--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুস্বাস্থ্যৰ বাবে আমাক সতেজ শাক-পাচলি খাবলৈ পৰামৰ্শ দিয়া হয়। কিছুমান শাক-পাচলি আছে যিবোৰ চালাড হিচাপেও খোৱা হয়, যেনে তিয়ঁহ। বিশেষকৈ গ্ৰীষ্মকালত ইয়াৰ চাহিদা বৃদ্ধি পায়, কাৰণ ইয়াত পানীৰ পৰিমাণ বেছি হয়, যাৰ ফলত শৰীৰ ডিহাইড্ৰেচন হোৱাৰ সম্ভাৱনা কম হয়। বহু মানুহে তিয়ঁহৰ বাকলি গুচাই খায় যিটো সঠিক নহয়। 

বাকলিৰ সৈতে তিয়ঁহ খোৱাৰ উপকাৰ

১) চকুৰ দৃষ্টিশক্তি বৃদ্ধিঃ চকুৰ দৃষ্টিশক্তি দুৰ্বল লোকসকলে নিয়মিতভাৱে তিয়ঁহ বাকলিৰ সৈতে খাব লাগে কাৰণ ইয়াত ভিটামিন এ পোৱা যায়, যিয়ে দৃষ্টিশক্তি উন্নত কৰাই নহয়, কুকুৰীকণা ৰোগৰ পৰাও আমাক ৰক্ষা কৰে।

২) পুষ্টিকৰ উপাদানঃ তিয়ঁহৰ বাকলি গুচোৱাৰ পাছত আমি ডাষ্টবিনত পেলাই দিওঁ, কিন্তু আমাৰ মাজৰ অতি কম সংখ্যকেহে জানে যে এই বাকলিত পুষ্টিকৰ উপাদানেৰে ভৰি থাকে। 

৩) হৃদযন্ত্ৰৰ বাবে ভালঃ বাকলিৰ সৈতে তিয়ঁহ খালে হৃদৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়। আচলতে ইয়াত ভিটামিন কে পোৱা যায়, যিয়ে তেজ জমা হোৱাত বাধা দিয়ে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা কম হয়, লগতে ৰক্তবাহী নলীবোৰো সুস্থ হৈ থাকে।

৪) ওজন কম হয়ঃ ওজন হ্ৰাসৰ বাবে তিয়ঁহ বাকলিৰে সৈতে খোৱাটো অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে কাৰণ ইয়াত কেলৰি অতি কম। ই বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে, লগতে ভোকৰ যন্ত্ৰণাও হ্ৰাস কৰে, এই সকলোবোৰ ওজন হ্ৰাসৰ বাবে অতি প্ৰয়োজনীয়।

৫) মুখ জিলিকি উঠিবঃ তিয়ঁহৰ বাকলি আমাৰ ছালৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়, কাৰণ ইয়াত এছক’ৰবিক এচিড পোৱা যায়, লগতে ইয়াত থকা ভিটামিনবোৰে অক্সিডেটিভ ক্ষতি ৰোধ কৰে। যাৰ বাবে মুখত আচৰিত ধৰণৰ জিলিকনি দেখা দিবলৈ আৰম্ভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ