--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : তাজমহলৰ ভিতৰত আছে হিন্দু দেৱ-দেৱীৰ মূৰ্তি! তাজমহল এসময়ত হিন্দুসকলৰ পীঠস্থান আছিল! এনে দাবী বিভিন্ন সময়ত কৰি অহা দেখিবলৈ পোৱা যায়। এইবাৰ এই দাবী গৈ পালেগৈ আদালতৰ মজিয়া। বিশ্ববিখ্যাত কীৰ্তিচিহ্নটোৰ কেইবাটাও অৱৰুদ্ধ কোঠা মুকলি কৰাৰ দাবীৰে দাখিল কৰা হৈছে আবেদন। তাৰ পাছতে তাজমহল কেন্দ্ৰিক বিতৰ্কই নতুন মাত্ৰা লাভ কৰা দেখা গৈছে। 

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠত এখন আবেদন দাখিল কৰা হৈছে যে তাজমহলৰ বন্ধ হৈ থকা ২২টা কোঠা মুকলি কৰিব লাগে আৰু এইবোৰ ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ দ্বাৰা পৰীক্ষা কৰা উচিত। আবেদনখনে এইটোও দাবী কৰা হৈছে যে তাজমহলত হিন্দু দেৱতাৰ মূৰ্তি আছে। তথ্য অনুসৰি, তাজমহল সন্দৰ্ভত অযোধ্যাত বিজেপিৰ মিডিয়া প্ৰভাৰীয়ে এই সন্দৰ্ভত তেওঁ আবেদন দাখিল কৰা হৈছে।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি আবেদনকাৰীগৰাকীয়ে কয়, ‘মই ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ লোকসকলক সুধিব বিচাৰিছোঁ যে, তাজমহলত এই কোঠাবোৰ বন্ধ কৰি ৰখাৰ কাৰণ কি?’ মই সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰণালয়কো সুধিছিলোঁ যে ইয়াৰ প্ৰকৃত কাৰণ কি, যাৰ উত্তৰত কোৱা হৈছিল যে নিৰাপত্তাজনিত কাৰণত সেইবোৰ বন্ধ কৰি দিয়া হৈছে।

উল্লেখ্য যে, নিৰাপত্তাজনিত কাৰণত এই কোঠাবোৰ বন্ধ কৰি ৰখা বুলি কৰা মন্তব্যৰ পাছত আবেদনকৰ্তাই প্ৰশ্ন কৰে যে, ‘কাৰ আদেশৰ আধাৰত এইবোৰ বন্ধ কৰা হৈছে?’ যি প্ৰশ্নৰ তেওঁ সন্তোষজনক উত্তৰ পোৱা নাই আৰু তাৰ বাবে তেওঁ এই আবেদনখন দাখিল কৰা বুলি সদৰি কৰিছে। তেওঁ কয়, ‘তাজমহল সৰু ঠাই নহয়। এই কোঠাবোৰ কিয় বন্ধ কৰি ৰখা হৈছে তাৰ উত্তৰ পাব লাগিব।’  তেওঁ কয় যে এই কোঠাবোৰৰ আঁৰৰ ৰহস্যৰ বাবেই, তাজমহলক লৈ প্ৰায়ে বিতৰ্কৰ সূচনা  হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত