--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যোৱা ৪ মে'ৰ নির্বাচনী ফলত পশ্চিম বংগত বিজেপিয়ে অভূতপূর্ব আসন লাভ কৰি বিজয় সাব্যস্ত কৰে। আনহাতে, ৯ মে'ত পশ্চিমবংগত শুভেন্দু অধিকাৰীৰ নেতৃত্বত বিজেপিৰ চৰকাৰ গঠন হয়।

ডিজিটেল ডেস্ক: ১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে সাতখন ৰাজ্যৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছত এটা জনপ্রিয় বাক্য প্ৰচাৰ হৈছিল- 'দিল্লীৰ পৰা হাওৰালৈ ৰে'লেৰে ভ্ৰমণ কৰিলে এখনো কংগ্ৰেছ শাসিত ৰাজ্য অতিক্রম কৰিব নালাগে'। 


এতিয়া প্রায় ৬টা দশকৰ পাছত ভাৰতীয় জনতা পার্টিয়ে (বিজেপি) দাবী কৰিব পাৰে যে হাৰিয়ানাৰ ছণ্ডীগড়ৰ পৰা পশ্চিমবংগৰ হাওৰালৈ যাত্ৰা কৰিলে কেৱল বিজেপিশাসিত ৰাজ্যৰ মাজেৰেহে যাব লাগিব। যোৱা ৪ মে'ৰ নির্বাচনী ফলত পশ্চিম বংগত বিজেপিয়ে অভূতপূর্ব আসন লাভ কৰি বিজয় সাব্যস্ত কৰে। আনহাতে, ৯ মে'ত পশ্চিমবংগত শুভেন্দু অধিকাৰীৰ নেতৃত্বত বিজেপিৰ চৰকাৰ গঠন হয়। 


উল্লেখযোগ্য যে ২০১৪ চনত নৰেন্দ্ৰ মোদী প্রধানমন্ত্রীৰ পদত অধিষ্ঠিত হোৱাৰ পাছৰে পৰা নখন ৰাজ্য বিজেপিৰ দখললৈ আহিছে। ২০১৪ চনত দিল্লীৰ মছনদ দখলৰ পাছতেই মোদী মেজিক মন্ত্রই হাৰিয়ানা আৰু মহাৰাষ্ট্ৰত বিজেপিক শাসনলৈ আনে। ইয়াৰ পাছত ২০১৬ চনত অসম আৰু অৰুণাচল প্রদেশক কংগ্ৰেছমুক্ত কৰি বিজেপিৰ দখললৈ আনে প্রধানমন্ত্রী মোদীৰ যাদুকৰী ভাষণ আৰু নির্বাচনী কৌশলে। পৰৱৰ্তী সময়ত ২০১৭ চনত মণিপুৰ, ২০১৮ত ত্ৰিপুৰা, ২০২৪ত ওড়িশা, ২০২৬ত বিহাৰ আৰু শেহতীয়াকৈ পশ্চিমবংগত বিজেপিয়ে ক্ষমতাৰ বাঘজৰী লয়।


এক কথাত গংগোত্ৰীৰ পৰা গংগা সাগৰ, কামৰূপলৈকে গেৰুৱা দলৰ সাম্রাজ্য বিস্তাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল'লে বিজেপিৰ শীৰ্ষতম নেতা নৰেন্দ্ৰ নৰেন্দ্ৰ মোদীৰ কাৰ্যকুশলতা আৰু জনপ্রিয়তাৰ লগতে বাকপটুতা আৰু নির্বাচনী কৌশলে। এই ৰাজ্যকেইখনত কংগ্ৰেছ আৰু আন বিৰোধী দলক আঁতৰাই বিজেপিয়ে শাসন দখল কৰিলে। 


এই বিষয়ত ৰাজনৈতিক বিশ্লেষকসকলে মত ব্যক্ত কৰা অনুসৰি, প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিজেপিয়ে ৰাজ্যকেইখনৰ আঞ্চলিক সমস্যাত গুৰুত্ব দিয়া, সাংগঠনিক দিশত শক্তিশালী বিস্তাৰ, বিজেপিৰ শক্তিশালী স্থিতি নথকা ৰাজ্যত প্রধানমন্ত্রী মোদী আৰু গৃহ মন্ত্রী অমিত শ্বাহৰ প্ৰত্যক্ষ সবল নির্বাচনী প্রচাৰ, মিত্রজোটৰ ব্যৱস্থাপনা, বিকাশমুখী আঁচনিৰ প্রতিশ্রুতি দি নখন ৰাজ্যত ক্ষমতা দখল কৰিবলৈ সক্ষম হয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান