--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ভাইজান খ্যাত অভিনেতা ছলমান খানৰ নতুন ৰূপ দেখি স্তম্ভিত অনুৰাগী। হাতত ষ্টীলৰ ৰড, চকুত কলা চশমা, দীঘল কেশেৰে সুসজ্জিত ছলমানক চিনি পোৱাটোৱেই একপ্ৰকাৰ কঠিন হৈ পৰিছে। বলীউডৰ ভাইজানে শনিবাৰে পুৱা তেওঁৰ নতুন ছবি 'কভি ঈদ কভি দেৱালী'ৰ প্ৰথম ৰূপ শ্বেয়াৰ কৰে। শিৰোনামত লিখিছে, ‘মোৰ নতুন চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছে।’

বলীউডত যি ৰূপত এসময়ত প্ৰৱেশ কৰিছিল ঠিক তেনে ৰূপতেই  যেন পুনৰবাৰ ভাইজানৰ আৱিৰ্ভাব হোৱা দেখিবলৈ পোৱা গৈছে। ছলমানৰ এনে ৰূপ দেখি চিনেমাখনক লৈ অনুৰাগীসকলৰ মাজত এতিয়া  যথেষ্ট উত্তেজনাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে।

ছলমানে চিনেমাখনৰ নাম উল্লেখ নকৰাকৈ পোষ্টটো শ্বেয়াৰ কৰিছে। তথাপি দৰ্শকৰ অনুমান, এয়া 'কভি ঈদ কভি দেৱালী' ছবিৰে ফাৰ্স্ট লুক।

স্বাভাৱিকতে, ছলমানৰ অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে 'কভি ঈদ কভি দেৱালী'ৰ বাবে বাট চাইছে। ছলমানৰ ফাৰ্স্ট লুক প্ৰকাশৰ পাছত ছ’চিয়েল মিডিয়াত এতিয়া কেৱল শুভেচ্ছাৰ বন্যা। কোনোবাই ক’লে- ‘ভাইজান, আমি অপেক্ষাৰত।’, কোনোবাই আকৌ ক'লে, ‘একেবাৰে জুই - এইবাৰ ধামাকা হ’ব।’ কোনোবাই ক'লে, ‘আপুনি আটাইতকৈ ভাল ভাইজান।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ