--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টিভি চিৰিয়েল, চিনেমাত আপুনি নিশ্চয় বহুত প্ৰেম কাহিনী দেখিছে। বহুতো সম্পৰ্কৰ অবিচ্ছেদ্য বান্ধোন দেখিছে। এনে এক প্ৰেম কাহিনী বাস্তৱত সংঘটিত হ'ল এগৰাকী অভিনেতাৰ জীৱনত। বিগত বছৰত কৰোনাৰ দ্বিতীয় ঢৌত আক্ৰান্ত হৈছিল বিখ্যাত টিভি অভিনেতা সূৰজ থাপড়। ইয়াৰ পিছত তেওঁৰ হাওঁফাওঁ প্ৰায় ৭০ শতাংশ ক্ষতিগ্ৰস্ত হয়। যাৰ ফলত অভিনেতাজন গুৰুতৰভাৱে অসুস্থ হৈ উঠে।

 স্বামীৰ স্বাস্থ্যৰ অৱনতি ঘটাত চিন্তিত হৈ উঠে তেওঁৰ পত্নী দীপ্তি ধ্যানী। স্বামীৰ আশু আৰোগ্য কামনা কৰি দীপ্তিয়ে ঈশ্বৰক জনাইছিল প্ৰাৰ্থনা। মন্দিৰে-মন্দিৰে ঘূৰিছিল তেওঁ। এবাৰ তেওঁ অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি মন্দিৰলৈ গৈ প্ৰতিজ্ঞা কৰে যে স্বামী সুস্থ হৈ উঠিলে তেওঁ মূৰৰ চুলি মন্দিৰত দান দিব। 

যেতিয়া অভিনেতাগৰাকী সুস্থ হৈ উভতি আহিছিল তেতিয়া তেওঁৰ পত্নীয়ে নিজৰ প্ৰতিজ্ঞা পূৰণ কৰিলে।তিৰুপতি মন্দিৰত তেওঁ সম্পূৰ্ণ মূৰৰ চুলি খুৰাই দান দিয়ে। দীপ্তি ধ্যানীয়ে কৈছিল যে মোৰ চুলিতকৈ মোৰ স্বামী মোৰ বাবে বেছি গুৰুত্বপূৰ্ণ। অভিনেতা সূৰজে নিজেই ছ’চিয়েল মিডিয়াত এটা পোষ্ট দি এই তথ্য দিছে। সূৰয থাপড়ে কয় যে এয়া বিশুদ্ধ প্ৰেম।

এগৰাকী মহিলাৰ বাবে চুলি ত্যাগ কৰাটো অতি কঠিন কাম। ভগৱানৰ প্ৰতি থকা বিশ্বাস আৰু স্বামীৰ প্ৰতি অটল মৰম দেখুৱাই দীপ্তিয়ে প্ৰমাণ কৰিলে যে প্ৰেমৰ বাবে সকলো কৰিব পাৰি। বহুতেই কাৰোবাক বিয়া কৰাই মৃত্যু পৰ্যন্ত একেলগে থাকিম বুলি প্ৰতিশ্ৰুতি দিয়ে কিন্তু জীৱনসংগীৰ বাবে যিকোনো কাম কৰিবলৈ সাজু হোৱা মানুহ খুব কম। অভিনেতা সূৰজ থাপড়ৰ প্ৰতি থকা পত্নী দীপ্তি ধ্যানীৰ মৰমে সকলোৰে হৃদয় জয় কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ