--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টিভি চিৰিয়েল, চিনেমাত আপুনি নিশ্চয় বহুত প্ৰেম কাহিনী দেখিছে। বহুতো সম্পৰ্কৰ অবিচ্ছেদ্য বান্ধোন দেখিছে। এনে এক প্ৰেম কাহিনী বাস্তৱত সংঘটিত হ'ল এগৰাকী অভিনেতাৰ জীৱনত। বিগত বছৰত কৰোনাৰ দ্বিতীয় ঢৌত আক্ৰান্ত হৈছিল বিখ্যাত টিভি অভিনেতা সূৰজ থাপড়। ইয়াৰ পিছত তেওঁৰ হাওঁফাওঁ প্ৰায় ৭০ শতাংশ ক্ষতিগ্ৰস্ত হয়। যাৰ ফলত অভিনেতাজন গুৰুতৰভাৱে অসুস্থ হৈ উঠে।

 স্বামীৰ স্বাস্থ্যৰ অৱনতি ঘটাত চিন্তিত হৈ উঠে তেওঁৰ পত্নী দীপ্তি ধ্যানী। স্বামীৰ আশু আৰোগ্য কামনা কৰি দীপ্তিয়ে ঈশ্বৰক জনাইছিল প্ৰাৰ্থনা। মন্দিৰে-মন্দিৰে ঘূৰিছিল তেওঁ। এবাৰ তেওঁ অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি মন্দিৰলৈ গৈ প্ৰতিজ্ঞা কৰে যে স্বামী সুস্থ হৈ উঠিলে তেওঁ মূৰৰ চুলি মন্দিৰত দান দিব। 

যেতিয়া অভিনেতাগৰাকী সুস্থ হৈ উভতি আহিছিল তেতিয়া তেওঁৰ পত্নীয়ে নিজৰ প্ৰতিজ্ঞা পূৰণ কৰিলে।তিৰুপতি মন্দিৰত তেওঁ সম্পূৰ্ণ মূৰৰ চুলি খুৰাই দান দিয়ে। দীপ্তি ধ্যানীয়ে কৈছিল যে মোৰ চুলিতকৈ মোৰ স্বামী মোৰ বাবে বেছি গুৰুত্বপূৰ্ণ। অভিনেতা সূৰজে নিজেই ছ’চিয়েল মিডিয়াত এটা পোষ্ট দি এই তথ্য দিছে। সূৰয থাপড়ে কয় যে এয়া বিশুদ্ধ প্ৰেম।

এগৰাকী মহিলাৰ বাবে চুলি ত্যাগ কৰাটো অতি কঠিন কাম। ভগৱানৰ প্ৰতি থকা বিশ্বাস আৰু স্বামীৰ প্ৰতি অটল মৰম দেখুৱাই দীপ্তিয়ে প্ৰমাণ কৰিলে যে প্ৰেমৰ বাবে সকলো কৰিব পাৰি। বহুতেই কাৰোবাক বিয়া কৰাই মৃত্যু পৰ্যন্ত একেলগে থাকিম বুলি প্ৰতিশ্ৰুতি দিয়ে কিন্তু জীৱনসংগীৰ বাবে যিকোনো কাম কৰিবলৈ সাজু হোৱা মানুহ খুব কম। অভিনেতা সূৰজ থাপড়ৰ প্ৰতি থকা পত্নী দীপ্তি ধ্যানীৰ মৰমে সকলোৰে হৃদয় জয় কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ