--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : তাজমহলৰ ভিতৰত আছে হিন্দু দেৱ-দেৱীৰ মূৰ্তি! তাজমহল এসময়ত হিন্দুসকলৰ পীঠস্থান আছিল! এনে দাবী বিভিন্ন সময়ত কৰি অহা দেখিবলৈ পোৱা যায়। এইবাৰ এই দাবী গৈ পালেগৈ আদালতৰ মজিয়া। বিশ্ববিখ্যাত কীৰ্তিচিহ্নটোৰ কেইবাটাও অৱৰুদ্ধ কোঠা মুকলি কৰাৰ দাবীৰে দাখিল কৰা হৈছে আবেদন। তাৰ পাছতে তাজমহল কেন্দ্ৰিক বিতৰ্কই নতুন মাত্ৰা লাভ কৰা দেখা গৈছে। 

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠত এখন আবেদন দাখিল কৰা হৈছে যে তাজমহলৰ বন্ধ হৈ থকা ২২টা কোঠা মুকলি কৰিব লাগে আৰু এইবোৰ ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ দ্বাৰা পৰীক্ষা কৰা উচিত। আবেদনখনে এইটোও দাবী কৰা হৈছে যে তাজমহলত হিন্দু দেৱতাৰ মূৰ্তি আছে। তথ্য অনুসৰি, তাজমহল সন্দৰ্ভত অযোধ্যাত বিজেপিৰ মিডিয়া প্ৰভাৰীয়ে এই সন্দৰ্ভত তেওঁ আবেদন দাখিল কৰা হৈছে।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি আবেদনকাৰীগৰাকীয়ে কয়, ‘মই ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ লোকসকলক সুধিব বিচাৰিছোঁ যে, তাজমহলত এই কোঠাবোৰ বন্ধ কৰি ৰখাৰ কাৰণ কি?’ মই সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰণালয়কো সুধিছিলোঁ যে ইয়াৰ প্ৰকৃত কাৰণ কি, যাৰ উত্তৰত কোৱা হৈছিল যে নিৰাপত্তাজনিত কাৰণত সেইবোৰ বন্ধ কৰি দিয়া হৈছে।

উল্লেখ্য যে, নিৰাপত্তাজনিত কাৰণত এই কোঠাবোৰ বন্ধ কৰি ৰখা বুলি কৰা মন্তব্যৰ পাছত আবেদনকৰ্তাই প্ৰশ্ন কৰে যে, ‘কাৰ আদেশৰ আধাৰত এইবোৰ বন্ধ কৰা হৈছে?’ যি প্ৰশ্নৰ তেওঁ সন্তোষজনক উত্তৰ পোৱা নাই আৰু তাৰ বাবে তেওঁ এই আবেদনখন দাখিল কৰা বুলি সদৰি কৰিছে। তেওঁ কয়, ‘তাজমহল সৰু ঠাই নহয়। এই কোঠাবোৰ কিয় বন্ধ কৰি ৰখা হৈছে তাৰ উত্তৰ পাব লাগিব।’  তেওঁ কয় যে এই কোঠাবোৰৰ আঁৰৰ ৰহস্যৰ বাবেই, তাজমহলক লৈ প্ৰায়ে বিতৰ্কৰ সূচনা  হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ