--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্যায়ৰ বিৰুদ্ধে সদা সচেতন, প্ৰান্তীয় কন্ঠ নহৈ দৰিদ্ৰ জনসাধাৰণৰ কণ্ঠস্বৰত পৰিণত হোৱা ভাৰতৰ অন্যতম সুপৰিচিত ব্যক্তিত্ব কিৰণ বেদী। প্ৰথম মহিলা আই পি এছ বিষয়া হিচাপে তেওঁ নিজৰ প্ৰগতিশীল দৃষ্টিভংগীৰে এনে বহু পদক্ষেপ গ্ৰহণ কৰিছিল, যিয়ে ভাৰতীয় সমাজব্যৱস্থাক গতি দিয়াত কৰিছিল সহায়। দেশৰ প্ৰথমগৰাকী মহিলা আইপিএছ বিষয়া হোৱাৰ উপৰি কিৰণ বেদী এগৰাকী সামাজিক কৰ্মী, টেনিছ খেলুৱৈ আৰু ৰাজনীতিবিদ হিচাপেও সক্ৰিয়। ২৮ মে’ ২০১৬ৰ পৰা ১৬ ফেব্ৰুৱাৰী ২০২১লৈকে পুডুচেৰীৰ লেফটেনেণ্ট গৱৰ্ণৰ হিচাপে নিজৰ দায়িত্ব পালন কৰিছে তেওঁ। 

প্ৰশংসনীয় প্ৰচেষ্টাৰ বাবে কিৰণ বেদীক এতিয়ালৈকে বহু সন্মানেৰে সন্মানিত হৈছে। আজি তেওঁৰ জন্মদিন। বিশেষ দিনটোত শুভাকাংক্ষীৰ তৰফৰ পৰা তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্নজনে। কিৰণ বেদীৰ জন্মদিন উপলক্ষে মহিলাসকলে নিশ্চয় জানিব লাগিব তেওঁৰ কৃতিত্বৰ বিষয়ে। তেওঁৰ ৰোমাঞ্চকৰ যাত্ৰা কেনেকুৱা আছিল জানো আহক-

কিৰণ বেদীৰ জন্ম হৈছিল ১৯৪৯ চনৰ ৯ জুনত পঞ্জাৱত। অমৃতসৰৰ ছেক্ৰেড হাৰ্ট কনভেণ্ট স্কুলৰ পৰা পঢ়া-শুনা কৰি কিৰণ বেদীয়ে এনচিচিত যোগদান কৰে। ইয়াৰ পিছত তেওঁ ইংৰাজীত বি এ অনাৰ্ছ কৰিছিল। পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত এম এ কৰিছিল মেধাৱী ছাত্ৰী কিৰণ বেদীয়ে। ইয়াৰ উপৰি তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়তো অধ্যয়ন কৰিছি। টেনিছ খেলি ভাল পাইছিল কিৰণ বেদীয়ে। পিতৃৰ পৰা অনুপ্ৰাণিত হৈ বেদীয়ে ন বছৰ বয়সতে টেনিছ খেলিবলৈ আৰম্ভ কৰে। ১৯৬৬ চনত ৰাষ্ট্ৰীয় জুনিয়ৰ টেনিছ চেম্পিয়নো হয় তেওঁ। ৰাষ্ট্ৰীয় চেম্পিয়ন হিচাপে উইম্বলডন জুনিয়ৰ চেম্পিয়নশ্বিপত প্ৰৱেশৰ বাবে যোগ্য প্ৰতিযোগী আছিল কিৰণ বেদী, কিন্তু ভাৰতীয় প্ৰশাসনে তেওঁক মনোনীত কৰা নাছিল। ১৯৬৫ চনৰ পৰা ১৯৭৮ চনৰ ভিতৰত কিৰণ বেদীয়ে বহুতো ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খিতাপ দখলেৰে দৃষ্টি কাঢ়িৰছিল সকলোৰে।

ভাৰতৰ প্ৰথমগৰাকী মহিলা আই পি এছ বিষয়া হোৱাৰ পিছত কিৰণ বেদীয়ে দিল্লী, গোৱা, চণ্ডীগড় আৰু মিজোৰামত অভূতপূৰ্ব সেৱা আগবঢ়ায়। ১৯৭৯ চনত তেওঁৰ অসাধাৰণ সেৱাৰ বাবে ৰাষ্ট্ৰপতি আৰক্ষী পদক প্ৰদান কৰা হয়। এজন অতি শৃংখলাবদ্ধ আৰু কঠোৰ বিষয়া হিচাপে সুনাম আছে তেওঁৰ। পশ্চিম দিল্লীলৈ স্থানান্তৰ কৰাৰ পাছত মহিলাৰ বিৰুদ্ধে অপৰাধমূলক কাৰ্য ব্যাপক হাৰত হ্ৰাস পাইছিল। ১৯৮২ চনৰ এছিয়ান গেমছৰ সময়ত কিৰণ বেদীয়ে যান-বাহন ব্যৱস্থাৰ নিৰীক্ষণৰ দায়িত্ব গ্ৰহণ কৰিছিল। দিল্লীৰ ডিচিপি হৈ থকাৰ সময়তে তেওঁ ড্ৰাগছৰ অপব্যৱহাৰৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল, যিটো পৰৱৰ্তী সময়ত নৱজ্যোতি দিল্লী পুলিচ ফাউণ্ডেশ্যনলৈ ৰূপান্তৰিত হৈছিল। ইয়াৰোপৰি তেওঁ দৰিদ্ৰ লোকৰ জীৱন উন্নত কৰাৰ বাবে ‘ইণ্ডিয়া ভিজন ফাউণ্ডেশ্যনো’ প্ৰতিষ্ঠা কৰিছিল।

স্বাভাৱিকতে, কিৰণ বেদীৰ জীৱনৰ সোণোৱালী যাত্ৰা আমাৰ সমাজৰ বাবে অনুপ্ৰেৰণাৰ উত্‍স। তেওঁৰ জীৱনৰ অধ্যয়নে আমাকো আগুৱাই যোৱাত উদগণি যোগাব নিশ্চয়। নতুন প্ৰজন্মই এই ধৰণৰ ব্যক্তিত্বক ওচৰৰ পৰা জনাৰ, বুজাৰ প্ৰয়োজনীয়তা আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ