্যায়াধীশ সুব্ৰমনিয়াম প্ৰসাদে উল্লেখ কৰে যে অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ (এইমছ) মেডিকেল ব’ৰ্ডে মতামত দিয়া মতে ভ্ৰুণটো স্বাভাৱিক আছিল আৰু গৰ্ভাৱস্থা বন্ধ কৰাটো নিৰাপদ আছিল।

উচ্চ ন্যায়ালয়ত ৩১ বছৰীয়া এগৰাকী মহিলাৰ আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে তেওঁ স্বামীৰ পৰা বিচ্ছিন্ন হৈছে আৰু সেয়েহে, গৰ্ভধাৰণ অব্যাহত ৰাখিব নিবিচাৰে। অধিবক্তা অমিত মিশ্ৰই প্ৰতিনিধিত্ব কৰা মহিলাগৰাকীয়ে মেডিকেল টাৰ্মিনেচন অৱ গৰ্ভাৱস্থা আইনখনৰ বিধান অনুসৰি আজিলৈকে ২৩ সপ্তাহ আৰু চাৰি দিনৰ গৰ্ভাৱস্থা বন্ধ কৰাৰ অনুমতি বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ