--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিয়া পাতিব বিচাৰিছিল ঘৰৰ সমীপৰে এগৰাকী যুৱতীক। কিন্তু যুৱতীগৰাকীয়ে বিশেষ গুৰুত্ব নিদিলে প্ৰণয়প্ৰাৰ্থী যুৱকজনক। তাতেই ক্ষুব্ধ হৈ ভয়ংকৰ ঘটনা সংঘটিত কৰিলে যুৱকজনে। তেওঁৰ এই ভয়ংকৰ কাণ্ডৰ পৰিণতিত সাতজনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। এই ঘটনাৰ পাছতে সৰ্বত্ৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ইন্দোৰৰ বিজয় নগৰত। 

অভিযুক্ত যুৱকজনে ওচৰৰ ফ্লেটতে থকা এগৰাকী যুৱতীক বিয়া কৰাব বিচাৰিছিল। কিন্তু তেওঁ বিশেষ গুৰুত্ব দিয়া নাছিল যুৱকজনক। সেই খঙতে 'প্ৰেমিক'জনে যুৱতীগৰাকীক জ্বলাই দি হত্যাৰ চেষ্টাৰে ঘৰটোত অগ্নিসংযোগ কৰে। দৈবক্ৰমে যুৱতীগৰাকী বাছি গৈছিল যদিও এই ভয়ংকৰ ঘটনাৰ পৰিণতিত কমপ্লেক্সটোৰ সাতজন লোকৰ মৃত্যু হয়। এই ঘটনাৰ অভিযুক্ত বুলি চিনাক্ত কৰা হৈছে সঞ্জয় দীক্ষিত ওৰফে শুভম নামৰ যুৱকজন। অভিযুক্ত যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ঘটনাটো শনিবাৰে পুৱতি নিশা মধ্য প্ৰদেশৰ ইন্দোৰৰ বিজয়নগৰত সংঘটিত হৈছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, শুভমে বিজয়নগৰৰ কমপ্লেক্সত ভাড়াত বাস কৰি আছিল। কেইমাহমান আগতে, তেওঁ তাৰ পৰা আঁতৰি গৈছিল। কমপ্লেক্সত থকা সময়ছোৱাত তেওঁ এগৰাকী যুৱতীৰ প্ৰেমত পৰিছিল। তেওঁ যুৱতীগৰাকীক বিয়া কৰাবলৈও প্ৰস্তাৱ দিছিল। 

কিন্তু যুৱতীগৰাকীয়ে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে। তাৰ পাছত শুভমে যেতিয়া জানিব পাৰে যে ছোৱালীজনী আন এজনলৈ বিয়া হ’বলৈ গৈ আছে, তেওঁ প্ৰতিশোধ লোৱাৰ পৰিকল্পনা কৰে। আৰু এই নাৰকীয় কাণ্ড সংঘটিত কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি,  খঙৰ ভমকত শুভমে কমপ্লেক্সৰ গেৰেজত ৰখা যুৱতীগৰাকীৰ স্কুটাৰত জুই লগাই দিয়ে। সকলো লোক শুই নিহপালি দি থকা সময়ত এই ঘটনা সংঘটিত কৰিছিল যুৱকজনে। স্কুটাৰৰ পৰা জুই লাহে লাহে কমপ্লেক্সৰ ভিতৰলৈ বিয়পি পৰে। কমপ্লেক্সৰ কেইজনমান লোকে জুই লগাৰ কথা গম পোৱাৰ পাছতে নিজৰ জীৱন ৰক্ষা কৰিবলৈ লৰা-ঢপৰা আৰম্ভ কৰি দিছিল। কিন্তু তেতিয়ালৈকে জুই প্ৰথম, দ্বিতীয় মহলা অতিক্ৰমী তৃতীয় মহলালৈ অগ্ৰসৰ হৈছিল। কেইজনমান লোকে বেলকনিৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও পলকতে সাতজন লোকৰ মৃত্যু হয়। আৰক্ষীয়ে এতিয়া এই নাৰকীয় কাণ্ড সংঘটিত কৰা শুভমক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত