--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: স্মাৰ্টফোন এপ্লিকেশ্যন ট্ৰুকলাৰে আগবঢ়াইছে পাঁচটা নতুন ফীচাৰ৷ ২০২২ৰ প্রডাক্ট ৰোডমেপ শ্বেয়াৰ কৰি এই কথা সদৰী কৰিছে প্ৰতিষ্ঠানটোৱে৷ ‘ট্ৰুকলাৰ’ৰ তৰফৰ পৰা কোৱা হৈছে যে এই বৰ্ষতে এণ্ড্ৰয়ড ব্যৱহাৰকাৰীসকলৰ বাবে নতুন ফিচাৰ আগবঢ়াব প্ৰতিষ্ঠানটোৱে। পৰিকল্পনা অনুযায়ী অহা সপ্তাহতে  এই ফীচাৰত আপডেট আনিব বিচাৰিছে ট্ৰুকলাৰে। ট্ৰুকলাৰৰ তথ্য অনুসৰি, নতুন ট্রুকলাৰ ছেটিংছ অহা সপ্তাহৰ পৰা এণ্ড্ৰয়ড ফোনৰ বাবে মুকলি কৰা হ’ব৷

এই নতুন ফীচাৰবোৰে ব্যৱহাৰকাৰীসকলক কোনো সমস্যা নোহোৱাকৈ আৰু ভালকৈ এপ্ ব্যৱহাৰৰ সুযোগ দিব৷

পিছে এই নতুন ফীচাৰসমূহ কি কি? জানক সবিশেষ...

১) Voice Call Launcher

এই এপ্ ব্যাৱহাৰকাৰীয়ে এটা ক্লিকতে আপোনাৰ সকলো কনটেক্টচ উলিয়াব পাৰিব৷ যাৰ মাধ্যমত আপুনি Truecaller ভ‌ইচ (যি VoIP- ভিত্তিক কলিং)ৰ মাধ্যমত কথা পাতিব পাৰিব । যিয়ে দেখুৱাব যে আপোনাৰ কল লিষ্টত কোনে কোনে ট্রুকলাৰ ব্যৱহাৰ কৰে।


২) এছএমএছৰ বাবে পাছৱৰ্ড লক

এই ফীচাৰেৰে আপুনি আপোনাৰ এছএমএছ সুৰক্ষিত ৰাখিব পাৰিব। আপোনাৰ ব্যক্তিগত তথ্যৰ অতিৰিক্ত নিৰাপত্তাৰ বাবে আপুনি পাছৱৰ্ড লক/ফিংগাৰপ্রিন্ট চার্টিফিকেছন লাভ কৰিব৷

 

৩) অধিক কল ল’গৰ সুবিধা

Truecaller কল ল’গবোৰে এতিয়া আগৰ Truecaller সংস্কৰণতকৈ অধিক সুবিধা দিব। এহেজাৰ এন্ট্রিৰ পৰিৱর্তে এতিয়া ৬৪০০টা এন্ট্রি কৰিবলৈ সক্ষম হ’ব৷

 

৪) কল ৰিজন উন্নীতকৰণ

নতুন Truecaller এপৰ মাধ্যমত, আপুনি নিজেই জনাব পাৰিব ফোন কৰাৰ কাৰণ৷ ইয়াৰ ফলত আপোনাৰ কল অন্যজন ব্যক্তিয়ে নধৰিলে সেই ক্ষেত্রত আপুনি কল ৰিজন এড্ কৰিব পাৰিব৷ ফোনটো বাজি থাকিলেও এই কাম কৰিব পাৰিব আপুনি৷ প্রয়োজন হ’লে কিয় কল কৰিছিল ‘কাষ্টম কল ৰিজন’ত টাইপ কৰিব পাৰিব৷

 

৫) ভিডিঅ’ কলাৰ আইডিৰ বাবে ফেচ ফিল্টাৰ

আপুনি ছেল্ফি আৰু ভিআৰ-চালিত ফিল্টাৰেৰে ট্রুকলাৰ ভিডিঅ’ কলাৰ আইডি তৈয়াৰ কৰিব পাৰিব৷ যদি আপুনি এই নতুন বৈশিষ্ট্যবোৰ ব্যৱহাৰ কৰি চাব বিচাৰে, তেন্তে মনত আপুনি প্লে ষ্ট’ৰত গৈ লেটেষ্ট Truecaller আপডেট কৰিব লাগিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ