--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পঞ্জাবৰ জনপ্ৰিয় কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে দিল্লী আৰক্ষীয়ে৷ দিল্লী আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে এই হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড৷ ধৃত লৰেন্স বিষ্ণৈক সিদ্ধু হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড হিচাপে চিহ্নিত কৰিছে দিল্লী আৰক্ষীয়ে৷

ইতিমধ্যে মহাৰাষ্ট্ৰ আৰক্ষীক সিদ্ধেশ হীৰমান কাম্বলে ওৰফে মহাকালৰ ১৪ দিনৰ আৰক্ষী জিম্মাৰ ৰিমাণ্ড দিয়া হৈছে। তেওঁ এজন শ্বুটাৰৰ ঘনিষ্ঠ সহযোগী, কিন্তু তেওঁ এই হত্যাকাণ্ডত জড়িত নহয় বুলি দিল্লী আৰক্ষীৰ বিশেষ চিপি এইচজিএছ ধালিৱালে সদৰী কৰিছে৷

দিল্লী আৰক্ষীয়ে অস্ত্ৰ চোৰাং ব্যৱসায়ৰ গোচৰত ৩১ মে’ত তিহাৰৰ ৮ নং কাৰাগাৰৰ পৰা লৰেন্স বিষ্ণৈক গ্ৰেপ্তাৰ কৰিছিল। দিল্লী আৰক্ষীয়ে তেওঁক এমচিওচিএ আইনৰ অধীনত গোচৰ ৰুজু কৰাৰ পিছত তেওঁক যোৱা এবছৰৰ পৰা তিহাৰত ৰখা হৈছে।

২৯ মে’ত মানসাত মুছেৱালাক গুলীয়াই হত্যা কৰাৰ কিছু মুহূৰ্তৰ পাছত সংবাদমেলত পঞ্জাৱ আৰক্ষীয়ে গায়কজনৰ হত্যাৰ বাবে বিষ্ণৈ আৰু কানাডাস্থিত গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ নাম উল্লেখ কৰিছিল। চুপাৰষ্টাৰ চলমান খান আৰু তেওঁৰ দেউতাক চেলিম খানক ভাবুকি দিয়া এখন পত্ৰৰ বাবেও বিষ্ণৈয়ো স্কেনাৰৰ অধীনত আছে। সোমবাৰে মুম্বাইৰ বেণ্ডষ্টেণ্ড প্ৰমেনাডৰ এখন বেঞ্চত পোৱা টোকা এটাত চলমান খানক দিয়া হৈছিল মৃত্যুৰ ভাবুকি৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত