--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ভাৰতৰ সৈতে এখন বাণিজ্য চুক্তি স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত গভীৰ আস্থা প্রকাশ কৰে। 

ৰাষ্ট্ৰপতি ট্রাম্পে আমেৰিকাৰ এটা বিমান বন্দৰত সাংবাদিকৰ সৈতে বাৰ্তালাপত কয় যে ভাৰতৰ সৈতে আমেৰিকাৰ এখন উচ্চ মানৰ বাণিজ্য চুক্তি হ'ব আৰু এই বাণিজ্য চুক্তিখনৰ বাবে প্রক্রিয়া ইতিবাচক দিশত আগবাঢ়িছে। 

ৰাষ্ট্ৰপতি ট্রাম্পৰ দ্বিতীয় শাসনকালৰ প্ৰথম ১০০ দিন পূৰ্তিৰ উপলক্ষ উদযাপনৰ বাবে মিছিগান প্রদেশৰ এখন জনসভাত অংশ লোৱাৰ বাবে যোৱাৰ সময়ত ৰাষ্ট্ৰপতি ট্রাম্পে এই চুক্তিখনৰ বিষয়ত মন্তব্য কৰে। ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে ভাৰতৰ সৈতে আমেৰিকাৰ এখন বাণিজ্য চুক্তিৰ বিষয়ে তেওঁ চিন্তা কৰিছে আৰু ভাৰতেও এই বিষয়ত ইতিবাচক সঁহাৰি দিছে বুলি তেওঁ কয়। 

উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে বিভিন্ন দেশৰ বিৰুদ্ধে শুল্ক যুদ্ধ আৰম্ভ কৰাৰ পাছত প্রায় সমগ্র বিশ্বতে অর্থনৈতিক অস্থিৰতা হৈছিল। ইয়াৰ পাছতে মার্কিন ট্ৰেজাৰী সচিব স্কট বেছান্তক ট্রাম্পে এছিয়াৰ দেশসমূহৰ সৈতে বাণিজ্য চুক্তিৰ বাবে দায়িত্ব দিয়ে। 

সম্ভৱতঃ ভাৰতেই প্ৰথমখন এছিয়াৰ দেশ হ'ব যাৰ লগত আমেৰিকাই শুল্ক যুদ্ধৰ পাছত প্ৰথমখন বাণিজ্য চুক্তি কৰিব। ৰাষ্ট্ৰপতি ট্রাম্পৰ শেহতীয়া মন্তব্যই এই কথাৰ ইংগিত দিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ