--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কণিকা কাপুৰৰ(Kanika Kapoor) দ্বিতীয় বিবাহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ২০ মে'ত লণ্ডনস্থিত ব্যৱসায়ী গৌতম হাথিৰমণিৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ‘বেবী ড’ল’ খ্যাত কণ্ঠশিল্পী কণিকা কাপুৰ। লণ্ডনত অনুষ্ঠিত হোৱা গৌতম আৰু কণিকাৰ বিয়াৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু সকলোৱে তেওঁলোকৰ বৈবাহিক জীৱন সুখৰ হ’বলৈ শুভকামনা জনাইছে।
 

বৰ্তমান ৪৩ বছৰীয়া কণিকাই মাত্ৰ ১৮ বছৰ বয়সতে জীৱনৰ প্ৰথম বিবাহ সম্পন্ন কৰিছিল। তেওঁৰ প্ৰথম স্বামীৰ নাম আছিল ৰাজ চান্দক। বিয়াৰ পাছত কণিকা আৰু ৰাজ চান্দক লণ্ডনলৈ স্থানান্তৰিত হয়। 



তিনি সন্তানৰ সৈতে কণিকা

ৰাজ আৰু কণিকাৰ আয়ানা, ছামাৰা আৰু যুৱৰাজ নামেৰে তিনিটা সন্তান আছে। ২০১২ চনত ৰাজ আৰু কণিকাৰ বিবাহ বিচ্ছেদ ঘটে। ইয়াৰ পাছত ছিংগল মাদাৰ হৈ সন্তান তিনিটাৰ দায়িত্ব লয় কণিকা কাপুৰে।

 

প্ৰথম স্বামী ৰাজ চন্দকৰ সৈতে কণিকা কাপুৰ

কণিকা কাপুৰে কয় যে ‘‘মই কৃতজ্ঞ যে ভগৱানে মোক পৰাৰ পৰা উঠিবলৈ, অকলশৰীয়া মাতৃ হ’বলৈ আৰু মানুহে মোৰ ওপৰত শিলগুটি নিক্ষেপ কৰাৰ সময়ত মোৰ জীৱনটো পুনৰ আৰম্ভ কৰিবলৈ শক্তি দিলে।’’ উল্লেখ্য তেওঁৰ জীৱনলৈ এনেকুৱা সময়ো আহিছিল যেতিয়া আত্মহত্যা কৰাৰ কথা তেওঁৰ মনলৈ আহিছিল। সেইসময়ত কণিকাৰ সময়বোৰ দ্বিধাবোধ, আতংক আৰু ভয়ৰে ভৰি পৰিছিল। কিন্তু কিবা নহয় কিবা প্ৰকাৰে কণিকাই নিজকে চম্ভালি লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিছিল। 



তেনে সময়তে পুনৰ কণিকাই গৌতম হাথিৰমণিৰ মাজত জীৱনৰ ৰং বিচাৰি পায়। জানিব পৰা মতে দুয়োজনে এবছৰ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰি আছিল আৰু তাৰপাছতেই বিয়াৰ সিদ্ধান্ত লৈছিল। বিবাহ বিচ্ছেদৰ ১০ বছৰৰ পাছত পুনৰ গৌতমৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান