--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ কংগনা ৰাণাৱটৰ বিতৰ্কিত মন্তব্য। এইবাৰ বলীউডৰ তাৰকা সন্তানক সিজোৱা কণীৰ সৈতে তুলনা কৰিছে বিতৰ্কিত সাংসদ-অভিনেত্ৰীগৰাকীয়ে। জয়া আখটাৰৰ 'দ্য আৰ্চি'ৰ টিজাৰ প্ৰকাশ পাইছে। ছবিখনত শ্বাহৰূখ তনয়া সুহানা খান, অমিতাভ বচ্চনৰ নাতি অগষ্ট্য আৰু শ্ৰীদেৱীৰ জীয়ৰী সুখী কাপুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। জানিবলৈ পোৱা মতে, তেওঁলোকক লক্ষ্য কৰিয়েই কংগনাই এই মন্তব্য কৰিছে।

নেপটিজিমক লৈ বলীউডৰ একাংশ তাৰকা সন্তানক সমালোচনাৰ লক্ষ্য কৰি লৈছে কংগনা ৰানাৱটে। বিশেষকৈ কৰণ জোহৰক। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত, এই আক্ৰমণ আৰু দুগুণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। অভিনেত্ৰীগৰাকীয়ে মাজে সময়ে কৰণ জোহৰ, আলিয়া ভাটৰ দৰে তাৰকাসকলকো কটাক্ষ কৰা দেখা যায়। মন কৰিবলগীয়া যে, কংগনা অভিনীত 'ঢাকাড়' ছবিখন মুক্তি পাব চলিত সপ্তাহৰ শুকুৰবাৰে। সেই চলচ্চিত্ৰখনৰ প্ৰচাৰৰ সময়তে কংগনাৰ ৰোষত এইবাৰ তাৰকা সন্তান।

দক্ষিণৰ চিনেমাৰ ব্যাপক প্ৰচাৰ আৰু চলচ্চিত্ৰ প্ৰেমীৰ অনুৰাগে উদ্বিগ্ন কৰি তুলিছে বলীউড। কংগনাক এই বিষয়ে প্ৰশ্ন কৰা হৈছিল। ইয়াৰ উত্তৰত তেওঁ কয়, ‘দক্ষিণৰ তাৰকাসকলে দৰ্শকসকলক ভালদৰে প্ৰভাৱিত কৰে। অনুৰাগীয়ে তেওঁলোকক দেৱতা বুলি গণ্য কৰে। কিন্তু তাৰকা সন্তানে বিদেশলৈ যায় আৰু তাত অধ্যয়ন কৰে। হলীউড চিনেমা চায় আৰু ইংৰাজী ভাষাত কথা কয়। কাটা চামুচেৰে খাদ্য গ্ৰহণ কৰে।’  

তেওঁলোকে দৰ্শকৰ সৈতে ইমান গভীৰ সম্পৰ্ক কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰে? এই প্ৰশ্নৰ উত্তৰত কংগনাই কয়, ‘তেওঁলোক দেখিবলৈও অদ্ভুত। ঠিক সিজোৱা কণীৰ দৰে।’ নিজৰ এনে মন্তব্যৰ পিছত, কংগনাই কাৰোবাক উদ্দেশ্য কৰি ট্ৰ'ল কৰাৰ কোনো অভিপ্ৰায় নাই বুলি জনায়। কিন্তু, তাৰকা শিশুসকলে দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিব নোৱাৰে বুলিয়েই বুজাব খুজিছে। এই পৰিপ্ৰেক্ষিতত কংগনাই 'পুষ্পা' ছবিখনৰ বিষয়টো উত্থাপন কৰে। আল্লু অৰ্জুন অভিনীত ছবিখনৰ প্ৰসংশাত পঞ্চমুখ হৈ পৰে  'বলীউড কণ্ট্ৰভাৰ্ছী কুইন'-এ। দেশৰ প্ৰতিজন চলচ্চিত্ৰ প্ৰেমী ছবিখনক যথেষ্ট মৰম দিছে। সাম্প্ৰতিক সময়ত বলীউডৰ কোন জন নায়কে এনে দুসাধ্য সাধন কৰিব পাৰিছে? বুলিও প্ৰশ্ন কংগনা ৰানাৱটৰ।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান