--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতে ৰব'টিক সৈন্যৰ বিকাশ সাধন কৰি আছে। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ (ডি আৰ ডি অ') বিজ্ঞানীসকলে এনেধৰণৰ মানৱ ৰব'টৰ (হিউমেনয়ড ৰব'ট) বিকাশৰ কাম কৰি আছে, যি যুদ্ধক্ষেত্রৰ আগশাৰীত থাকি সামৰিক অভিযানত অংশগ্রহণ কৰিব পাৰিব। 

ডি আৰ ডি অ'ৰ এজন বিষয়াই এই কথা প্ৰকাশ কৰি কয় যে মানৱ ৰব'টে অতি বিপজ্জনক স্থানত সৈনিকৰ জীৱন বিপদাপন্ন নকৰাকৈ জটিল অভিযানক সফল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। 

এই ৰব'টিক সেনাই মানৱৰ নিৰ্দেশত জটিল কাৰ্য কৰাত সক্ষম হ'ব। এই ৰব'টক এনেধৰণে ডিজাইন কৰা হৈছে যে অধিক বিপদৰ শংকা থকা পৰিৱেশত সৈনিকৰ সুৰক্ষা সুনিশ্চিত কৰিব পাৰিব। পুনেৰ চেণ্টাৰ ফৰ ছিষ্টেম এণ্ড টেকন'লজিছ ফৰ এডভান্স ৰব'টিছৰ সঞ্চালক এন ই তলিলে জনোৱা মতে, তেওঁৰ নেতৃত্বত বিজ্ঞানীসকলৰ এটা দলে যোৱা চাৰি বছৰে এই প্ৰকল্পৰ কাম কৰি আছে। তেওঁ জনোৱা মতে, এই ৰব'টিক শৰীৰৰ ওপৰ আৰু তলৰ অংশৰ বাবে সুকীয়া সুকীয়া প্রটোটাইপৰ বিকাশ কৰা হৈছে। অভ্যন্তৰীণ পৰীক্ষাৰ সময়ত কিছুমান কাৰ্য কৰাত এই হিউমেনয়ড ৰব'ট সফল হোৱা বুলি তেওঁ প্রকাশ কৰে। 

পুনেত অলপতে অনুষ্ঠিত হোৱা নেশ্যনেল ৱৰ্কশ্বপ অন এডভান্সড লেগড ৰব'টিক্সত এই ৰব'ট প্ৰদৰ্শন কৰা হয়। এই ৰব'টে জংঘলৰ দৰে দুৰ্গম অঞ্চলত কাম কৰিব পাৰিব। ডি আৰ ডি অ'ৰ গৱেষণাগাৰ ৰিচাৰ্ছ এণ্ড ডেভেলপমেন্ট এষ্টাৰিছমেণ্টত (ইঞ্জিনীয়াৰ্ছ) এই ৰব'টৰ বিকাশৰ কাম কৰি থকা হৈছে।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত