--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ শ্ৰেষ্ঠ তাৰকাসকলৰ ভিতৰত অন্যতম হৈছে অমিতাভ বচ্চন। তেওঁৰ অভিনয় আৰু উচ্চ কণ্ঠৰ বাবে সমগ্ৰ বিশ্বতে নাম ৰৈ বৈ যোৱা খ্যাতি বিগ বিৰ। য’তেই যায় তাতেই নিজৰ ঈৰ্ষণীয় ব্যক্তিত্বৰে মোহাচ্ছন্ন কৰি ৰাখিব পাৰে শ্ৰোতা-দৰ্শক তথা অনুৰাগীক। জীৱনত তেওঁ বহুতো সন্মান অৰ্জন কৰিছে। এই মুহূৰ্তত সমগ্ৰ বিশ্বতে তেওঁ অতি জনপ্ৰিয়। 

উল্লেখ্য যে,  এটা ৰাজপ্ৰসাদ সদৃশ বাংলো আছে অমিতাভ বচ্চনৰ। পিছে  এই প্ৰাসাদতে এইবাৰ বুলডজাৰৰ আঘাত পৰিব পাৰে বুলি খবৰ ওলাইছে। এই খবৰ পোহৰলৈ অহাৰ পাছতে ছ’চিয়েল মিডিয়াতো বিষয়টোৱে ব্যাপক গুৰুত্ব লাভ কৰা দেখা গৈছে। কিন্তু এই মুহূৰ্তত তেওঁৰ ঘৰত এখন বুলডজাৰ আহিছে আৰু তেওঁৰ এই প্ৰাসাদ সদৃশ বাংলোটোৰ বাবে আদালতলৈও হয়তো  যাবলগীয়া হ’ব পাৰে বিগ বি। কিন্তু কিয় তেওঁৰ এনে সমস্যাৰ সৃষ্টি হৈছে? এনে এজন জনপ্ৰিয় তাৰকাৰ বাসগৃহত হঠাত্‍ কিয় বুলডজাৰৰ অভিযান চলিবলৈ লৈছে? 

জানিবলৈ পোৱা মতে, বৰ্তমান অমিতাভ বচ্চনৰ ঘৰৰ সন্মুখৰ পথটোৰ কাম চলি আছে আৰু ঘৰৰ সন্মুখৰ পথটো অলপ ডাঙৰ কৰাৰ সিদ্ধান্ত লৈছে সংশ্লিষ্ট কৰ্তৃপক্ষই। সেইবাবে তেওঁৰ ঘৰৰ সন্মুখত বুলডজাৰৰ আগমন হোৱা দেখা গৈছে। অমিতাভ বচ্চনৰ প্ৰাসাদৰ সন্মুখৰ পথটো বহল কৰাৰ কাম চলি আছে। মুম্বাই পৌৰ নিগমে ইতিমধ্যে পথটো বহল কৰাৰ কাম আৰম্ভ কৰিছে৷ এই কাৰণেই বিএমচি কৰ্তৃপক্ষই তেওঁৰ ঘৰত বুলড’জাৰ চলাব পাৰে। হয়তো আকৌ এবাৰ নিজৰ ঘৰখনৰ স্বাৰ্থত আদালতলৈ বাট ল’ব লাগবি পাৰে বিগ বিয়ে…!



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ