--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলকাতাৰ দূৰ্গা পূজাৰ স’তে এইবাৰ দেখা গৈছে সংঘাত জৰ্জৰ মণিপুৰৰ সংযোগ। শেহতীয়াকৈ ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে এগৰাকী শিল্পীয়ে মণিপুৰৰ জাতিগত হিংসাৰ বিষয়ে কৰা শিল্পকৰ্ম এইবাৰৰ দুৰ্গা পূজাত প্ৰদৰ্শিত কৰিব।

মণিপুৰত ঘটি থকা ঘটনাবোৰত ভাস্কৰ্য শিল্পী ভবতোষ সুতাৰ গভীৰভাৱে যন্ত্ৰণাত ভুগিছিল। কিন্তু সেই সকলো কষ্ট তেওঁ দুৰ্গা পূজা ২০২৩ৰ বাবে দুৰ্গা মাৰ মূৰ্তি ভাস্কৰ্য্য ৰূপত ঢালি দিলে। ‘গণদেৱতা’ (জনসাধাৰণৰ দেৱতা) চহৰৰ পূব প্ৰান্তৰ বাগুয়াটি অঞ্চলৰ অৰ্জুনপুৰ আমৰা ছাবাই ক্লাবৰ বিষয়বস্তু।

কলকাতাৰ সামূহিক পূজাত স্থাপন হ’বলগীয়া দুৰ্গা মূৰ্তিটো ভবতোষে বিষেষভাৱে সজাইছে। সাধাৰণ শাৰী পৰিধান কৰা দূৰ্গা মূৰ্তিটো আন মূৰ্তিবোৰৰ দৰে মসৃণ কৰা নহ’ব। প্ৰতিগৰাকী নাৰীৰ জীৱন সংগ্ৰামক প্ৰতিফলিত কৰিবলৈকে এইধৰণে সজোৱা হৈছে।

শিল্পীগৰাকীয়ে কয়, "আমি নাৰীক দেৱী হিচাপে পেডেষ্টেলত ৰাখি 'ষ্ট্ৰী শক্তি'ৰ মূৰ্তি হিচাপে পূজা কৰো। একে সময়তে আমিও নাৰীক আক্ৰমণ কৰি, কাপোৰ খুলি অসন্মান কৰো। প্ৰতিটো সংঘাতৰ সময়ত নাৰীক অত্যাচাৰ কৰা হয়, তেওঁলোকে সহজ লক্ষ্য হৈ পৰে।’’

উল্লেখ্য যে ভবাতোষ সুতাৰ হৈছে কলকাতাৰ এজন ভাস্কৰ্য্য শিল্পী যিয়ে দুটা দশকৰো অধিক সময় ধৰি শিল্প সৃষ্টি কৰি আহিছে। ইয়াৰ পূৰ্বে সুতাৰে যোৱা বছৰ লকডাউনৰ সময়ত প্ৰব্ৰজিত শ্ৰমিকৰ যাত্ৰাকে ধৰি সমসাময়িক সামাজিক বিষয়ক চিত্ৰিত কৰা বিষয়বস্তুৰ ওপৰত কাম কৰিছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ