--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ভাৰতৰ সৈতে এখন বাণিজ্য চুক্তি স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত গভীৰ আস্থা প্রকাশ কৰে। 

ৰাষ্ট্ৰপতি ট্রাম্পে আমেৰিকাৰ এটা বিমান বন্দৰত সাংবাদিকৰ সৈতে বাৰ্তালাপত কয় যে ভাৰতৰ সৈতে আমেৰিকাৰ এখন উচ্চ মানৰ বাণিজ্য চুক্তি হ'ব আৰু এই বাণিজ্য চুক্তিখনৰ বাবে প্রক্রিয়া ইতিবাচক দিশত আগবাঢ়িছে। 

ৰাষ্ট্ৰপতি ট্রাম্পৰ দ্বিতীয় শাসনকালৰ প্ৰথম ১০০ দিন পূৰ্তিৰ উপলক্ষ উদযাপনৰ বাবে মিছিগান প্রদেশৰ এখন জনসভাত অংশ লোৱাৰ বাবে যোৱাৰ সময়ত ৰাষ্ট্ৰপতি ট্রাম্পে এই চুক্তিখনৰ বিষয়ত মন্তব্য কৰে। ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে ভাৰতৰ সৈতে আমেৰিকাৰ এখন বাণিজ্য চুক্তিৰ বিষয়ে তেওঁ চিন্তা কৰিছে আৰু ভাৰতেও এই বিষয়ত ইতিবাচক সঁহাৰি দিছে বুলি তেওঁ কয়। 

উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে বিভিন্ন দেশৰ বিৰুদ্ধে শুল্ক যুদ্ধ আৰম্ভ কৰাৰ পাছত প্রায় সমগ্র বিশ্বতে অর্থনৈতিক অস্থিৰতা হৈছিল। ইয়াৰ পাছতে মার্কিন ট্ৰেজাৰী সচিব স্কট বেছান্তক ট্রাম্পে এছিয়াৰ দেশসমূহৰ সৈতে বাণিজ্য চুক্তিৰ বাবে দায়িত্ব দিয়ে। 

সম্ভৱতঃ ভাৰতেই প্ৰথমখন এছিয়াৰ দেশ হ'ব যাৰ লগত আমেৰিকাই শুল্ক যুদ্ধৰ পাছত প্ৰথমখন বাণিজ্য চুক্তি কৰিব। ৰাষ্ট্ৰপতি ট্রাম্পৰ শেহতীয়া মন্তব্যই এই কথাৰ ইংগিত দিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ