--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ কংগনা ৰাণাৱটৰ বিতৰ্কিত মন্তব্য। এইবাৰ বলীউডৰ তাৰকা সন্তানক সিজোৱা কণীৰ সৈতে তুলনা কৰিছে বিতৰ্কিত সাংসদ-অভিনেত্ৰীগৰাকীয়ে। জয়া আখটাৰৰ 'দ্য আৰ্চি'ৰ টিজাৰ প্ৰকাশ পাইছে। ছবিখনত শ্বাহৰূখ তনয়া সুহানা খান, অমিতাভ বচ্চনৰ নাতি অগষ্ট্য আৰু শ্ৰীদেৱীৰ জীয়ৰী সুখী কাপুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। জানিবলৈ পোৱা মতে, তেওঁলোকক লক্ষ্য কৰিয়েই কংগনাই এই মন্তব্য কৰিছে।

নেপটিজিমক লৈ বলীউডৰ একাংশ তাৰকা সন্তানক সমালোচনাৰ লক্ষ্য কৰি লৈছে কংগনা ৰানাৱটে। বিশেষকৈ কৰণ জোহৰক। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত, এই আক্ৰমণ আৰু দুগুণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। অভিনেত্ৰীগৰাকীয়ে মাজে সময়ে কৰণ জোহৰ, আলিয়া ভাটৰ দৰে তাৰকাসকলকো কটাক্ষ কৰা দেখা যায়। মন কৰিবলগীয়া যে, কংগনা অভিনীত 'ঢাকাড়' ছবিখন মুক্তি পাব চলিত সপ্তাহৰ শুকুৰবাৰে। সেই চলচ্চিত্ৰখনৰ প্ৰচাৰৰ সময়তে কংগনাৰ ৰোষত এইবাৰ তাৰকা সন্তান।

দক্ষিণৰ চিনেমাৰ ব্যাপক প্ৰচাৰ আৰু চলচ্চিত্ৰ প্ৰেমীৰ অনুৰাগে উদ্বিগ্ন কৰি তুলিছে বলীউড। কংগনাক এই বিষয়ে প্ৰশ্ন কৰা হৈছিল। ইয়াৰ উত্তৰত তেওঁ কয়, ‘দক্ষিণৰ তাৰকাসকলে দৰ্শকসকলক ভালদৰে প্ৰভাৱিত কৰে। অনুৰাগীয়ে তেওঁলোকক দেৱতা বুলি গণ্য কৰে। কিন্তু তাৰকা সন্তানে বিদেশলৈ যায় আৰু তাত অধ্যয়ন কৰে। হলীউড চিনেমা চায় আৰু ইংৰাজী ভাষাত কথা কয়। কাটা চামুচেৰে খাদ্য গ্ৰহণ কৰে।’  

তেওঁলোকে দৰ্শকৰ সৈতে ইমান গভীৰ সম্পৰ্ক কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰে? এই প্ৰশ্নৰ উত্তৰত কংগনাই কয়, ‘তেওঁলোক দেখিবলৈও অদ্ভুত। ঠিক সিজোৱা কণীৰ দৰে।’ নিজৰ এনে মন্তব্যৰ পিছত, কংগনাই কাৰোবাক উদ্দেশ্য কৰি ট্ৰ'ল কৰাৰ কোনো অভিপ্ৰায় নাই বুলি জনায়। কিন্তু, তাৰকা শিশুসকলে দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিব নোৱাৰে বুলিয়েই বুজাব খুজিছে। এই পৰিপ্ৰেক্ষিতত কংগনাই 'পুষ্পা' ছবিখনৰ বিষয়টো উত্থাপন কৰে। আল্লু অৰ্জুন অভিনীত ছবিখনৰ প্ৰসংশাত পঞ্চমুখ হৈ পৰে  'বলীউড কণ্ট্ৰভাৰ্ছী কুইন'-এ। দেশৰ প্ৰতিজন চলচ্চিত্ৰ প্ৰেমী ছবিখনক যথেষ্ট মৰম দিছে। সাম্প্ৰতিক সময়ত বলীউডৰ কোন জন নায়কে এনে দুসাধ্য সাধন কৰিব পাৰিছে? বুলিও প্ৰশ্ন কংগনা ৰানাৱটৰ।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ