--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এডভান্টেজ আছাম ১.০ আৰু ২.০ৰ জৰিয়তে অসমত উদ্যোগ স্থাপনৰ বাবে উদ্যোগপতিক আমন্ত্রণ জনোৱাৰ সময়তে স্বাধীনতাৰ পূৰ্বৰে পৰা চলি থকা বৃহৎ চাহ কোম্পানী ইটোৰ পাছত সিটো বিক্রী কৰি অসমৰ পৰা আঁতৰি যোৱাৰ কথাই বিশেষ তাৎপর্য বহন কৰিছে। ডুমডুমা ইণ্ডিয়া লিমিটেড, ব্রুকবণ্ড টি লিমিটেড, লিপটন টি লিমিটেড, আছাম ফ্রন্টিয়াৰ টি কোম্পানীৰ দৰে বহুতো বহুজাতিক চাহ কোম্পানীয়ে অসমত ব্যবসায় সামৰি উধাও হোৱাৰ পাছত শেহতীয়াকৈ এ পি জে টি লিমিটেডে অসম এৰাৰ কথা জানিব পৰা গৈছে। 

এডভান্টেজ আছামৰ জৰিয়তে পোৱা অতিৰিক্ত সা-সুবিধাৰ পাছতো এটাৰ পাছত আনটো বৃহৎ চাহ উদ্যোগে অসম এৰাৰ কথাই এডভান্টেজ আছাম ফ্লপ শ্ব' হোৱাৰ কথাহে প্ৰমাণ কৰিছে। উল্লেখযোগ্য যে এনে একোটা বৃহৎ চাহ কোম্পানীয়ে গ্ৰাহকৰ অভাৱত চাহ বাগিচাবোৰ টুকুৰা-টুকুৰকৈ বিক্ৰী কৰিব লগীয়া হৈছে। ১৮৮৯ চনতে স্থাপিত আছাম ফ্রন্টিয়াৰ টি লিমিটেডে কলকাতাৰ উদ্যোগপতি স্বৰাজ পালক চাহ কোম্পানীটো হস্তান্তৰ কৰাৰ পাছত এ পি জে টি লিমিটেড নামেৰে তিনিচুকীয়া জিলাৰ তালাপ চাহ বাগিচত ৰেজিষ্টাৰ্ড অ'ফিচ পাতি সুন্দৰভাৱে ব্যৱসায় চলাই গৈছিল। কিন্তু ১৯৮৫ চনত কলকাতাৰ পৰা অসমলৈ আহোঁতেই আলফাৰ গুলীবর্ষণত তেওঁৰ মৃত্যু হয়। ইয়াৰ পাছতে চাহ উদ্যোগটো অসম-বিৰোধী হৈ পৰা তেওঁৰ পুত্ৰ কৰণ পালৰ হাতলৈ যায়। 

কৰণ পালে সাতশ কোটি টকা ঋণ পৰিশোধ কৰিব নোৱাৰি ৪৪০ কোটি টকা লোকচানৰ বোজা লৈ চাহ কোম্পানীটো চলাই থকাৰ অজুহাত দেখুৱায়। বেংকৰ পৰা সহযোগিতা নোপোৱা বুলি অভিযোগ তুলি চাহ কোম্পানীটোৰ শ্ৰমিক-কর্মচাৰীৰ বোনাছ, দৰমহা আদিকে ধৰি সকলো সুবিধা মোকলাই দিবলৈ সক্ষম নোহোৱা বুলি উল্লেখ কৰিছিল। পৰৱৰ্তী সময়ত কৰণ পালে ২০২২/২৩ চনৰ পৰা এ পি জে টি গ্ৰুপৰ ১৭খন চাহ বাগিচা এখনৰ পাছত এখনকৈ বিক্ৰী কৰি যোৱা ২৩ এপ্রিলত তিনিচুকীয়া জিলাত থকা তালাপ চাহ বাগিচাস্থিত এ পি জে টি লিমিটেডৰ পঞ্জীকৃত কার্যালয়সহ অন্তিমখন তালাপ চাহ বাগিচা অৰুণ ৰয়ক বিক্ৰী কৰিলে। ব্ৰিটিছৰ শাসন কালতে স্থাপিত চাহ উদ্যোগ ইটোৰ পাছত সিটো কোম্পানী অসম এৰি যোৱাৰ কথাই অশনি সংকেত বহন কৰা বুলি সচেতন ৰাইজে মন্তব্য কৰিছে।

উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ