--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া তৰমুজৰ (Watermelon) বতৰ। তৰমুজ বহুতৰে প্ৰিয় ফল। এই ফলবিধৰ আছে বহু উপকাৰী গুণ। ৯২ শতাংশ পানীৰে ভৰা তৰমুজ গৰমৰ দিনত স্বাস্থ্যৰ বাবে অতি উপকাৰী।গৰমৰ দিনত শৰীৰ হাইড্ৰেট কৰি ৰখাত সহায় কৰে তৰমুজে। গ্ৰীষ্মকালত ঠাণ্ডা তৰমুজৰ টুকুৰা এটা মুখত পৰিলেই মানুহৰ দেহা-মন শাঁত পৰি যায়। 

তৰমুজৰ গুণ:

১)তৰমুজে শৰীৰত পানীৰ অভাৱ হ্ৰাস কৰে। ভাগৰ হ্ৰাস কৰে।
২)ইয়াৰ বহুতো পুষ্টি আৰু ভিটামিনে ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰে।
৩)প্ৰস্ৰাৱ বা বৃক্কৰ বিভিন্ন ৰোগ বা সমস্যা থকা সকলৰ বাবে তৰমুজ অতি উপকাৰী।
৪)হজম বৃদ্ধি কৰাতো তৰমুজ উপযোগী।

তৰমুজ অত্যাধিক খোৱাৰ সমস্যা:

যদিও তৰমুজে আন খাদ্য হজম কৰাত সহায় কৰে, ই নিজে পলমকৈ হজম হয়। ফলস্বৰূপে অত্যাধিক তৰমুজ খোৱাৰ ফলত গেছৰ সমস্যা হ'ব পাৰে।

কিমান তৰমুজ খাব লাগে:

আপুনি এবাটি কটা তৰমুজ খাব পাৰে। সীমিত পৰিমাণত যিকোনো বস্তু খালেহে দেহৰ বাবে উপকাৰ সাধন হয়। গধুৰ আহাৰ খোৱাৰ পাছত তৰমুজ নাখাব।

তৰমুজৰ বীজ খালে কি হয়:

কেতিয়াবা তৰমুজ খালে হয়তো তৰমুজৰ বীজো আপোনাৰ পেটলৈ যায়। হয়তো আপুনি ভাবিব পাৰে এই বীজ পেটলৈ গলে কিবা অপকাৰ হব পাৰে নেকি। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে তৰমুজৰ বীজত লিনোলিক এচিড, অলিক এচিড, পালমিটিক আৰু ষ্টিয়াৰিক এচিড থাকে। যদি এইবোৰ শৰীৰলৈ যায়, কোনো ক্ষতি নাই, ইয়াৰ বিপৰীতে যথেষ্ট লাভহে আছে। তৰমুজৰ বীজে শৰীৰ শীতল কৰে, পাচন ক্ষমতা বৃদ্ধি কৰে। আনকি বিশেষজ্ঞসকলে কয় যে তৰমুজৰ বীজ শুকুৱাইও খাব পাৰি।



 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ