--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০১৯-২১ চনত ৭৮
  • ৬ শতাংশ ভাৰতীয় মহিলাৰ বেংক একাউণ্ট আছিল। কিন্তু ২০২৩-২৪ চনত ইয়াৰ সংখ্যা ৮৯ শতাংশলৈ বৃদ্ধি পালে।

ডিজিটেল ডেস্ক: বৰ্তমান সময়ত ৬৪% ভাৰতীয় মহিলাই ইণ্টাৰনেট ব্যৱহাৰ কৰে। শুকুৰবাৰে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ ষষ্ঠ প্রতিবেদনত এই তথ্য প্রকাশ পাইছে। ২০১৯-২০২১ চনত ৩৩.৩% ভাৰতীয় মহিলাই ইণ্টাৰনেট ব্যৱহাৰ কৰিছিল। কিন্তু মাত্ৰ চাৰি বছৰতে ইয়াৰ সংখ্যা দুগুণ হ'ল। 


২০২৩-২০২৪ চনত ভাৰতত ইণ্টাৰনেট ব্যৱহাৰকাৰী মহিলাৰ সংখ্যা ৬৪.৩ শতাংশলৈ বৃদ্ধি পালে। ভাৰতীয় মহিলাৰ মাজত ডিজিটেল সুবিধা উপলব্ধ হোৱাৰ মাত্ৰ চাৰি বছৰৰ ভিতৰত দুগুণ বৃদ্ধি পালে। আনহাতে, ২০১৯-২১ চনত ৭৮.৬ শতাংশ ভাৰতীয় মহিলাৰ বেংক একাউণ্ট আছিল। কিন্তু ২০২৩-২৪ চনত ইয়াৰ সংখ্যা ৮৯ শতাংশলৈ বৃদ্ধি পালে। ঠিক সেইদৰে, ২০১৯-২১ চনত ৫৩.৯ শতাংশ মহিলাৰ ব্যক্তিগত ম'বাইল ফ'ন আছিল। 


২০২৩-২৪ চনত ৬৩.৬ শতাংশ ভাৰতীয় মহিলাই ব্যক্তিগত ম'বাইল ফ'ন ব্যৱহাৰ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্র্যালয়ে এই বিষয়ত কয় যে মহিলাৰ ডিজিটেল অন্তর্ভুক্তি আৰু বিত্তীয় সবলীকৰণৰ বিকাশৰ ধাৰা অব্যাহত আছে।

উৎস: দৈনিক জনমভূমি







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ