--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: স্মাৰ্টফোন এপ্লিকেশ্যন ট্ৰুকলাৰে আগবঢ়াইছে পাঁচটা নতুন ফীচাৰ৷ ২০২২ৰ প্রডাক্ট ৰোডমেপ শ্বেয়াৰ কৰি এই কথা সদৰী কৰিছে প্ৰতিষ্ঠানটোৱে৷ ট্ৰুকলাৰৰ তৰফৰ পৰা কোৱা হৈছে যে এই বৰ্ষতে এণ্ড্ৰয়ড ব্যৱহাৰকাৰীসকলৰ বাবে নতুন ফিচাৰ আগবঢ়াব প্ৰতিষ্ঠানটোৱে। পৰিকল্পনা অনুযায়ী অহা সপ্তাহতে  এই ফীচাৰত আপডেট আনিব বিচাৰিছে ট্ৰুকলাৰে। ট্ৰুকলাৰৰ তথ্য অনুসৰি, নতুন ট্রুকলাৰ ছেটিংছ অহা সপ্তাহৰ পৰা এণ্ড্ৰয়ড ফোনৰ বাবে মুকলি কৰা হব৷

এই নতুন ফীচাৰবোৰে ব্যৱহাৰকাৰীসকলক কোনো সমস্যা নোহোৱাকৈ আৰু ভালকৈ এপ্ ব্যৱহাৰৰ সুযোগ দিব৷

পিছে এই নতুন ফীচাৰসমূহ কি কি? জানক সবিশেষ...

১) Voice Call Launcher

এই এপ্ ব্যাৱহাৰকাৰীয়ে এটা ক্লিকতে আপোনাৰ সকলো কনটেক্টচ উলিয়াব পাৰিব৷ যাৰ মাধ্যমত আপুনি Truecaller ভ‌ইচ (যি VoIP- ভিত্তিক কলিং)ৰ মাধ্যমত কথা পাতিব পাৰিব । যিয়ে দেখুৱাব যে আপোনাৰ কল লিষ্টত কোনে কোনে ট্রুকলাৰ ব্যৱহাৰ কৰে।


২) এছএমএছৰ বাবে পাছৱৰ্ড লক

এই ফীচাৰেৰে আপুনি আপোনাৰ এছএমএছ সুৰক্ষিত ৰাখিব পাৰিব। আপোনাৰ ব্যক্তিগত তথ্যৰ অতিৰিক্ত নিৰাপত্তাৰ বাবে আপুনি পাছৱৰ্ড লক/ফিংগাৰপ্রিন্ট চার্টিফিকেছন লাভ কৰিব৷

 

৩) অধিক কল লগৰ সুবিধা

Truecaller কল লগবোৰে এতিয়া আগৰ Truecaller সংস্কৰণতকৈ অধিক সুবিধা দিব। এহেজাৰ এন্ট্রিৰ পৰিৱর্তে এতিয়া ৬৪০০টা এন্ট্রি কৰিবলৈ সক্ষম হব৷

 

৪) কল ৰিজন উন্নীতকৰণ

নতুন Truecaller এপৰ মাধ্যমত, আপুনি নিজেই জনাব পাৰিব ফোন কৰাৰ কাৰণ৷ ইয়াৰ ফলত আপোনাৰ কল অন্যজন ব্যক্তিয়ে নধৰিলে সেই ক্ষেত্রত আপুনি কল ৰিজন এড্ কৰিব পাৰিব৷ ফোনটো বাজি থাকিলেও এই কাম কৰিব পাৰিব আপুনি৷ প্রয়োজন হলে কিয় কল কৰিছিল কাষ্টম কল ৰিজনত টাইপ কৰিব পাৰিব৷

 

৫) ভিডিঅকলাৰ আইডিৰ বাবে ফেচ ফিল্টাৰ

আপুনি ছেল্ফি আৰু ভিআৰ-চালিত ফিল্টাৰেৰে ট্রুকলাৰ ভিডিঅকলাৰ আইডি তৈয়াৰ কৰিব পাৰিব৷ যদি আপুনি এই নতুন বৈশিষ্ট্যবোৰ ব্যৱহাৰ কৰি চাব বিচাৰে, তেন্তে মনত আপুনি প্লে ষ্টৰত গৈ লেটেষ্ট Truecaller আপডেট কৰিব লাগিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ