--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড জগতত তেওঁ এজন প্ৰেমিক মানুহ! সৌমী আলীৰ পৰা ঐশ্বৰ্য ৰায়লৈকে, কেটৰিনা কাঈফৰ পৰা লুলিয়া ভান্টুৰলৈকে ইজনৰ পিছত সিজনকৈ বলীউড অভিনেত্ৰীক প্ৰেমিকাৰ স্থান দি সদা চৰ্চিত ভাইজান। কেতিয়াবা যদি প্ৰেম, কেতিয়াবা বিবাদ। মুঠতে ভাইজান মানেই যেন এক শিহৰণ, এক আলোঢ়ন। একেজনী ছোৱালীৰ প্ৰেমত হেনো বেছিদিনলৈ মন নবহে ভাইজানৰ, শেহতীয়া এই কথা পোহৰলৈ আহিছে।ভাইজানৰ এই গোপন ৰহস্য ফাদিল কৰিছে তেওঁৰপে এগৰাকী সহ অভিনেত্ৰীয়ে।

৫৬ বছৰীয়া ‘তৰুণ’ নায়ক গৰাকীক লৈ এনে এক মন্তব্য কৰিছে  তেওঁৰ প্ৰথমখন হিট চিনেমা  ‘মেইনে প্যায়াৰ কিয়া’ৰ নায়িকা ভাগ্যশ্ৰীয়ে। এটা সাক্ষাৎকাৰত অভিনেত্ৰী ভাগ্যশ্ৰীয়ে নিজেই প্ৰকাশ কৰিলে ছলমানৰ প্ৰেমিকাৰ দীঘলীয়া তালিকাৰ নেপথ্যৰ ৰহস্য! 

সাক্ষাৎকাৰত ভাগ্যশ্ৰীয়ে কয়, ‘এবাৰ ছলমানে কৈছিল যে ভাল ছোৱালীয়ে তেওঁৰ প্ৰেমত পৰাটো তেওঁ নিবিচাৰে। এনে অদ্ভুত কথাৰ কাৰণ জানিবলৈ বিচাৰতেও তেওঁ কৈছিল, ‘মই ভাল মানুহ নহয়।’ তাৰপাছতে ছলমানে কৈছিল, এজনী ছোৱালীৰ সৈতে কেইদিনমান একেলগে কটোৱাৰ পিছত মই বিৰক্ত হৈ পৰো  আৰু যেতিয়ালৈকে এই স্বভাৱ সলনি কৰিব নোৱাৰো, মই নিবিচাৰো কোনোৱে মোৰ কাষলৈ আহক। সেইবাবে প্ৰেমত পৰিলেও এই সম্পৰ্ক হৈ পৰে ক্ষন্তেকীয়া।’

উল্লেখ্য যে, এসময়ত ৰূপালী পৰ্দাত দেখিবলৈ পোৱা এই যুটিৰ আহিল ব্যাপক সমাদৰ। তেওঁলোকৰ অভিনয়ে মুগ্ধ কৰিছিল অনুৰাগীক। সেই ভাগ্যশ্ৰীয়ে অৱশ্যেই তেওঁৰ ‘প্ৰেম’ৰ প্ৰতি থকা একাধিক প্ৰেমৰ আন এক ব্যাখ্যা দিলে।অভিনেত্ৰীৰ দাবী, ছলমানে নিজে ছোৱালীৰ প্ৰেমত নপৰে। বৰং ছোৱালীবোৰেহে 'চুলবুল পাণ্ডে'ৰ পিছে পিছে লহৰি যায়!’

স্বাভাৱিকতে, ছলমান খানৰ প্ৰেমিকাক লৈ প্ৰায়ে সৰব চৰ্চা হোৱা দেখা যায়। এইবাৰ ছলমান কেন্দ্ৰিক এনে কথাবোৰে অনুৰাগীক কৰি তুলিছে উচ্ছসিত।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত