--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ষেপণাস্ত্ৰ আৰু ড্ৰ'নেৰে উত্তৰ আৰু পশ্চিম ভাৰতৰ ১৫খন ঠাইত আক্ৰমণ কৰাৰ পাকিস্তানী সেনাৰ এক ষড়যন্ত্ৰক ভাৰতে বিফল কৰে। ৭ মে'ৰ নিশা পাকিস্তানে গুজৰাট, ৪ পিঠিলৈ পঞ্জাব, ৰাজস্থান আৰু জম্মু-কাশ্মীৰৰ উক্ত ১৫খন  মহানগৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। 

সংবাদ মাধ্যমৰ বাতৰি মতে, উক্ত আক্ৰমণৰ লক্ষ্য আছিল সামৰিক স্থান। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে যোৱা নিশা পাকিস্তানী সামৰিক বাহিনীয়ে অৱন্তীপুৰ, শ্রীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, কাপুৰথালা, জলন্ধৰ, লুধিয়ানা, আদমপুৰ, ভাটিণ্ডা, চণ্ডীগড়, নাল, ফালোদী, উত্তৰলাই আৰু ভুজত থকা সামৰিক প্রতিষ্ঠানসমূহত আক্ৰমণৰ ষড়যন্ত্ৰ কৰিছিল। ভাৰতৰ ইন্টিগ্রেটেড কাউণ্টাৰ আনমেন্ড এয়াৰক্ৰাফ্ট ছিষ্টেমে (গ্রিড আৰু এয়াৰ ডিফেন্স ছিষ্টেমে) এই ষড়যন্ত্র ব্যর্থ কৰে। এই ব্যৱস্থাই প্রথমতে সফলভাৱে ক্ষেপণাস্ত্ৰবোৰ ধৰা পেলায় আৰু পাছত ধ্বংস কৰে। বিভিন্ন স্থানৰ পৰা উক্ত ক্ষেপণাস্ত্ৰৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে। 

ভাৰতীয় বায়ু সেনা বাহিনীৰ ৰাছিয়াত নির্মিত এছ-৪০০ সুদর্শন চক্র এয়াৰ ডিফেন্স ক্ষেপণাস্ত্ৰ ব্যৱস্থাই ৬০০ কিল মিটাৰ দূৰৰ আকাশী ভাবুকিক ধৰা পেলাব পাৰে। 

উল্লেখযোগ্য যে ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্রাসবাদীৰ ৯টা স্থানত মঙলবাৰে পিছ নিশা আক্ৰমণ কৰাৰ পাছতে পাকিস্তানে এই আক্ৰমণ সংঘটিত কৰে।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত