--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিয়া পাতিব বিচাৰিছিল ঘৰৰ সমীপৰে এগৰাকী যুৱতীক। কিন্তু যুৱতীগৰাকীয়ে বিশেষ গুৰুত্ব নিদিলে প্ৰণয়প্ৰাৰ্থী যুৱকজনক। তাতেই ক্ষুব্ধ হৈ ভয়ংকৰ ঘটনা সংঘটিত কৰিলে যুৱকজনে। তেওঁৰ এই ভয়ংকৰ কাণ্ডৰ পৰিণতিত সাতজনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। এই ঘটনাৰ পাছতে সৰ্বত্ৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ইন্দোৰৰ বিজয় নগৰত। 

অভিযুক্ত যুৱকজনে ওচৰৰ ফ্লেটতে থকা এগৰাকী যুৱতীক বিয়া কৰাব বিচাৰিছিল। কিন্তু তেওঁ বিশেষ গুৰুত্ব দিয়া নাছিল যুৱকজনক। সেই খঙতে 'প্ৰেমিক'জনে যুৱতীগৰাকীক জ্বলাই দি হত্যাৰ চেষ্টাৰে ঘৰটোত অগ্নিসংযোগ কৰে। দৈবক্ৰমে যুৱতীগৰাকী বাছি গৈছিল যদিও এই ভয়ংকৰ ঘটনাৰ পৰিণতিত কমপ্লেক্সটোৰ সাতজন লোকৰ মৃত্যু হয়। এই ঘটনাৰ অভিযুক্ত বুলি চিনাক্ত কৰা হৈছে সঞ্জয় দীক্ষিত ওৰফে শুভম নামৰ যুৱকজন। অভিযুক্ত যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ঘটনাটো শনিবাৰে পুৱতি নিশা মধ্য প্ৰদেশৰ ইন্দোৰৰ বিজয়নগৰত সংঘটিত হৈছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, শুভমে বিজয়নগৰৰ কমপ্লেক্সত ভাড়াত বাস কৰি আছিল। কেইমাহমান আগতে, তেওঁ তাৰ পৰা আঁতৰি গৈছিল। কমপ্লেক্সত থকা সময়ছোৱাত তেওঁ এগৰাকী যুৱতীৰ প্ৰেমত পৰিছিল। তেওঁ যুৱতীগৰাকীক বিয়া কৰাবলৈও প্ৰস্তাৱ দিছিল। 

কিন্তু যুৱতীগৰাকীয়ে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে। তাৰ পাছত শুভমে যেতিয়া জানিব পাৰে যে ছোৱালীজনী আন এজনলৈ বিয়া হ’বলৈ গৈ আছে, তেওঁ প্ৰতিশোধ লোৱাৰ পৰিকল্পনা কৰে। আৰু এই নাৰকীয় কাণ্ড সংঘটিত কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি,  খঙৰ ভমকত শুভমে কমপ্লেক্সৰ গেৰেজত ৰখা যুৱতীগৰাকীৰ স্কুটাৰত জুই লগাই দিয়ে। সকলো লোক শুই নিহপালি দি থকা সময়ত এই ঘটনা সংঘটিত কৰিছিল যুৱকজনে। স্কুটাৰৰ পৰা জুই লাহে লাহে কমপ্লেক্সৰ ভিতৰলৈ বিয়পি পৰে। কমপ্লেক্সৰ কেইজনমান লোকে জুই লগাৰ কথা গম পোৱাৰ পাছতে নিজৰ জীৱন ৰক্ষা কৰিবলৈ লৰা-ঢপৰা আৰম্ভ কৰি দিছিল। কিন্তু তেতিয়ালৈকে জুই প্ৰথম, দ্বিতীয় মহলা অতিক্ৰমী তৃতীয় মহলালৈ অগ্ৰসৰ হৈছিল। কেইজনমান লোকে বেলকনিৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও পলকতে সাতজন লোকৰ মৃত্যু হয়। আৰক্ষীয়ে এতিয়া এই নাৰকীয় কাণ্ড সংঘটিত কৰা শুভমক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ