--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বলীউডৰ তাৰকা অভিনেত্ৰী মোহময়ী জেকলিন ফাৰ্ণাণ্ডেজৰ অৱস্থা এতিয়া নাজল-নাথল। অচিন কাঠৰ ঠোৰা লগাবলৈ গৈ এতিয়া জোলোকা জোলোকে পানী খাইছে অভিনেত্ৰীগৰাকীয়ে। কোনবাটো মুহূৰ্তত তেওঁ জে’ললৈকো যাবলগীয়া হ’লেও সেয়া হয়তো আচৰিত হ’বলগীয়া কথা নহ’ব। কিন্তু কিহৰ বাবে এই দুৰ্গতিক সন্মুখীন হৈছে অভিনেত্ৰীগৰাকী? কিহৰ বাবে বাৰম্বাৰ তেওঁ তদন্তকাৰী সংস্থাৰ দুৱাৰে দুৱাৰে ঘূৰিবলগীয়া হৈছে?

ঘটনাৰ আতিগুৰি বিচাৰি কেইবছৰমান আগলৈ যাব লাগিব। মোহময়ী জেকলিনৰ সম্পৰ্ক হৈছিল সুকেশ চন্দ্ৰশেখৰ নামৰ এজন লোকৰ সৈতে। জেকলিনৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক থকা বুলিও চৰ্চা চলিছিল। সুকেশে ইটোৰ পাছত সিটো কোটিটকীয়া উপহাৰেৰে ভৰাই দিছিল বান্ধৱী জেকলিনৰ ঘৰ। কোটিটকীয়া ঘোঁৰৰ পৰা লাখটকীয়া মেকুৰীলৈ কত কি দিয়া নাছিল চন্দ্ৰশেখৰে! বন্ধুৰ এই বদান্যতাত গদগদ হৈ পৰিছিল জেকলিন। পিছে এই সুখকৰ সময় বেছিদিন বৰ্তি নাথাকিল। জেকলিন ফাৰ্নাণ্ডেজৰ এই বন্ধুজন প্ৰবঞ্চক বুলি পোহৰলৈ আহিল। ২০০ কোটিটকীয়া প্ৰবঞ্চনা কাণ্ডত সুকেশ চন্দ্ৰশেখৰ জড়িত বুলি প্ৰমাণ হোৱাৰ পাছতে সেপ ঢুকি ডিঙি শুকাবলগীয়া অৱস্থা হ’ল জেকলিন ফাৰ্ণাণ্ডজৰো।

আৰু অচিন কাঠৰ ঠোৰা লগোৱা জেকলিনৰ ৭ কোটি টকাৰ ফিক্সড ডিপ’জিট এইবাৰ জব্দ কৰিলে ইডি-এ। চন্দ্ৰশেখৰে ২০০ কোটি টকাৰ প্ৰবঞ্চনা কাণ্ড সংঘটিত কৰি তাৰ পৰাই ৫.৭১ কোটি টকা অভিনেত্ৰীগৰাকীক দিছিল বুলি প্ৰকাশ কৰিছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে। ২০০ কোটি টকা প্ৰবঞ্চনাৰে সৰকাই কেৱল জেকলিনকে যে কোটিটকীয়া উপহাৰ দিছিল তেনে নহয়, বৰং আন কেইবাগৰাকীও অভিনেত্ৰীৰ ঘৰ ভৰাইছিল সুকেশ চন্দ্ৰশেখৰে। 
 
সুকেশ চন্দ্ৰশেখৰে এই বৃহৎ পৰিমাণৰ ধন ‘ৰেনবক্সি’ৰ প্ৰাক্তন স্বত্বাধিকাৰী ছিবিন্দৰ সিঙৰ পৰিয়ালৰ পৰা সৰকাইছিল। সিং ২০১৯ চনত ধনৰ অবৈধ লেনদেনৰ এটা গোচৰত জে’ললৈ গৈছিল। তাৰ পাছত তেওঁ সিঙৰ পত্নী অদিতি সিঙৰ পৰা এই বৃহৎ পৰিমাণৰ ধনৰাশি সৰকাই তেওঁ মুকলি কৰি অনাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেয়া হৈ নুঠাত অদিতি সিঙে গোচৰ দিয়ে। ইডিয়ে চন্দ্ৰশেখৰৰ বিৰুদ্ধে উঠা অভিযোগৰ তদন্ত আৰম্ভ কৰাৰ পাছতে পোহৰলৈ আহিছে যে, তেওঁ জেকলিনৰ পৰিয়ালৰ লোককো বহু টকাৰ উপহাৰ প্ৰদান কৰিছিল। 

প্ৰবঞ্চক সুকেশ চন্দ্ৰশেখৰ এতিয়া কাৰাবন্দী হৈ আছে। কিন্তু তেওঁৰ কুকীৰ্তিত অংশীদাৰ হৈ এতিয়া জেকলিন ফাৰ্নাণ্ডেজো বিপদত পৰাৰ আশংকা অধিক গাঢ় হৈ পৰিছে। তেওঁক ইতিমধ্যে কেইবাবাৰো জেৰা কৰিছে তদন্তকাৰী সংস্থাটোৱে। এতিয়া প্ৰবঞ্চকৰ পৰা কোটিটকীয়া উপহাৰ গ্ৰহণ কৰি জেকলিন জে’ললৈ যাবলগীয়া হ’ব নেকি বুলিও চৰ্চা চলিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল