--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড জগতত তেওঁ এজন প্ৰেমিক মানুহ! সৌমী আলীৰ পৰা ঐশ্বৰ্য ৰায়লৈকে, কেটৰিনা কাঈফৰ পৰা লুলিয়া ভান্টুৰলৈকে ইজনৰ পিছত সিজনকৈ বলীউড অভিনেত্ৰীক প্ৰেমিকাৰ স্থান দি সদা চৰ্চিত ভাইজান। কেতিয়াবা যদি প্ৰেম, কেতিয়াবা বিবাদ। মুঠতে ভাইজান মানেই যেন এক শিহৰণ, এক আলোঢ়ন। একেজনী ছোৱালীৰ প্ৰেমত হেনো বেছিদিনলৈ মন নবহে ভাইজানৰ, শেহতীয়া এই কথা পোহৰলৈ আহিছে।ভাইজানৰ এই গোপন ৰহস্য ফাদিল কৰিছে তেওঁৰপে এগৰাকী সহ অভিনেত্ৰীয়ে।

৫৬ বছৰীয়া ‘তৰুণ’ নায়ক গৰাকীক লৈ এনে এক মন্তব্য কৰিছে  তেওঁৰ প্ৰথমখন হিট চিনেমা  ‘মেইনে প্যায়াৰ কিয়া’ৰ নায়িকা ভাগ্যশ্ৰীয়ে। এটা সাক্ষাৎকাৰত অভিনেত্ৰী ভাগ্যশ্ৰীয়ে নিজেই প্ৰকাশ কৰিলে ছলমানৰ প্ৰেমিকাৰ দীঘলীয়া তালিকাৰ নেপথ্যৰ ৰহস্য! 

সাক্ষাৎকাৰত ভাগ্যশ্ৰীয়ে কয়, ‘এবাৰ ছলমানে কৈছিল যে ভাল ছোৱালীয়ে তেওঁৰ প্ৰেমত পৰাটো তেওঁ নিবিচাৰে। এনে অদ্ভুত কথাৰ কাৰণ জানিবলৈ বিচাৰতেও তেওঁ কৈছিল, ‘মই ভাল মানুহ নহয়।’ তাৰপাছতে ছলমানে কৈছিল, এজনী ছোৱালীৰ সৈতে কেইদিনমান একেলগে কটোৱাৰ পিছত মই বিৰক্ত হৈ পৰো  আৰু যেতিয়ালৈকে এই স্বভাৱ সলনি কৰিব নোৱাৰো, মই নিবিচাৰো কোনোৱে মোৰ কাষলৈ আহক। সেইবাবে প্ৰেমত পৰিলেও এই সম্পৰ্ক হৈ পৰে ক্ষন্তেকীয়া।’

উল্লেখ্য যে, এসময়ত ৰূপালী পৰ্দাত দেখিবলৈ পোৱা এই যুটিৰ আহিল ব্যাপক সমাদৰ। তেওঁলোকৰ অভিনয়ে মুগ্ধ কৰিছিল অনুৰাগীক। সেই ভাগ্যশ্ৰীয়ে অৱশ্যেই তেওঁৰ ‘প্ৰেম’ৰ প্ৰতি থকা একাধিক প্ৰেমৰ আন এক ব্যাখ্যা দিলে।অভিনেত্ৰীৰ দাবী, ছলমানে নিজে ছোৱালীৰ প্ৰেমত নপৰে। বৰং ছোৱালীবোৰেহে 'চুলবুল পাণ্ডে'ৰ পিছে পিছে লহৰি যায়!’

স্বাভাৱিকতে, ছলমান খানৰ প্ৰেমিকাক লৈ প্ৰায়ে সৰব চৰ্চা হোৱা দেখা যায়। এইবাৰ ছলমান কেন্দ্ৰিক এনে কথাবোৰে অনুৰাগীক কৰি তুলিছে উচ্ছসিত।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ