--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্কঃ স্বাস্থ্যৱান হৈ থাকিবলৈ আমি বিভিন্ন ধৰণৰ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰো, এই পুষ্টিকৰ খাদ্যৰ তালিকাত এটা কণীও অন্তৰ্ভুক্ত হৈ থাকে, কাৰণ কণীত বহু প্ৰকাৰৰ পুষ্টি পোৱা যায়। বহু লোকে দিনত দুটা বা অধিক কণী সেৱন কৰা দেখা যায়। কিন্তু কণী আমাৰ স্বাস্থ্যৰ বাবে উপযোগী যদিও অত্যধিক কণী সেৱনে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। গতিকে জানো অত্যধিক কণী সেৱনৰ ফলত হোৱা কিছুমান ক্ষতিৰ বিষয়ে।

 কণীত যথেষ্ট পৰিমাণে কলেষ্টেৰল পোৱা যায়। দিনে এটা বা দুটা কণী খোৱাটো স্বাস্থ্যৰ বাবে উপযোগী, কিন্তু ইয়াতকৈ অধিক কণী খাব বিচাৰিলে কেৱল কণীৰ বগা অংশহে খাব লাগে। কাৰণ অধিক কণী সেৱনে শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে।

 কণীৰ অত্যধিক সেৱনে শৰীৰত ডায়েবেটিছৰ আশংকা বৃদ্ধি কৰে। কণীত যথেষ্ট পৰিমাণে কলেষ্টেৰল আছে, সেয়েহে শৰীৰত কলেষ্টেৰল বৃদ্ধি হোৱাৰ লগতে আমাৰ শৰীৰত চেনিৰ স্তৰো বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। যদিহে চেনিৰ লগতে কণী খোৱা নিয়ন্ত্ৰণ কৰা নহয়, ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি হয়।

 কণীত চৰ্বি পোৱা যায়। যদিহে অধিক মাত্ৰাত কণী গ্ৰহণ কৰা হয়, শৰীৰে কেলৰি গ্ৰহণৰ ভাৰসাম্য বজাই ৰাখিব নোৱাৰা হয় ফলত ওজন বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। সেয়েহে অত্যধিক কণী সেৱন কৰিলে পোনপটীয়াভাৱে শৰীৰৰ ওজনত প্ৰভাৱ পৰে।

 কণীত প্ৰ'টিন থাকে বাবে যথেষ্ট গৰম হয়। সেয়েহে কণী খোৱাৰ পাছত হজম হোৱাৰ লগে লগে শৰীৰত তাপ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰে। অত্যধিক কণী সেৱনে পাকস্থলীৰ সম্পৰ্কিত সমস্যাৰ উদ্ভৱ কৰে। ইয়াৰ ফলত বমি, পেটৰ বিষ, ডিঙিৰ বিষ আদিৰ সমস্যাই দেখা দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ