--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অনুষ্ঠানটোৰ মুখ্য অতিথি আছিল তামুলপুৰৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সেয়ে মন্ত্ৰীলৈ ৰৈ ৰৈ ছাত্ৰ-ছাত্ৰী সকলক অসুস্থ পৰে ।

ডিজিটেল ডেস্কঃ তামুলপুৰত ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত আজি কিছু বিশৃঙ্খল পৰিস্থিতিৰ সৃষ্টি হয়। অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ আহি কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰাৰ ঘটনাই উদ্বেগৰ সৃষ্টি কৰে।


উল্লেখযোগ্য যে তামুলপুৰ জিলা প্ৰশাসনে আয়োজন কৰা অনুষ্ঠানটো বিয়লি ১১ বজাৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল। সেই মৰ্মে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক পুৱাই ৭ বজাৰ ভিতৰতে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছিল। ফলস্বৰূপে দীৰ্ঘ সময় ধৰি ৰ'দত থিয় হৈ থকাত বহু ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰে।


অনুষ্ঠানটোৰ মুখ্য অতিথি আছিল তামুলপুৰৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সেয়ে মন্ত্ৰীলৈ ৰৈ ৰৈ ছাত্ৰ-ছাত্ৰী সকলক অসুস্থ পৰে । মন্ত্ৰী ১২ বজাত আহি পোৱাতহে অনুষ্ঠানটো আৰম্ভ হয় । এই পৰিস্থিতিয়ে অভিভাৱকসকলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।


ছাত্ৰ-ছাত্ৰীসকলৰ অভিযোগ অনুসৰি অনুষ্ঠানটোৰ সময়সূচী সঠিকভাৱে পৰিকল্পনা নকৰাৰ ফলত এনে ঘটনা ঘটিছে। অসুস্থ ছাত্ৰ-ছাত্ৰীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে বুলি জিলা প্ৰশাসনে জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা