--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্কঃ স্বাস্থ্যৱান হৈ থাকিবলৈ আমি বিভিন্ন ধৰণৰ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰো, এই পুষ্টিকৰ খাদ্যৰ তালিকাত এটা কণীও অন্তৰ্ভুক্ত হৈ থাকে, কাৰণ কণীত বহু প্ৰকাৰৰ পুষ্টি পোৱা যায়। বহু লোকে দিনত দুটা বা অধিক কণী সেৱন কৰা দেখা যায়। কিন্তু কণী আমাৰ স্বাস্থ্যৰ বাবে উপযোগী যদিও অত্যধিক কণী সেৱনে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। গতিকে জানো অত্যধিক কণী সেৱনৰ ফলত হোৱা কিছুমান ক্ষতিৰ বিষয়ে।

 কণীত যথেষ্ট পৰিমাণে কলেষ্টেৰল পোৱা যায়। দিনে এটা বা দুটা কণী খোৱাটো স্বাস্থ্যৰ বাবে উপযোগী, কিন্তু ইয়াতকৈ অধিক কণী খাব বিচাৰিলে কেৱল কণীৰ বগা অংশহে খাব লাগে। কাৰণ অধিক কণী সেৱনে শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে।

 কণীৰ অত্যধিক সেৱনে শৰীৰত ডায়েবেটিছৰ আশংকা বৃদ্ধি কৰে। কণীত যথেষ্ট পৰিমাণে কলেষ্টেৰল আছে, সেয়েহে শৰীৰত কলেষ্টেৰল বৃদ্ধি হোৱাৰ লগতে আমাৰ শৰীৰত চেনিৰ স্তৰো বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। যদিহে চেনিৰ লগতে কণী খোৱা নিয়ন্ত্ৰণ কৰা নহয়, ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি হয়।

 কণীত চৰ্বি পোৱা যায়। যদিহে অধিক মাত্ৰাত কণী গ্ৰহণ কৰা হয়, শৰীৰে কেলৰি গ্ৰহণৰ ভাৰসাম্য বজাই ৰাখিব নোৱাৰা হয় ফলত ওজন বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। সেয়েহে অত্যধিক কণী সেৱন কৰিলে পোনপটীয়াভাৱে শৰীৰৰ ওজনত প্ৰভাৱ পৰে।

 কণীত প্ৰ'টিন থাকে বাবে যথেষ্ট গৰম হয়। সেয়েহে কণী খোৱাৰ পাছত হজম হোৱাৰ লগে লগে শৰীৰত তাপ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰে। অত্যধিক কণী সেৱনে পাকস্থলীৰ সম্পৰ্কিত সমস্যাৰ উদ্ভৱ কৰে। ইয়াৰ ফলত বমি, পেটৰ বিষ, ডিঙিৰ বিষ আদিৰ সমস্যাই দেখা দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ