--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: টেষ্ট ক্ৰিকেটত যশস্বী জয়ছোৱালৰ দুৰ্দান্ত প্ৰদৰ্শনে এক নতুন নজিৰ দাঙি ধৰিলে। শনিবাৰে পাৰ্থত অপৰাজিত ৯০ ৰানৰ পৰা আজি পুৱা পুনৰ ইনিংছ আৰম্ভ কৰি চমকপ্ৰদ শতক অৰ্জনেৰে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। এই শৃংখলাত ভাৰতীয় যুৱ অ’পেনাৰগৰাকীয়ে ব্ৰেণ্ডন মেককালামৰ ১০ বছৰীয়া অভিলেখ ভংগ কৰে।

নতুনকৈ দ্ৰুত ৰান সংগ্ৰহৰে ক্ৰিকেট বিশ্বত পৰিচিত হৈ পৰিছে ভাৰতৰ যুৱ ক্ৰিকেটাৰ যশস্বী জয়ছোৱাল৷ যুৱ ক্ৰিকেটাৰ গৰাকীয়ে এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি প্ৰতিটো ফৰ্মেটতে ৰান সংগ্ৰহ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। 

টেষ্ট ক্ৰিকেটত চলিত বৰ্ষত সৰ্বাধিক ছয় সংগ্ৰহ কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে যশস্বী জয়ছোৱাল। ২০১৪ চনত টেষ্ট ক্ৰিকেটত মুঠ ৩৩টা ছয় সংগ্ৰহ কৰিছিল মেককালামে।ইয়াৰ পৰিৱৰ্তে ২০২৪ চনত  শনিবাৰলৈকে টেষ্ট ক্ৰিকেটত যশস্বী জয়ছোৱালে ৩৪টা ছয় সংগ্ৰহ কৰি নতুন অভিলেখ গঢ়িলে। 

ইয়াৰোপৰি জয়ছোৱালে ষ্ট্ৰেলিয়াত শতক অৰ্জন কৰা চতুৰ্থতম কনিষ্ঠ ভাৰতীয় হিচাপেও স্বীকৃত হয়। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়ছোৱালৰ কেৰিয়াৰৰ প্ৰথমটো শতক আৰু বিদেশৰ মাটিত দ্বিতীয়টো শতক। ইয়াৰ পূৰ্বে যুৱ ক্ৰিকেটাৰ গৰাকীয়ে ৱেষ্ট ইণ্ডিজতো শতক পূৰ্ণ কৰি টেষ্ট কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ইফালে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে গঢ়া ইনিংছটোৰ সময়ত জয়ছোৱালে টেষ্টত ১৫০০ ৰান সম্পূৰ্ণ কৰে।

উল্লেখনীয় যে টেষ্ট ক্ৰিকেটত বিগত বৰ্ষত সৰ্বাধিক ছয় সমগ্ৰহ কৰা তালিকাত ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছ তৃতীয় স্থানত আছে। তেওঁ ২০২২ চনত  ২৬টা ছয় সংগ্ৰহ কৰিছিল। এডাম গিলক্ৰিষ্ট আৰু বীৰেন্দ্ৰ চেহৱাগে যৌথভাৱে এই তালিকাৰ চতুৰ্থ স্থানত আছে। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন উইকেটকীপাৰ এডাম গিলক্ৰিষ্টে ২০০৫ চনত ২২টা ছয় সংগ্ৰহ কৰাৰ পৰিৱৰ্তে ভাৰতৰ প্ৰাক্তন অ’পেনাৰগৰাকীয়ে ২০০৮ চনত টেষ্টত ২২টা ছয় সংগ্ৰহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ