--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মুখ্যমন্ত্ৰীৰ সৈতে আজি আন চাৰিগৰাকী জ্যেষ্ঠ নেতাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। তেওঁলোক হ’ল: অজন্তা নেওগ, অতুল বৰা, চৰণ বড়ো আৰু ৰামেশ্বৰ তেলী।

ডিজিটেল ডেস্ক: অসমৰ ৰাজনৈতিক ইতিহাসত এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰি আজি অনুষ্ঠিত হ’ব এন ডি এ (NDA) চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান ৩.০। খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক বিশাল জনসভাৰ মাজত ড° হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।


মুখ্যমন্ত্ৰীৰ সৈতে আজি আন চাৰিগৰাকী জ্যেষ্ঠ নেতাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। তেওঁলোক হ’ল: অজন্তা নেওগ, অতুল বৰা, চৰণ বড়ো আৰু ৰামেশ্বৰ তেলী।


খানাপাৰাৰ এই বৰ্ণিল অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু শীৰ্ষনেতাই অংশগ্ৰহণ কৰিব:


কেন্দ্ৰীয় নেতৃত্ব: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।


ৰাজ্যিক প্ৰতিনিধি: দেশৰ ২১ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকল।


অন্যান্য বিশেষ অতিথি: কেইবাখনো দেশৰ ৰাষ্ট্ৰদূত, দেশৰ আগশাৰীৰ উদ্যোগপতি, বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ তথা আধ্যাত্মিক গুৰুসকল।


ব্যৱস্থাপনা আৰু জনসমাগম


প্ৰশাসনে জনোৱা অনুসৰি, এই শপতগ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ প্ৰায় এক লাখৰো অধিক লোকৰ সমাগম ঘটিব। খানাপাৰাৰ খেলপথাৰত ইয়াৰ বাবে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে।


এক নব্য যাত্ৰাৰ আৰম্ভণি: এন ডি এ চৰকাৰৰ এই তৃতীয়টো কাৰ্যকালত অসমৰ উন্নয়নৰ ধাৰা অধিক ত্বৰান্বিত হ’ব বুলি আশা কৰা হৈছে। ড° শৰ্মাৰ নেতৃত্বত গঠন হ’বলগীয়া এই নতুন চৰকাৰখনে ৰাজ্যখনৰ জনসাধাৰণৰ আশা-আকাংক্ষাক কিদৰে পূৰণ কৰে, সেয়া হ’ব লক্ষ্যণীয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
হজম শক্তি বৃদ্ধিৰ পৰা শৰীৰ শীতল ৰখালৈ-জলজীৰাৰ স্বাস্থ্যসন্মত লাভালাভ
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
নিশা সূৰ্যৰ পোহৰ বিলাব মার্কিন ষ্টার্ট আপে!
কলিয়াবৰত বান্দৰৰ আক্ৰমণত ছাত্ৰ-ছাত্ৰী আহত
কাজিৰঙাত আজিৰে পৰা আৰম্ভ জীপ চাফাৰী
ইউৰোপত এবছৰত ২২ হাজাৰটা প্ৰতিবাদী কাৰ্যসূচী, চৰকাৰ-বিৰোধী বিক্ষোভ-সমদলত উত্তাল
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
বৰক্ষেত্ৰীত জুইৰ লেলিহান শিখাত জাহ গ’ল ৫খনকৈ দোকান, ১৫ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল