--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বলীউডৰ তাৰকা অভিনেত্ৰী মোহময়ী জেকলিন ফাৰ্ণাণ্ডেজৰ অৱস্থা এতিয়া নাজল-নাথল। অচিন কাঠৰ ঠোৰা লগাবলৈ গৈ এতিয়া জোলোকা জোলোকে পানী খাইছে অভিনেত্ৰীগৰাকীয়ে। কোনবাটো মুহূৰ্তত তেওঁ জে’ললৈকো যাবলগীয়া হ’লেও সেয়া হয়তো আচৰিত হ’বলগীয়া কথা নহ’ব। কিন্তু কিহৰ বাবে এই দুৰ্গতিক সন্মুখীন হৈছে অভিনেত্ৰীগৰাকী? কিহৰ বাবে বাৰম্বাৰ তেওঁ তদন্তকাৰী সংস্থাৰ দুৱাৰে দুৱাৰে ঘূৰিবলগীয়া হৈছে?

ঘটনাৰ আতিগুৰি বিচাৰি কেইবছৰমান আগলৈ যাব লাগিব। মোহময়ী জেকলিনৰ সম্পৰ্ক হৈছিল সুকেশ চন্দ্ৰশেখৰ নামৰ এজন লোকৰ সৈতে। জেকলিনৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক থকা বুলিও চৰ্চা চলিছিল। সুকেশে ইটোৰ পাছত সিটো কোটিটকীয়া উপহাৰেৰে ভৰাই দিছিল বান্ধৱী জেকলিনৰ ঘৰ। কোটিটকীয়া ঘোঁৰৰ পৰা লাখটকীয়া মেকুৰীলৈ কত কি দিয়া নাছিল চন্দ্ৰশেখৰে! বন্ধুৰ এই বদান্যতাত গদগদ হৈ পৰিছিল জেকলিন। পিছে এই সুখকৰ সময় বেছিদিন বৰ্তি নাথাকিল। জেকলিন ফাৰ্নাণ্ডেজৰ এই বন্ধুজন প্ৰবঞ্চক বুলি পোহৰলৈ আহিল। ২০০ কোটিটকীয়া প্ৰবঞ্চনা কাণ্ডত সুকেশ চন্দ্ৰশেখৰ জড়িত বুলি প্ৰমাণ হোৱাৰ পাছতে সেপ ঢুকি ডিঙি শুকাবলগীয়া অৱস্থা হ’ল জেকলিন ফাৰ্ণাণ্ডজৰো।

আৰু অচিন কাঠৰ ঠোৰা লগোৱা জেকলিনৰ ৭ কোটি টকাৰ ফিক্সড ডিপ’জিট এইবাৰ জব্দ কৰিলে ইডি-এ। চন্দ্ৰশেখৰে ২০০ কোটি টকাৰ প্ৰবঞ্চনা কাণ্ড সংঘটিত কৰি তাৰ পৰাই ৫.৭১ কোটি টকা অভিনেত্ৰীগৰাকীক দিছিল বুলি প্ৰকাশ কৰিছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে। ২০০ কোটি টকা প্ৰবঞ্চনাৰে সৰকাই কেৱল জেকলিনকে যে কোটিটকীয়া উপহাৰ দিছিল তেনে নহয়, বৰং আন কেইবাগৰাকীও অভিনেত্ৰীৰ ঘৰ ভৰাইছিল সুকেশ চন্দ্ৰশেখৰে। 
 
সুকেশ চন্দ্ৰশেখৰে এই বৃহৎ পৰিমাণৰ ধন ‘ৰেনবক্সি’ৰ প্ৰাক্তন স্বত্বাধিকাৰী ছিবিন্দৰ সিঙৰ পৰিয়ালৰ পৰা সৰকাইছিল। সিং ২০১৯ চনত ধনৰ অবৈধ লেনদেনৰ এটা গোচৰত জে’ললৈ গৈছিল। তাৰ পাছত তেওঁ সিঙৰ পত্নী অদিতি সিঙৰ পৰা এই বৃহৎ পৰিমাণৰ ধনৰাশি সৰকাই তেওঁ মুকলি কৰি অনাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেয়া হৈ নুঠাত অদিতি সিঙে গোচৰ দিয়ে। ইডিয়ে চন্দ্ৰশেখৰৰ বিৰুদ্ধে উঠা অভিযোগৰ তদন্ত আৰম্ভ কৰাৰ পাছতে পোহৰলৈ আহিছে যে, তেওঁ জেকলিনৰ পৰিয়ালৰ লোককো বহু টকাৰ উপহাৰ প্ৰদান কৰিছিল। 

প্ৰবঞ্চক সুকেশ চন্দ্ৰশেখৰ এতিয়া কাৰাবন্দী হৈ আছে। কিন্তু তেওঁৰ কুকীৰ্তিত অংশীদাৰ হৈ এতিয়া জেকলিন ফাৰ্নাণ্ডেজো বিপদত পৰাৰ আশংকা অধিক গাঢ় হৈ পৰিছে। তেওঁক ইতিমধ্যে কেইবাবাৰো জেৰা কৰিছে তদন্তকাৰী সংস্থাটোৱে। এতিয়া প্ৰবঞ্চকৰ পৰা কোটিটকীয়া উপহাৰ গ্ৰহণ কৰি জেকলিন জে’ললৈ যাবলগীয়া হ’ব নেকি বুলিও চৰ্চা চলিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ