--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুস্বাস্থ্যৰ বাবে আমাক সতেজ শাক-পাচলি খাবলৈ পৰামৰ্শ দিয়া হয়। কিছুমান শাক-পাচলি আছে যিবোৰ চালাড হিচাপেও খোৱা হয়, যেনে তিয়ঁহ। বিশেষকৈ গ্ৰীষ্মকালত ইয়াৰ চাহিদা বৃদ্ধি পায়, কাৰণ ইয়াত পানীৰ পৰিমাণ বেছি হয়, যাৰ ফলত শৰীৰ ডিহাইড্ৰেচন হোৱাৰ সম্ভাৱনা কম হয়। বহু মানুহে তিয়ঁহৰ বাকলি গুচাই খায় যিটো সঠিক নহয়। 

বাকলিৰ সৈতে তিয়ঁহ খোৱাৰ উপকাৰ

১) চকুৰ দৃষ্টিশক্তি বৃদ্ধিঃ চকুৰ দৃষ্টিশক্তি দুৰ্বল লোকসকলে নিয়মিতভাৱে তিয়ঁহ বাকলিৰ সৈতে খাব লাগে কাৰণ ইয়াত ভিটামিন এ পোৱা যায়, যিয়ে দৃষ্টিশক্তি উন্নত কৰাই নহয়, কুকুৰীকণা ৰোগৰ পৰাও আমাক ৰক্ষা কৰে।

২) পুষ্টিকৰ উপাদানঃ তিয়ঁহৰ বাকলি গুচোৱাৰ পাছত আমি ডাষ্টবিনত পেলাই দিওঁ, কিন্তু আমাৰ মাজৰ অতি কম সংখ্যকেহে জানে যে এই বাকলিত পুষ্টিকৰ উপাদানেৰে ভৰি থাকে। 

৩) হৃদযন্ত্ৰৰ বাবে ভালঃ বাকলিৰ সৈতে তিয়ঁহ খালে হৃদৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়। আচলতে ইয়াত ভিটামিন কে পোৱা যায়, যিয়ে তেজ জমা হোৱাত বাধা দিয়ে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা কম হয়, লগতে ৰক্তবাহী নলীবোৰো সুস্থ হৈ থাকে।

৪) ওজন কম হয়ঃ ওজন হ্ৰাসৰ বাবে তিয়ঁহ বাকলিৰে সৈতে খোৱাটো অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে কাৰণ ইয়াত কেলৰি অতি কম। ই বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে, লগতে ভোকৰ যন্ত্ৰণাও হ্ৰাস কৰে, এই সকলোবোৰ ওজন হ্ৰাসৰ বাবে অতি প্ৰয়োজনীয়।

৫) মুখ জিলিকি উঠিবঃ তিয়ঁহৰ বাকলি আমাৰ ছালৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়, কাৰণ ইয়াত এছক’ৰবিক এচিড পোৱা যায়, লগতে ইয়াত থকা ভিটামিনবোৰে অক্সিডেটিভ ক্ষতি ৰোধ কৰে। যাৰ বাবে মুখত আচৰিত ধৰণৰ জিলিকনি দেখা দিবলৈ আৰম্ভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত