--°C
Loading...
Listen to Article
2 min read
80%

নগাঁও : আজি নগাঁৱৰ বটদ্ৰৱাত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ নগাঁৱৰ পুৰণিগুদামৰ ‘মহা-মৃত্যুঞ্জয়’ মন্দিৰত যজ্ঞত অংশগ্ৰহণ কৰিলে তেওঁ৷ ৬০০ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰিত যজ্ঞস্থলী৷ তাৰপাছতেই ‘মহা-মৃত্যুঞ্জয়’ মন্দিৰত যজ্ঞ সম্পন্ন কৰি বটদ্ৰৱালৈ গমন কৰে শ্বাহে৷ বটদ্ৰৱাত ১৮৮ কোটিটকীয়া প্ৰকল্প উদ্বোধন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে৷ বটদ্ৰৱাত এখন জনসভাতো অংশ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷

আৰু পঢ়িব পাৰিব : যুদ্ধবিৰতি : শান্ত হ’ব জম্মু-কাশ্মীৰৰ ভাৰত-পাকিস্তান সীমান্ত

বটদ্ৰৱাত ভাষণ প্ৰদান কৰে অমিত শ্বাহে৷ শংকৰদেৱৰ ভক্তি আন্দোলনক বিশ্বত প্ৰচাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷ ‘নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তকৰ জন্মস্থানত উপস্থিত হৈ মই গৌৰৱান্বিত’- বুলিও মন্তব্য কৰে তেওঁ৷ অমিত শ্বাহৰ ভাষণত মহাত্মা গান্ধীৰ উদ্ধৃতিও শুনিবলৈ পোৱা যায়৷ গুৰুজনাক লৈ গান্ধীজীৰ মন্তব্যক দোহাৰিলে অমিত শ্বাহে৷

আৰু পঢ়িব পাৰিব : একেটা হোষ্টেলৰ ১৮৬ শিক্ষাৰ্থীৰ কোভিড পজিটিভ, দেশত শংকা বৃদ্ধি

বটদ্ৰৱা থানত সেৱা আগবঢ়ালে গৃহমন্ত্ৰীয়ে৷ উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা৷ উপস্থিত বিধায়িকা আঙুৰলতা ডেকাও। আনহাতে গুৰুজনাৰ জন্মস্থান বৰদোৱাত জনসভাত অংশ লয় গৃহমন্ত্ৰীয়ে৷ বিয়লি ডিফুত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী৷বিদ্ৰোহী সংগঠনৰে শান্তি চুক্তি হোৱৰা সম্ভাৱনা৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ