--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: টেষ্ট ক্ৰিকেটত যশস্বী জয়ছোৱালৰ দুৰ্দান্ত প্ৰদৰ্শনে এক নতুন নজিৰ দাঙি ধৰিলে। শনিবাৰে পাৰ্থত অপৰাজিত ৯০ ৰানৰ পৰা আজি পুৱা পুনৰ ইনিংছ আৰম্ভ কৰি চমকপ্ৰদ শতক অৰ্জনেৰে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। এই শৃংখলাত ভাৰতীয় যুৱ অ’পেনাৰগৰাকীয়ে ব্ৰেণ্ডন মেককালামৰ ১০ বছৰীয়া অভিলেখ ভংগ কৰে।

নতুনকৈ দ্ৰুত ৰান সংগ্ৰহৰে ক্ৰিকেট বিশ্বত পৰিচিত হৈ পৰিছে ভাৰতৰ যুৱ ক্ৰিকেটাৰ যশস্বী জয়ছোৱাল৷ যুৱ ক্ৰিকেটাৰ গৰাকীয়ে এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি প্ৰতিটো ফৰ্মেটতে ৰান সংগ্ৰহ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। 

টেষ্ট ক্ৰিকেটত চলিত বৰ্ষত সৰ্বাধিক ছয় সংগ্ৰহ কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে যশস্বী জয়ছোৱাল। ২০১৪ চনত টেষ্ট ক্ৰিকেটত মুঠ ৩৩টা ছয় সংগ্ৰহ কৰিছিল মেককালামে।ইয়াৰ পৰিৱৰ্তে ২০২৪ চনত  শনিবাৰলৈকে টেষ্ট ক্ৰিকেটত যশস্বী জয়ছোৱালে ৩৪টা ছয় সংগ্ৰহ কৰি নতুন অভিলেখ গঢ়িলে। 

ইয়াৰোপৰি জয়ছোৱালে ষ্ট্ৰেলিয়াত শতক অৰ্জন কৰা চতুৰ্থতম কনিষ্ঠ ভাৰতীয় হিচাপেও স্বীকৃত হয়। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়ছোৱালৰ কেৰিয়াৰৰ প্ৰথমটো শতক আৰু বিদেশৰ মাটিত দ্বিতীয়টো শতক। ইয়াৰ পূৰ্বে যুৱ ক্ৰিকেটাৰ গৰাকীয়ে ৱেষ্ট ইণ্ডিজতো শতক পূৰ্ণ কৰি টেষ্ট কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ইফালে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে গঢ়া ইনিংছটোৰ সময়ত জয়ছোৱালে টেষ্টত ১৫০০ ৰান সম্পূৰ্ণ কৰে।

উল্লেখনীয় যে টেষ্ট ক্ৰিকেটত বিগত বৰ্ষত সৰ্বাধিক ছয় সমগ্ৰহ কৰা তালিকাত ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছ তৃতীয় স্থানত আছে। তেওঁ ২০২২ চনত  ২৬টা ছয় সংগ্ৰহ কৰিছিল। এডাম গিলক্ৰিষ্ট আৰু বীৰেন্দ্ৰ চেহৱাগে যৌথভাৱে এই তালিকাৰ চতুৰ্থ স্থানত আছে। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন উইকেটকীপাৰ এডাম গিলক্ৰিষ্টে ২০০৫ চনত ২২টা ছয় সংগ্ৰহ কৰাৰ পৰিৱৰ্তে ভাৰতৰ প্ৰাক্তন অ’পেনাৰগৰাকীয়ে ২০০৮ চনত টেষ্টত ২২টা ছয় সংগ্ৰহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ