--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অনুষ্ঠানটোৰ মুখ্য অতিথি আছিল তামুলপুৰৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সেয়ে মন্ত্ৰীলৈ ৰৈ ৰৈ ছাত্ৰ-ছাত্ৰী সকলক অসুস্থ পৰে ।

ডিজিটেল ডেস্কঃ তামুলপুৰত ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত আজি কিছু বিশৃঙ্খল পৰিস্থিতিৰ সৃষ্টি হয়। অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ আহি কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰাৰ ঘটনাই উদ্বেগৰ সৃষ্টি কৰে।


উল্লেখযোগ্য যে তামুলপুৰ জিলা প্ৰশাসনে আয়োজন কৰা অনুষ্ঠানটো বিয়লি ১১ বজাৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল। সেই মৰ্মে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক পুৱাই ৭ বজাৰ ভিতৰতে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছিল। ফলস্বৰূপে দীৰ্ঘ সময় ধৰি ৰ'দত থিয় হৈ থকাত বহু ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰে।


অনুষ্ঠানটোৰ মুখ্য অতিথি আছিল তামুলপুৰৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সেয়ে মন্ত্ৰীলৈ ৰৈ ৰৈ ছাত্ৰ-ছাত্ৰী সকলক অসুস্থ পৰে । মন্ত্ৰী ১২ বজাত আহি পোৱাতহে অনুষ্ঠানটো আৰম্ভ হয় । এই পৰিস্থিতিয়ে অভিভাৱকসকলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।


ছাত্ৰ-ছাত্ৰীসকলৰ অভিযোগ অনুসৰি অনুষ্ঠানটোৰ সময়সূচী সঠিকভাৱে পৰিকল্পনা নকৰাৰ ফলত এনে ঘটনা ঘটিছে। অসুস্থ ছাত্ৰ-ছাত্ৰীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে বুলি জিলা প্ৰশাসনে জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত