--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়াকৈ সংঘটিত হোৱা সংঘৰ্ষৰ সময়ত দুয়োপক্ষৰ মাজত ড্ৰ'নেৰে আক্ৰমণৰ সূচনা হৈছিল। 

ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডক শক্তিশালী কৰি 'ছ'লাৰ ডিফেন্স এণ্ড এৰ'স্পেচ লিমিটেড'ৰ দ্বাৰা (এছ ডি এ এল) ডিজাইন আৰু উন্নীত কৰা এটা কম ব্যয়ৰ 'কাউণ্টৰ ড্ৰ'ন' ছিষ্টেম 'ভাৰ্গৱাস্ত্ৰ' ভাৰতে মুকলি কৰিছে।

শত্ৰুৰ ড্ৰ'ন আক্ৰমণক প্রতিহত কৰাৰ বাবে উপযোগী এই মাইক্র' ৰকেটটোৰ ১৩ মে'ত গোপালপুৰত তিনিবাৰ পৰীক্ষণ কৰা হয়। গোপালপুৰৰ ছীৱাৰ্ড ফায়াৰিং ৰেঞ্জত এই মাইক্ৰ' ৰকেটটোৰ সফল পৰীক্ষণৰ সময়ত ভাৰতীয় সেনাৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।

থলুৱাভাৱে নির্মিত ভাৰতৰ এই মাইক্ৰ' ৰকেটটোৱে ২.৫ কিল'মিটাৰ পৰ্যন্ত শত্ৰুৰ ড্ৰ'ন আক্রমণ প্রতিহত কৰিব পাৰিব।

এই মাইক্ৰ' ৰকেটটোৰ মুকলিৰ লগে লগে ভাৰতৰ বায়ু প্ৰতিৰক্ষা খণ্ডত আৰু এটা প্ৰযুক্তিৰ সংযোজন হ'ল।
উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ