--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত বিভিন্নজনক কটাক্ষ-বিদ্ৰুপেৰে থকাসৰকা কৰা দেখা যায় নেটিজেনে। বিশেষকৈ অভিনেত্ৰীসকলৰ ক্ষেত্ৰত প্ৰায়ে এনে হোৱা দেখা যায়। অভিনেত্ৰী মিছিমী দাসে সাগৰৰ পাৰত বিকিনি পিন্ধি থকা এখন ফটো পোষ্ট কৰি এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখা গৈছে। এই ফটোখনৰ বাবেই নেটিজেনৰ কটাক্ষৰ সন্মুখীন হৈছে অভিনেত্ৰীগৰাকী। কিন্তু সমালোচকৰ তীক্ষ্ণ সমালোচনাৰ উচিত প্ৰত্যুত্তৰ দিলে নাচোৰবান্দা অভিনেত্ৰীয়ে।

আপোনাৰ আকাল হৈছে নেকি?, আপুনি ইমান ক্ষীণ কিয়?, এনেধৰণৰ প্ৰশ্ন কৰা হৈছে মিছিমীয়ে পোষ্ট কৰা ফটোখনত। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মিছিমীয়ে কয়, ‘আৰম্ভণিতে মই এই সকলোবোৰ বিষয়ত বেয়া অনুভৱ কৰিছিলো, মই গুৰুত্ব দিছিলো। কিন্তু এতিয়া মই এইবোৰ বিষয়ক ইমান গুৰুত্ব নিদিওঁ। যিসকলে ট্ৰ'ল কৰে, তেওঁলোকৰ কোনো কাম নাই সেয়েহে তেওঁলোকে ট্ৰ'ল কৰে। ফেচবুকত গুৰুত্ব পাবলৈ এইবোৰ কৰে কিছুমানে। যদি মই তেওঁলোকক গুৰুত্ব দিওঁ, তেতিয়া হ’লে  তেওঁলোকে যি বিচাৰে সেয়া মই দি দিয়াই নহ’ল জানো? গতিকে মই সেই বিষয়ে আৰু বেছি গুৰুত্ব নিদিওঁ। ’

কংকালৰ সৈতে তুলনা কৰা হৈছে অভিনেত্ৰী মিছিমীক। এই সন্দৰ্ভত সোধাত অভিনেত্ৰীগৰাকীয়ে কয়, ‘মই শকত হোৱাটো মোৰ ওপৰত নিৰ্ভৰ কৰে। মানুহৰ কথাৰ কোনো শেষ নাই। মই তেওঁলোকৰ পৰা নাখাওঁ, তেওঁলোকে মোক দিয়া কাপোৰ পিন্ধি নাথাকো, না মই তেওঁলোকৰ বাবে কিবা কৰো। গতিকে মই তেওঁলোকৰ কথা শুনিলে নহ’ব। মই যি ভাল দেখো তাকে কৰিব লাগিব।’

বিভিন্ন চলচ্চিত্ৰত অভিনয় কৰিছে মিছিমীয়ে।  'অ'ডি ঘোষ্ট' ছিৰিজতো কাম কৰিছে তেওঁ। তথাপি, এতিয়া এইগৰাকী অভিনেত্ৰী চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বিকিনী পজৰ বাবে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ