--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ শ্ৰেষ্ঠ তাৰকাসকলৰ ভিতৰত অন্যতম হৈছে অমিতাভ বচ্চন। তেওঁৰ অভিনয় আৰু উচ্চ কণ্ঠৰ বাবে সমগ্ৰ বিশ্বতে নাম ৰৈ বৈ যোৱা খ্যাতি বিগ বিৰ। য’তেই যায় তাতেই নিজৰ ঈৰ্ষণীয় ব্যক্তিত্বৰে মোহাচ্ছন্ন কৰি ৰাখিব পাৰে শ্ৰোতা-দৰ্শক তথা অনুৰাগীক। জীৱনত তেওঁ বহুতো সন্মান অৰ্জন কৰিছে। এই মুহূৰ্তত সমগ্ৰ বিশ্বতে তেওঁ অতি জনপ্ৰিয়। 

উল্লেখ্য যে,  এটা ৰাজপ্ৰসাদ সদৃশ বাংলো আছে অমিতাভ বচ্চনৰ। পিছে  এই প্ৰাসাদতে এইবাৰ বুলডজাৰৰ আঘাত পৰিব পাৰে বুলি খবৰ ওলাইছে। এই খবৰ পোহৰলৈ অহাৰ পাছতে ছ’চিয়েল মিডিয়াতো বিষয়টোৱে ব্যাপক গুৰুত্ব লাভ কৰা দেখা গৈছে। কিন্তু এই মুহূৰ্তত তেওঁৰ ঘৰত এখন বুলডজাৰ আহিছে আৰু তেওঁৰ এই প্ৰাসাদ সদৃশ বাংলোটোৰ বাবে আদালতলৈও হয়তো  যাবলগীয়া হ’ব পাৰে বিগ বি। কিন্তু কিয় তেওঁৰ এনে সমস্যাৰ সৃষ্টি হৈছে? এনে এজন জনপ্ৰিয় তাৰকাৰ বাসগৃহত হঠাত্‍ কিয় বুলডজাৰৰ অভিযান চলিবলৈ লৈছে? 

জানিবলৈ পোৱা মতে, বৰ্তমান অমিতাভ বচ্চনৰ ঘৰৰ সন্মুখৰ পথটোৰ কাম চলি আছে আৰু ঘৰৰ সন্মুখৰ পথটো অলপ ডাঙৰ কৰাৰ সিদ্ধান্ত লৈছে সংশ্লিষ্ট কৰ্তৃপক্ষই। সেইবাবে তেওঁৰ ঘৰৰ সন্মুখত বুলডজাৰৰ আগমন হোৱা দেখা গৈছে। অমিতাভ বচ্চনৰ প্ৰাসাদৰ সন্মুখৰ পথটো বহল কৰাৰ কাম চলি আছে। মুম্বাই পৌৰ নিগমে ইতিমধ্যে পথটো বহল কৰাৰ কাম আৰম্ভ কৰিছে৷ এই কাৰণেই বিএমচি কৰ্তৃপক্ষই তেওঁৰ ঘৰত বুলড’জাৰ চলাব পাৰে। হয়তো আকৌ এবাৰ নিজৰ ঘৰখনৰ স্বাৰ্থত আদালতলৈ বাট ল’ব লাগবি পাৰে বিগ বিয়ে…!



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ