--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সৰৱ হৈ উঠিছে নৰেন্দ্ৰ মোদী ৷ সাধাৰণতে নৰেন্দ্ৰ মোদীয়ে এজন Dynamic প্ৰধানমন্ত্ৰী বুলি সকলোৱে জানে৷ নিজৰ কামৰ গতিশীলতাৰ বিষয়ে নৰেন্দ্ৰ মোদীয়ে দেশবাসীক বিভিন্ন সময়ত উমান দি আহিছে৷ এক অনানুষ্ঠানিক সূত্ৰমতে, নৰেন্দ্ৰ মোদীয়ে নিশা কেৱল ৪ ঘণ্টাহে শুৱে আৰু বাকী সময়খিনি তেওঁ কেৱল দেশৰ কামতেই উচৰ্গিত কৰে৷


এইবাৰ নৰেন্দ্ৰ মোদীয়ে তেওঁলোকৰ সাংসদসকলক উদ্দেশ্যি এক প্ৰকাৰৰ ধমক দিয়ে৷ সংসদত শীতকালীন অধিৱেশন চলি থকা সময়তে নৰেন্দ্ৰ মোদীয়ে সংসদসকলক শীতকালীন অধিৱেশনৰ কাৰ্যসূচীত নিয়মীয়াকৈ উপস্থিত থাকিবলৈ সতৰ্ক কৰি দিছে৷ তেওঁ কয়, ‘আপোনালোকে যদি নিজক সলনি নকৰে, তেনেহলে সময়ৰ লগে-লগে আপোনালোককো সলনি কৰি পেলোৱা হ’ব৷ সংসদতত আৰু সংসদীয় সমিতিৰ বৈঠকতসমূহত উপস্থিতি নিয়মীয়া কৰক৷ আপোনালোকক শিশুৰ দৰে একেৰাহে এই কথাবোৰ কৈ থকাটো মোৰ বাবেও ভাল লগা কথা নহয়৷ সংসদত অনুপস্থিত থকা অথবা অনিয়মীয় উপস্থিতিৰ ৰেকৰ্ড থকা বিজেপি সাংসদসকলৰ প্ৰতি এইদৰে কছোৰতা প্ৰদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে৷ এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশী উপস্থিত থাকে, তদুপৰি বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাও উপস্থিত থাকে৷


উল্লেখ্য যে, সংসদৰ চলিত শীতকালীন অধিৱেশনত অগ্নিবৰ্ষা বিৰোধীৰ বিৰোধীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে৷ সাংসদসকলক উদ্দেশ্যি মোদীৰ পৰামৰ্শ সূৰ্য নমস্কাৰ কৰি সংসদত উপস্থিত হোৱাক লৈ নিজৰ মাজত প্ৰতিযোগিতা কৰক৷ ইয়াৰ ফলত আপোনালোক সকলোৱে সুস্থ হৈ থাকিব৷ প্ৰধানমন্ত্ৰীয়ে তেওলোকৰ সাংসদসকলক নিজৰ নিৰ্বাচনী এলেকাত খেলা-ধূলা ক্ৰীয়া অনুষ্ঠান পাতিবলৈকো নিৰ্দেশনা দিয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ