--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বায়ুমণ্ডলত কাৰ্বন ডাই অক্সইড মাত্ৰা ব্যাপক হাৰত বৃদ্ধি হোৱাটোৱে সমগ্ৰ মানৱ জাতিৰ বাবেই কঢ়িয়াই আনিছে অশনি সংকেত। অভিলেখ হাৰত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধিয়ে মানৱ জাতিৰ ভৱিষ্যতলৈ কঢ়িয়াই অনাৰ উপক্ৰম ঘটাইছে ভয়ংকৰ সংকট। শেহতীয়া এক তথ্য অনুসৰি বায়ুমণ্ডলত কাৰ্বডাই অক্সাইডৰ মাত্ৰা বৃদ্ধিৰ হাৰ এতিয়া অতি দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু ই সকলোৰে কাৰণে উদ্বেগৰ কাৰণ হৈ পৰিব পাৰে।

 

পৃথিৱীৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণে মে মাহত এতিয়ালৈকে সকলো অভিলেখ ভংগ কৰিছে। কাৰ্বন নিৰ্গমণ নিৰন্তৰ বৃদ্ধি হৈ আছে। ই ঔদ্যোগিক বিপ্লৱৰ আগৰ কাৰ্বনৰ স্তৰতকৈ ৫০ শতাংশ অধিক বুলি চিহ্নিত কৰা হৈছে। ঊনবিংশ শতিকাৰ শেষৰ ফালে তেল, গেছ আৰু কয়লা বৃহৎ পৰিমাণে জ্বলিবলৈ আৰম্ভ কৰে। শেহতীয়াকৈ নেচনেল অছেনিক এণ্ড এটমোছফেৰিক এডমিনিষ্ট্ৰেচনৰ ফলৰ পৰা মুকলি কৰা তথ্যই কাৰ্বনৰ স্তৰৰ ব্যাপক বৃদ্ধিৰ তথ্য নিশ্চিত কৰিছে।

 

বিজ্ঞানীসকলে ৩ জুনত ঘোষণা কৰিছিল যে নেচনেল অছেনিক এণ্ড এটমোছফেৰিক এডমিনিষ্ট্ৰেচনৰ  বতৰ বিজ্ঞাৱ ষ্টেচনে হাৱাই দ্বীপৰ মৌনা লোয়া আগ্নেয়গিৰিৰ বায়ুমণ্ডলৰ কাৰ্বনৰ উপস্থিতিৰ তথ্য অনুসন্ধান কৰিছিল। মে মাহত, কাৰ্বন ডাই অক্সাইড প্ৰতি নিযুতত ৪২১ স্তৰত উপনীত হৈছিল, যি এতিয়ালৈকে মানৱ ইতিহাসত সৰ্বাধিক। এই গৱেষণা কৰা গৱেষসকলে সদৰি কৰে যে বায়ুমণ্ডলত এতিয়া ৪ নিযুত বছৰৰ তুলনাত সৰ্বাধিক পৰিমাণৰ কাৰ্বন ডাই অক্সাইড আছে। সমগ্ৰ বিশ্বৰ বায়ুমণ্ডললৈ শক্তি প্ৰকল্প, অটোমোবাইল আৰু অন্যান্য উৎসৰ পৰা বৃহৎ পৰিমাণৰ কাৰ্বন ডাই অক্সাইড এৰি দিয়া হৈছে।

২০২১ চনত কাৰ্বন নিৰ্গমনৰ হাৰ আছিল ৩৬.৩ বিলিয়ন টন, যি মানৱ ইতিহাসত এতিয়ালৈকে সৰ্বাধিক। শেহতীয়া অধ্যয়ন চলোৱা সংস্থাটোৰ এগৰাকী বিষয়া ৰিক স্পিনৰাডে কৈছিল যে মানুহে অৰ্থনীতিৰ বাবে আমাৰ জলবায়ু নিৰন্তৰ সলনি কৰি আছে, আনহাতে ই আমাৰ আন্তঃগাঁথনিৰ সৈতে খাপ খাব লাগিব। আমি প্ৰতিদিনে আমাৰ চাৰিওফালে বতৰৰ পৰিৱৰ্তনৰ পৰিণাম দেখিআছো। নতুন তথ্যই আমাক পুনৰ সতৰ্ক কৰি দিছে যে এতিয়া প্ৰয়োজনীয় আৰু কঠোৰ পদক্ষেপ লোৱাৰ সময়।

 

গ্লোবেল মনিটৰিং লেবৰেটৰীৰ এজন জ্যেষ্ঠ বিজ্ঞানী পিটাৰ টেন্সে কয় যে ২০২০ চনত কৰনা ভাইৰাছ সৃষ্ট মহামাৰীৰ ফলত হোৱা অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ত ইয়াৰ স্তৰ হ্ৰাস পাইছিল। কিন্তু ই দীৰ্ঘদিন ধৰি কোনো প্ৰভাৱ প্ৰদৰ্শন কৰা নাছিল। পৰিৱেশত কাৰ্বন ডাই অক্সাইড বৃদ্ধি হোৱাৰ লগে লগে পৃথিৱীও গৰম হৈ আহিছে। ইয়াৰ ফলত বানপানী, মাৰাত্মক গৰম, খৰাং আৰু বনজুইৰ ঘটনা দেখা গৈছে। ইয়াৰ বাবে সমগ্ৰ বিশ্বৰ লাখ লাখ লোক প্ৰভাৱিত হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ