--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আৰ এফ আকাশৰ কথা, সুৰ আৰু হিমাংশু বৰাৰ সংগীতেৰে সজোৱা তথা জুবিন গার্গে কণ্ঠদান কৰা গীতটিক ইতিমধ্যে অসমবাসীয়ে হৃদয়ত স্থান দিছে। হেজাৰজন জুবিন অনুৰাগীয়ে প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি অশ্রুসিক্ত নয়নেৰে গাইছে 'মই নথকাৰ অনুভৱ' গীতটি।

ডিজিটেল ডেস্ক : প্ৰাণৰ শিল্পী জুবিন গার্গে কণ্ঠদান কৰা 'মই নথকাৰ অনুভৱ' গীতটিক কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে বিকৃত কৰাৰ ক্ষেত্ৰত বিহিত ব্যবস্থা গ্ৰহণৰ দাবীৰে কালি গীতটোৰ সংগীতকাৰ হিমাংশু বৰাই তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ জনপ্রিয় গীতটোৰ লগতে অসমীয়া আন একাংশ গীতো কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে এইদৰে প্ৰচাৰ কৰিছে কেইবাটাও ইউটিউব চেনেল আৰু ফে'চবুক পেজে। 


উল্লেখযোগ্য যে আৰ এফ আকাশৰ কথা, সুৰ আৰু হিমাংশু বৰাৰ সংগীতেৰে সজোৱা তথা জুবিন গার্গে কণ্ঠদান কৰা গীতটিক ইতিমধ্যে অসমবাসীয়ে হৃদয়ত স্থান দিছে। হেজাৰজন জুবিন অনুৰাগীয়ে প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি অশ্রুসিক্ত নয়নেৰে গাইছে 'মই নথকাৰ অনুভৱ' গীতটি। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছত যেন শিল্পীগৰাকীৰ এই গীতটিয়েই বাজি আছে প্ৰতিগৰাকী অনুৰাগীৰ অন্তৰত। গীতটোৰ এনে জনপ্রিয়তাৰে সুযোগ লৈ একাংশ ইউটিউব চেনেল আৰু ফে'চবুক পেজত এই গীতটি কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে পৃথক সুৰ আৰু সংগীতেৰে প্ৰস্তুত কৰাৰ লগতে ইয়াত জুবিন গাৰ্গৰ ফটো ব্যৱহাৰ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছে। 


এই ঘটনাত ক্ষুব্ধ হৈ পৰা গীতটিৰ সংগীত পৰিচালক তেজপুৰৰ হিমাংশু বৰাই কালি এজাহাৰ দাখিল কৰি কয় যে এটা গীত নিৰ্মাণ কৰাৰ আঁৰত শিল্পীসকলৰ যি কষ্ট আৰু সাধনা সেয়া কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে ধূলিসাৎ কৰা হৈছে। মেল'ডি মেট্রিক্‌ছ এ আই, কে আৰ ছুপাৰ হিষ্টৰীকে ধৰি কেইবাটাও ইউটিউব চেনেল আৰু ফে'চবুক পেজৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে হিমাংশু বৰাই কালি আহ্বান জনাই তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰে। উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান