--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমীয়া সমাজত এক জনপ্ৰিয় তথা স্বাস্থ্য লাভকাৰী পাচলি হৈছে উৰহী (Indian Bean)। উৰহী সৰহকৈ তেলত ভাজি খাবলৈ বৰ ভাল। বহুতে বইল কৰিও খায় আৰু লাবৰা ভাজিতো উৰহী ব্যৱহাৰ হয়। দাইলত দিও আমাৰ মানুহে উৰহী খায়। পৃথিৱীৰ বিভিন্ন দেশত উৰহী বা বীণ জাতীয় পাচলিৰ মুঠতে ১৫০ টা প্ৰজাতি আছে আৰু এইবোৰৰ নামবোৰ ভিন্‌ ভিন্‌ হ’লেও ইহঁতৰ উপকাৰিতা গুণবোৰ একেই ধৰণৰ 



এই উৰহী বা বীণ জাতীয় পাচলিবোৰ হৈছে-প্ৰ’টিনৰ উৎস। তদুপৰি এইবিধ পাচলিত থাকে-ভিটামিন এ, ভিটামিন চি, ফ’লেট্‌ ফাইবাৰ বা আঁহ, এন্টিঅক্সিডেন্ট এইবোৰ উপকাৰী দ্ৰব্যৰ লগতে উৰহীত আছে নানা তৰহৰ উপকাৰী খনিজ দ্ৰব্য, যেনে-কেলচিয়াম, আইৰণ (লো), পটাচিয়াম ফচফৰাচ, মেগনেছিয়াম, ছ’ডিয়াম, জিংক আদি। এনে পুষ্টিৰে ভৰপূৰ এই খাদ্যবোৰে বিভিন্ন শাৰীৰিক সমস্যা বা ৰোগ দূৰত ৰখাত সহায় কৰে।




আহকচোন জানো উৰহীৰ উপকাৰিতাৰ বিষয়ে-

১)প্ৰ’টিনৰ উৎসস্বৰূপ উৰহীত আছে ভিটামিন চি, ভিটামিন চিয়ে শৰীৰৰ প্ৰতিৰোধ শক্তিৰ (ইমিউন ছিষ্টেম) বৃদ্ধি কৰে। 

২) সাধাৰণ পানীলগা, কফ, এজমা (হাঁপানী) আদি ৰোগক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰতো উৰহীয়ে সহায় কৰে। 

৩)শিশুৰ শৰীৰত উৰহীয়ে এন্টিঅক্সিডেন্ট হিচাপেও কাম কৰে।

৪) মগজুৰ বাবে ভাল।

৫)উৰহীত থকা এণ্টিঅক্সিডেণ্টবোৰে মুক্ত ৰেডিকেলৰ দ্বাৰা হোৱা ক্ষতি প্ৰতিহত কৰে আৰু বয়স বৃদ্ধি প্ৰক্ৰিয়া, নিউৰো-ডিজেনাৰেটিভ ৰোগ আৰু কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।

৬)উৰহীত থকা চেলেনিয়াম, মেঙ্গানিজ আৰু জিংকৰ দৰে খনিজ পদাৰ্থই হাঁওফাঁওৰ বিকাৰ থকা লোকসকলৰ ক্ষেত্ৰত উপকাৰ সাধে। 

৪) হৃদৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে কিয়নো ই স্বাস্থ্যকৰ ভেণ্ট্ৰিকুলাৰকাৰ্য বজাই ৰাখে আৰু হৃদযন্ত্ৰৰ বিফলতাৰ চিকিৎসাও কৰে। 

৫) অনিদ্ৰাৰ সমস্যা দূৰ কৰে।

৬) হজমী শক্তি বৃদ্ধি কৰে। উৰহীত থকা আঁহে হজমত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 



৭) শৌচৰ প্ৰক্ৰিয়া সুস্থ কৰে আৰু শৰীৰৰ পৰা আৱৰ্জনা নিৰ্গত কৰাত সহায় কৰে।

৮) শৰীৰত শক্তিৰ যোগান ধৰে। ই শৰীৰক পুষ্টি শোষণ কৰাত আৰু খাদ্যৰ পৰা প্ৰ’টিন হজম কৰাত সহায় কৰে। লোৰ নিম্ন উপস্থিতিৰ ফলত এই প্ৰক্ৰিয়া লেহেম হয়, সক্ৰিয় হোৱাত সমস্যা হয় আৰু অৱসাদ সৃষ্টি হয়। এনেদৰে উৰহীৰ সেৱনে শৰীৰত শক্তিৰ যোগান ধৰে।

৯)উৰহীত পৰ্যাপ্ত পৰিমাণৰ পটাছিয়াম থাকে যিয়ে পেশীৰ সংকোচন হ্ৰাস কৰে আৰু পেশীৰ শক্তি উন্নত কৰে।

১০)দাঁতৰ আলুৰ বাবে ভাল। উৰহীত থকা ভিটামিন আৰু খনিজ পদাৰ্থই দাঁতৰ ক্ষয় নিৰাময় কৰাত সহায় কৰে। 

১১) মানুহৰ মন মেজাজ উন্নত কৰে। উৰহীত থকা প্ৰ’টিনে গ্লুকোজ সন্তুলিত কৰে আৰু ৰক্ত শৰ্কৰাৰ স্তৰৰ তাৰতম্যৰ সৈতে সম্পৰ্কিত খিংখিঙীয়া, মেজাজৰ সম্ভাৱনা প্ৰতিহত কৰে।

আহক আমি আমাৰ খাদ্য তালিকাত উৰহীক স্থান দিওঁ আৰু সুস্বাস্থ্যৱান হৈ থাকো।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ