--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতে ৰব'টিক সৈন্যৰ বিকাশ সাধন কৰি আছে। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ (ডি আৰ ডি অ') বিজ্ঞানীসকলে এনেধৰণৰ মানৱ ৰব'টৰ (হিউমেনয়ড ৰব'ট) বিকাশৰ কাম কৰি আছে, যি যুদ্ধক্ষেত্রৰ আগশাৰীত থাকি সামৰিক অভিযানত অংশগ্রহণ কৰিব পাৰিব। 

ডি আৰ ডি অ'ৰ এজন বিষয়াই এই কথা প্ৰকাশ কৰি কয় যে মানৱ ৰব'টে অতি বিপজ্জনক স্থানত সৈনিকৰ জীৱন বিপদাপন্ন নকৰাকৈ জটিল অভিযানক সফল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। 

এই ৰব'টিক সেনাই মানৱৰ নিৰ্দেশত জটিল কাৰ্য কৰাত সক্ষম হ'ব। এই ৰব'টক এনেধৰণে ডিজাইন কৰা হৈছে যে অধিক বিপদৰ শংকা থকা পৰিৱেশত সৈনিকৰ সুৰক্ষা সুনিশ্চিত কৰিব পাৰিব। পুনেৰ চেণ্টাৰ ফৰ ছিষ্টেম এণ্ড টেকন'লজিছ ফৰ এডভান্স ৰব'টিছৰ সঞ্চালক এন ই তলিলে জনোৱা মতে, তেওঁৰ নেতৃত্বত বিজ্ঞানীসকলৰ এটা দলে যোৱা চাৰি বছৰে এই প্ৰকল্পৰ কাম কৰি আছে। তেওঁ জনোৱা মতে, এই ৰব'টিক শৰীৰৰ ওপৰ আৰু তলৰ অংশৰ বাবে সুকীয়া সুকীয়া প্রটোটাইপৰ বিকাশ কৰা হৈছে। অভ্যন্তৰীণ পৰীক্ষাৰ সময়ত কিছুমান কাৰ্য কৰাত এই হিউমেনয়ড ৰব'ট সফল হোৱা বুলি তেওঁ প্রকাশ কৰে। 

পুনেত অলপতে অনুষ্ঠিত হোৱা নেশ্যনেল ৱৰ্কশ্বপ অন এডভান্সড লেগড ৰব'টিক্সত এই ৰব'ট প্ৰদৰ্শন কৰা হয়। এই ৰব'টে জংঘলৰ দৰে দুৰ্গম অঞ্চলত কাম কৰিব পাৰিব। ডি আৰ ডি অ'ৰ গৱেষণাগাৰ ৰিচাৰ্ছ এণ্ড ডেভেলপমেন্ট এষ্টাৰিছমেণ্টত (ইঞ্জিনীয়াৰ্ছ) এই ৰব'টৰ বিকাশৰ কাম কৰি থকা হৈছে।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ