--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কৌতুক অভিনেতা কুনাল কামৰাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগে (এনচিপিচিআৰ) কিশোৰ ন্যায় আইন উলংঘা কৰাৰ অভিযোগত উত্থাপন কৰিছে। আয়োগে টুইটাৰযোগে দিল্লী আৰক্ষীক কঠোৰ পদক্ষেপ ল'বলৈ অনুৰোধ জনায়৷ 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ জাৰ্মানী ভ্ৰমণৰ সময়ত মোদীৰ সন্মুখত 'হে জন্মভূমি ভাৰত' গানটো গাইছিল এটি শিশুৱে। ইয়াৰ পাছতে কৌতুক অভিনেতা কুনাল কামৰাই ভিডিঅ'টো টুইটাৰত শ্বেয়াৰ কৰি ভিডিঅ'টোক তীব্ৰ সমালোচনা কৰিছিল। ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগে (এনচিপিচিআৰ) তাৰ পাছতে কুনালৰ বিৰুদ্ধে কিশোৰ ন্যায় আইন উলংঘা কৰাৰ অভিযোগ দাখিল কৰিছে৷ 

টুইটাৰকো কামৰাৰ (কুনাল কামৰা) টুইটটো বিলোপ কৰিবলৈ দাবী জনাইছে। একে সময়তে দিল্লী আৰক্ষীকো কৌতুক অভিনেতাজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছে। কেন্দ্ৰীয় সংস্থাটোৱে দুই ঠাইলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ