--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কণিকা কাপুৰৰ(Kanika Kapoor) দ্বিতীয় বিবাহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ২০ মে'ত লণ্ডনস্থিত ব্যৱসায়ী গৌতম হাথিৰমণিৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ‘বেবী ড’ল’ খ্যাত কণ্ঠশিল্পী কণিকা কাপুৰ। লণ্ডনত অনুষ্ঠিত হোৱা গৌতম আৰু কণিকাৰ বিয়াৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু সকলোৱে তেওঁলোকৰ বৈবাহিক জীৱন সুখৰ হ’বলৈ শুভকামনা জনাইছে।
 

বৰ্তমান ৪৩ বছৰীয়া কণিকাই মাত্ৰ ১৮ বছৰ বয়সতে জীৱনৰ প্ৰথম বিবাহ সম্পন্ন কৰিছিল। তেওঁৰ প্ৰথম স্বামীৰ নাম আছিল ৰাজ চান্দক। বিয়াৰ পাছত কণিকা আৰু ৰাজ চান্দক লণ্ডনলৈ স্থানান্তৰিত হয়। 



তিনি সন্তানৰ সৈতে কণিকা

ৰাজ আৰু কণিকাৰ আয়ানা, ছামাৰা আৰু যুৱৰাজ নামেৰে তিনিটা সন্তান আছে। ২০১২ চনত ৰাজ আৰু কণিকাৰ বিবাহ বিচ্ছেদ ঘটে। ইয়াৰ পাছত ছিংগল মাদাৰ হৈ সন্তান তিনিটাৰ দায়িত্ব লয় কণিকা কাপুৰে।

 

প্ৰথম স্বামী ৰাজ চন্দকৰ সৈতে কণিকা কাপুৰ

কণিকা কাপুৰে কয় যে ‘‘মই কৃতজ্ঞ যে ভগৱানে মোক পৰাৰ পৰা উঠিবলৈ, অকলশৰীয়া মাতৃ হ’বলৈ আৰু মানুহে মোৰ ওপৰত শিলগুটি নিক্ষেপ কৰাৰ সময়ত মোৰ জীৱনটো পুনৰ আৰম্ভ কৰিবলৈ শক্তি দিলে।’’ উল্লেখ্য তেওঁৰ জীৱনলৈ এনেকুৱা সময়ো আহিছিল যেতিয়া আত্মহত্যা কৰাৰ কথা তেওঁৰ মনলৈ আহিছিল। সেইসময়ত কণিকাৰ সময়বোৰ দ্বিধাবোধ, আতংক আৰু ভয়ৰে ভৰি পৰিছিল। কিন্তু কিবা নহয় কিবা প্ৰকাৰে কণিকাই নিজকে চম্ভালি লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিছিল। 



তেনে সময়তে পুনৰ কণিকাই গৌতম হাথিৰমণিৰ মাজত জীৱনৰ ৰং বিচাৰি পায়। জানিব পৰা মতে দুয়োজনে এবছৰ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰি আছিল আৰু তাৰপাছতেই বিয়াৰ সিদ্ধান্ত লৈছিল। বিবাহ বিচ্ছেদৰ ১০ বছৰৰ পাছত পুনৰ গৌতমৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ