--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেতিয়া আপোনজন চিৰদিনলৈ হেৰাই যায় তেতিয়া সেয়া কিমান কষ্টদায়ক আৰু বেদনাদায়ক সেয়া কেৱল ভূক্তভোগীয়েহে বুজি পায়। স্বামীৰ মৃত্যুৰ বেদনা সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰিলে এগৰাকী পত্নীয়ে। এই কৰুণ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ভূপালত। স্বামীৰ মৃত্যুৰ এঘণ্টাৰ পাছতে পত্নীয়ে কৰিলে আত্মহত্যা। 


স্বামীৰ নাম আছিল পৰাগ পাঠক (৪৭)। তেওঁ এগৰাকী চিকিৎসক আছিল। পত্নীৰ নাম আছিল প্ৰীতি ঝাৰিয়া(৪৪)। কলেজৰ অধ্যাপিকা আছিল প্ৰীতি। মাঁথো ৪ বছৰৰ পূৰ্বে হোমৰ জুইক সাক্ষী কৰি বিবাহপাশত আৱদ্ধ হৈছিল পৰাগ আৰু প্ৰীতি। শপত লৈছিল জীৱনে-মৰণে দুয়ো সহযাত্ৰী হোৱাৰ। সুখে-দুখে দুয়ো একেলগে হাতে-হাত ধৰি আগুৱাই গৈছিল জীৱন বাটত। যোৱা ২৮ এপ্ৰিলত হঠাতে মস্তিষ্কৰ ৰক্তক্ষৰণ হোৱা বাবে হাস্পতালত ভৰ্তি হয় পৰাগ পাঠক। চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ পাছতো ২ মে'ত মৃত্যু ঘটে পৰাগৰ। 

এই খবৰ পাই প্ৰীতিৰ মূৰত আকাশী সৰগ ভাগি পৰে। স্বামীৰ আকস্মিক মৃ্ত্যু সহ্য কৰিব নোৱাৰি ১ ঘণ্টাৰ পাছতেই ভদভদা দলঙৰ পৰা জপিয়াই আত্মহত্যা কৰে প্ৰীতি ঝাৰিয়াই। আত্মহত্যা কৰাৰ পূৰ্বে হাস্পতালত প্ৰীতিয়ে চিকিৎসকক কৈছিল যে ''এই পৃথিৱীত মোৰ কোনো নাই..মই আৰু জীয়াই নাথাকো।'' এনেদৰে কৈয়ে ভদভদা দলঙৰ দিশে গাড়ী ঘূৰাইছিল প্ৰীতিয়ে। 


প্ৰীতি সন্ধানহীন হোৱাৰ খবৰ আৰক্ষীক জনায় পৰিয়ালৰ লোকে। অৱশেষত আৰক্ষীৰ অভিযানত ভদভদা দলঙৰ গভীৰ পানীৰ পৰা উদ্ধাৰ হয় প্ৰীতিৰ নিথৰ দেহ। এক শোকাকুল পৰিৱেশত প্ৰীতি আৰু পৰাগৰ একেলগে অন্ত্যেষ্টিক্ৰিয়া কৰা হয়।মৃত্যুৰ পাছতো যেন পৰাগক অকলশৰীয়া নকৰিলে মৰমী পত্নীয়ে। পৰাগ-প্ৰীতিৰ এই কাহিনীয়ে সকলোকে আৱেগিক কৰি তুলিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ