--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়াকৈ সংঘটিত হোৱা সংঘৰ্ষৰ সময়ত দুয়োপক্ষৰ মাজত ড্ৰ'নেৰে আক্ৰমণৰ সূচনা হৈছিল। 

ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডক শক্তিশালী কৰি 'ছ'লাৰ ডিফেন্স এণ্ড এৰ'স্পেচ লিমিটেড'ৰ দ্বাৰা (এছ ডি এ এল) ডিজাইন আৰু উন্নীত কৰা এটা কম ব্যয়ৰ 'কাউণ্টৰ ড্ৰ'ন' ছিষ্টেম 'ভাৰ্গৱাস্ত্ৰ' ভাৰতে মুকলি কৰিছে।

শত্ৰুৰ ড্ৰ'ন আক্ৰমণক প্রতিহত কৰাৰ বাবে উপযোগী এই মাইক্র' ৰকেটটোৰ ১৩ মে'ত গোপালপুৰত তিনিবাৰ পৰীক্ষণ কৰা হয়। গোপালপুৰৰ ছীৱাৰ্ড ফায়াৰিং ৰেঞ্জত এই মাইক্ৰ' ৰকেটটোৰ সফল পৰীক্ষণৰ সময়ত ভাৰতীয় সেনাৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।

থলুৱাভাৱে নির্মিত ভাৰতৰ এই মাইক্ৰ' ৰকেটটোৱে ২.৫ কিল'মিটাৰ পৰ্যন্ত শত্ৰুৰ ড্ৰ'ন আক্রমণ প্রতিহত কৰিব পাৰিব।

এই মাইক্ৰ' ৰকেটটোৰ মুকলিৰ লগে লগে ভাৰতৰ বায়ু প্ৰতিৰক্ষা খণ্ডত আৰু এটা প্ৰযুক্তিৰ সংযোজন হ'ল।
উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত