--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেতিয়া আপোনজন চিৰদিনলৈ হেৰাই যায় তেতিয়া সেয়া কিমান কষ্টদায়ক আৰু বেদনাদায়ক সেয়া কেৱল ভূক্তভোগীয়েহে বুজি পায়। স্বামীৰ মৃত্যুৰ বেদনা সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰিলে এগৰাকী পত্নীয়ে। এই কৰুণ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ভূপালত। স্বামীৰ মৃত্যুৰ এঘণ্টাৰ পাছতে পত্নীয়ে কৰিলে আত্মহত্যা। 


স্বামীৰ নাম আছিল পৰাগ পাঠক (৪৭)। তেওঁ এগৰাকী চিকিৎসক আছিল। পত্নীৰ নাম আছিল প্ৰীতি ঝাৰিয়া(৪৪)। কলেজৰ অধ্যাপিকা আছিল প্ৰীতি। মাঁথো ৪ বছৰৰ পূৰ্বে হোমৰ জুইক সাক্ষী কৰি বিবাহপাশত আৱদ্ধ হৈছিল পৰাগ আৰু প্ৰীতি। শপত লৈছিল জীৱনে-মৰণে দুয়ো সহযাত্ৰী হোৱাৰ। সুখে-দুখে দুয়ো একেলগে হাতে-হাত ধৰি আগুৱাই গৈছিল জীৱন বাটত। যোৱা ২৮ এপ্ৰিলত হঠাতে মস্তিষ্কৰ ৰক্তক্ষৰণ হোৱা বাবে হাস্পতালত ভৰ্তি হয় পৰাগ পাঠক। চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ পাছতো ২ মে'ত মৃত্যু ঘটে পৰাগৰ। 

এই খবৰ পাই প্ৰীতিৰ মূৰত আকাশী সৰগ ভাগি পৰে। স্বামীৰ আকস্মিক মৃ্ত্যু সহ্য কৰিব নোৱাৰি ১ ঘণ্টাৰ পাছতেই ভদভদা দলঙৰ পৰা জপিয়াই আত্মহত্যা কৰে প্ৰীতি ঝাৰিয়াই। আত্মহত্যা কৰাৰ পূৰ্বে হাস্পতালত প্ৰীতিয়ে চিকিৎসকক কৈছিল যে ''এই পৃথিৱীত মোৰ কোনো নাই..মই আৰু জীয়াই নাথাকো।'' এনেদৰে কৈয়ে ভদভদা দলঙৰ দিশে গাড়ী ঘূৰাইছিল প্ৰীতিয়ে। 


প্ৰীতি সন্ধানহীন হোৱাৰ খবৰ আৰক্ষীক জনায় পৰিয়ালৰ লোকে। অৱশেষত আৰক্ষীৰ অভিযানত ভদভদা দলঙৰ গভীৰ পানীৰ পৰা উদ্ধাৰ হয় প্ৰীতিৰ নিথৰ দেহ। এক শোকাকুল পৰিৱেশত প্ৰীতি আৰু পৰাগৰ একেলগে অন্ত্যেষ্টিক্ৰিয়া কৰা হয়।মৃত্যুৰ পাছতো যেন পৰাগক অকলশৰীয়া নকৰিলে মৰমী পত্নীয়ে। পৰাগ-প্ৰীতিৰ এই কাহিনীয়ে সকলোকে আৱেগিক কৰি তুলিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ