--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডিজিটেল ডেস্কঃ ‘দিলৱালে দুলহানিয়া লে জায়েংগে’, ‘বাজিগৰ’, ‘কুছ কুছ হোতা হ্যে’ৰ দৰে ব্লকবাষ্টাৰ ছবিত একেলগে মিলি দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে। তেওঁলোক হ’ল বলীউডৰ কিং খান শ্বাহৰূখ খান আৰু কাজল, যেতিয়াই দুয়ো ৰূপালী পৰ্দাত একেলগ হয়, চলচ্চিত্ৰৰ দৰ্শক শ্বাহৰুখ-কাজল যুটিৰ ৰসায়নত সম্পূৰ্ণৰূপে ক্লিন বোল্ড হৈ আহিছে। দীৰ্ঘদিন ধৰি, দৰ্শকে এই জনপ্ৰিয় যুটিটোৰ ছবি উপভোগ কৰাৰ সুযোগ পোৱা নাই। 

অৱশ্যে, বি-টাউনৰ ভিতৰৰ পৰা এটা খবৰ শুনা গৈছে যে অতি সোনকালেই ৰূপালী পৰ্দাৰ ৰাজ-চিমৰণ যুটিয়ে অনুৰাগীসকলৰ হৃদয় জয় কৰিবলৈ আহি আছে। দুয়োকে দৰ্শকৰ ওচৰলৈ পুনৰ এবাৰ সাজু হৈছে বলীউডৰ আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতা-প্ৰযোজক কৰণ জোহৰে। চলচ্চিত্ৰ দৰ্শকে জানে যে শ্বাহৰুখ-কাজল কৰণ জোহৰৰ প্ৰিয় যুটি সকলৰ মাজৰ এজন। দৰ্শকসকলে যুটিটোৰ নতুন ৰসায়ন চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে। কিন্তু দুয়োজনৰ অনুৰাগীসকলে কোন অৱতাৰত দুয়োজনে দৰ্শকৰ বাবে নতুন আশ্চৰ্য কঢ়িয়াই আনিছে চাবলৈ অপেক্ষা কৰি আছে।

খবৰ অনুসৰি, কৰণ জোহৰৰ আহিবলগীয়া চলচ্চিত্ৰখন হৈছে ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কহিনী’। এই ছবিখনত প্ৰথমবাৰৰ বাবে বলীউডৰ নৱবিবাহিত তাৰকা আলিয়া ভাটে বলি ছুপাৰষ্টাৰ ৰণবীৰ সিঙৰ সৈতে লগ লাগিব। দুয়োকে চিনেমাখনত মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা যাব আৰু এই ছবিখনত, বলীউডৰ শ্বাহৰুখ খান আৰু কাজলৰ অন্যতম বিখ্যাত যুটিটোৱে একেলগে কাম কৰিবলৈ গৈ আছে। অৱশ্যে, এই সন্দৰ্ভত এটা কথা ক’ব লাগিব যে, পৰিচালক-প্ৰযোজক কৰণ জোহৰে তেওঁৰ চলচ্চিত্ৰসমূহত বিভিন্ন সময়ত ৰূপালী পৰ্দাত দুয়োকে নিজৰ ধৰণে দৰ্শকৰ আগত উপস্থাপন কৰি আহিছে।

যেতিয়াই শ্বাহৰুখ-কাজলৰ যুটিটোৱে কৰণৰ নিৰ্দেশনাত ৰূপালী পৰ্দাত কাম কৰিছে, চিনেমাপ্ৰেমীসকলৰ উত্তেজনা সঁচাকৈয়ে চাব লগা হয়। যদি এইবাৰো দুয়োজনকে কৰণ জোহৰৰ দ্বাৰা পৰিচালিত হ’বলগীয়া ছবি ৰকী ঔৰ ৰাণীত সঁচাকৈয়ে দেখা য়ায়, তেন্তে বলীউডত যেন আকৌ এবাৰ ধুমুহাৰ সৃষ্টি হ’ব সেইয়া নিশ্চিত।




FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান