--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰায়বোৰ অঞ্চলত বৰ্তমান তীব্ৰ গৰম পৰিছে৷ বহু চহৰত দিনটোৰ উষ্ণতা ৪৫ ডিগ্ৰী চেলছিয়াছৰ ওপৰলৈ গৈছে। ৰ’দ আৰু ঘামৰ আতিশয্যত মানুহে নিজকে হাইড্ৰেটেড কৰি ৰাখিবলৈ সতেজ আৰু ৰসাল ফল সেৱন কৰে। গৰমকালিত তৰমুজ সকলোৰে মাজত অতি জনপ্ৰিয় কাৰণ এই ফলত ৯০ শতাংশতকৈ অধিক পানী থাকে। তৰমুজ খাই দেহা-মন শাঁত পেলাব পাৰি। 

বজাৰৰ পৰা কিনি তৰমুজ আকাৰত বহুত ডাঙৰ হয় আৰু এবাৰতে খাবলৈ টান হয় সেয়ে আমি ফ্ৰীজত থৈ দিওঁ যাতে তৰমুজটো বহুদিন সতেজ হৈ থাকে কিন্তু তৰমুজ কাটি ফ্ৰীজত ৰখাটো ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। 


তৰমুজ ফ্ৰীজত ৰাখিলে ভিটামিন এ, ভিটামিন চি, লাইকোপিন আৰু চিট্ৰুলিন আদি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদানৰ পৰিমাণ কমি যায়। লগতে যদি ইয়াক কাটি ফ্ৰীজত ৰখা হয় তেন্তে ইয়াৰ ছুগাৰৰ পৰিমাণ বহুত বাঢ়ি যায়, যাৰ বাবে ইয়াৰ সংক্ৰমণ হ’ব পাৰে আৰু ইয়াক খোৱাৰ ফলত খাদ্য বিষক্ৰিয়া হ’ব পাৰে। সেয়ে তৰমুজ সতেজকৈ খোৱা ভাল। তৰমুজৰ খোলা শক্তিশালী আৰু ডাঠ হোৱাৰ বাবে ফ্ৰীজত ৰখাৰ প্ৰয়োজন নাই, যাৰ ফলত এই ফল সোনকালে নষ্ট নহয়। 

ফ্ৰীজত ৰখা তৰমুজ খালে কি সমস্যা হয়?

১) ঠাণ্ডা তৰমুজ খালে ফলৰ পুষ্টিগুণ কমি যায়।

২) তৰমুজ ফ্ৰীজত ৰাখিলে কাহ আৰু চৰ্দি হ’ব পাৰে।

৩) কাটি থোৱা ঠাণ্ডা তৰমুজ খাদ্যৰ বিষক্ৰিয়াৰ কাৰণ হ’ব পাৰে।

৪) তৰমুজত থকা বেক্টেৰিয়াই অন্ত্ৰৰ ক্ষতি কৰিব পাৰে।

৫) এনেদৰে তৰমুজ খালে পেটৰ বিষ হব পাৰে।

তৰমুজ আমাৰ স্বাস্থ্যৰ বাবে প্ৰকৃতিৰ এক ডাঙৰ আশীৰ্বাদ। ইয়াত পটাছিয়াম, মেগনেছিয়াম, ভিটামিন এ, ভিটামিন বি ৬ আৰু ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে। তৰমুজত সৰ্বাধিক পৰিমাণে লাইকোপেন পোৱা যায় যিয়ে শৰীৰত তেজ বৃদ্ধি কৰাৰ কাম কৰে। কেৱল এয়াই নহয় এই ফলে কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। গতিকে তৰমুজ খাওতে সতেজকৈ খাওক আৰু সুস্থ থাকক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ