--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আৰ এফ আকাশৰ কথা, সুৰ আৰু হিমাংশু বৰাৰ সংগীতেৰে সজোৱা তথা জুবিন গার্গে কণ্ঠদান কৰা গীতটিক ইতিমধ্যে অসমবাসীয়ে হৃদয়ত স্থান দিছে। হেজাৰজন জুবিন অনুৰাগীয়ে প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি অশ্রুসিক্ত নয়নেৰে গাইছে 'মই নথকাৰ অনুভৱ' গীতটি।

ডিজিটেল ডেস্ক : প্ৰাণৰ শিল্পী জুবিন গার্গে কণ্ঠদান কৰা 'মই নথকাৰ অনুভৱ' গীতটিক কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে বিকৃত কৰাৰ ক্ষেত্ৰত বিহিত ব্যবস্থা গ্ৰহণৰ দাবীৰে কালি গীতটোৰ সংগীতকাৰ হিমাংশু বৰাই তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ জনপ্রিয় গীতটোৰ লগতে অসমীয়া আন একাংশ গীতো কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে এইদৰে প্ৰচাৰ কৰিছে কেইবাটাও ইউটিউব চেনেল আৰু ফে'চবুক পেজে। 


উল্লেখযোগ্য যে আৰ এফ আকাশৰ কথা, সুৰ আৰু হিমাংশু বৰাৰ সংগীতেৰে সজোৱা তথা জুবিন গার্গে কণ্ঠদান কৰা গীতটিক ইতিমধ্যে অসমবাসীয়ে হৃদয়ত স্থান দিছে। হেজাৰজন জুবিন অনুৰাগীয়ে প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি অশ্রুসিক্ত নয়নেৰে গাইছে 'মই নথকাৰ অনুভৱ' গীতটি। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছত যেন শিল্পীগৰাকীৰ এই গীতটিয়েই বাজি আছে প্ৰতিগৰাকী অনুৰাগীৰ অন্তৰত। গীতটোৰ এনে জনপ্রিয়তাৰে সুযোগ লৈ একাংশ ইউটিউব চেনেল আৰু ফে'চবুক পেজত এই গীতটি কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে পৃথক সুৰ আৰু সংগীতেৰে প্ৰস্তুত কৰাৰ লগতে ইয়াত জুবিন গাৰ্গৰ ফটো ব্যৱহাৰ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছে। 


এই ঘটনাত ক্ষুব্ধ হৈ পৰা গীতটিৰ সংগীত পৰিচালক তেজপুৰৰ হিমাংশু বৰাই কালি এজাহাৰ দাখিল কৰি কয় যে এটা গীত নিৰ্মাণ কৰাৰ আঁৰত শিল্পীসকলৰ যি কষ্ট আৰু সাধনা সেয়া কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে ধূলিসাৎ কৰা হৈছে। মেল'ডি মেট্রিক্‌ছ এ আই, কে আৰ ছুপাৰ হিষ্টৰীকে ধৰি কেইবাটাও ইউটিউব চেনেল আৰু ফে'চবুক পেজৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে হিমাংশু বৰাই কালি আহ্বান জনাই তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰে। উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত