--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি তীব্ৰ আক্ৰমণ কৰে। মমতাৰ ভতিজা বোৱাৰীক চিবিআয়ে জেৰা কৰাৰ পাছতে মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। নৰেন্দ্ৰ মোদীক ‘দাংগাবাজ’ আৰু ‘দৈত্য’ আখ্যা দিয়ে মমতাই। কলকাতাৰ সমীপৰ হুগলীত এখন দলীয় সভাত অংশগ্ৰহণ কৰি মমতা বেনাৰ্জীয়ে কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ সৰ্ববৃহৎ দাংগাবাজ।’ অৰ্থাৎ সংঘৰ্ষকাৰী।

আৰু পঢ়িব পাৰিব : নৰেন্দ্ৰ মোদীৰ নামেৰে মুকলি বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম

বিজেপিয়ে তৃণমূলক ‘তোলাবাজ’ বুলি কৰা কটাক্ষৰ উত্তৰ দি এই এনেদৰে প্ৰধানমন্ত্ৰীক দাংগাবাজ আখ্যা দিয়ে মমতাই। প্রধানমন্ত্ৰী মোদীৰ বাবে ড’নাল্ড ট্ৰাম্পতকৈও অধিক দুৰ্ভাগ্যই অপেক্ষা কৰি থকা বুলিও তেওঁ দাবী কৰে। মমতাই কয়, ‘বিধানসভা নিৰ্বাচনত মই গলৰক্ষক হৈ থাকিম আৰু বিজেপিয়ে এটাও গল কৰিবলৈ সক্ষম নহ’ব।’

আৰু পঢ়িব পাৰিব : ‘কনা হাঁহক পতান’ দিয়াৰ দৰে চাহ শ্ৰমিকক মজুৰি দিছে চৰকাৰে

উল্লেখ্য যে, মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জীৰ পত্নী ৰুজিৰাক চিবিআয়ে কয়লা কেলেংকাৰীৰ গোচৰত জেৰা কৰাৰ পাছতে অধিক আক্ৰমনাত্মক হৈ পৰে মমতা। ৰুজিৰা বেনৰেন্দ্ৰ মোদীৰ নামেৰে মুকলি বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামনাৰ্জীৰ ভগ্নীকো পূৰ্বে জেৰা কৰিছিল সংস্থাটোৱে। উল্লেখ্য যে, এই সভাতে ভালেমান তাৰকাই তৃণমূল কংগ্ৰেছত যোগদান কৰে। অভিনেত্ৰী সায়নী দত্ত, জুন মালিয়া, ক্ৰিকেটাৰ মনোজ তিৱাৰীও এইসকলৰ ভিতৰত অন্যতম। তৃণমূলে ‘খেলা হোবে’ অৰ্থাৎ ‘খেল হ’ব’ শ্লোগানেৰে বিজেপিৰ বিৰুদ্ধে হুংকাৰ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ