--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ষেপণাস্ত্ৰ আৰু ড্ৰ'নেৰে উত্তৰ আৰু পশ্চিম ভাৰতৰ ১৫খন ঠাইত আক্ৰমণ কৰাৰ পাকিস্তানী সেনাৰ এক ষড়যন্ত্ৰক ভাৰতে বিফল কৰে। ৭ মে'ৰ নিশা পাকিস্তানে গুজৰাট, ৪ পিঠিলৈ পঞ্জাব, ৰাজস্থান আৰু জম্মু-কাশ্মীৰৰ উক্ত ১৫খন  মহানগৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। 

সংবাদ মাধ্যমৰ বাতৰি মতে, উক্ত আক্ৰমণৰ লক্ষ্য আছিল সামৰিক স্থান। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে যোৱা নিশা পাকিস্তানী সামৰিক বাহিনীয়ে অৱন্তীপুৰ, শ্রীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, কাপুৰথালা, জলন্ধৰ, লুধিয়ানা, আদমপুৰ, ভাটিণ্ডা, চণ্ডীগড়, নাল, ফালোদী, উত্তৰলাই আৰু ভুজত থকা সামৰিক প্রতিষ্ঠানসমূহত আক্ৰমণৰ ষড়যন্ত্ৰ কৰিছিল। ভাৰতৰ ইন্টিগ্রেটেড কাউণ্টাৰ আনমেন্ড এয়াৰক্ৰাফ্ট ছিষ্টেমে (গ্রিড আৰু এয়াৰ ডিফেন্স ছিষ্টেমে) এই ষড়যন্ত্র ব্যর্থ কৰে। এই ব্যৱস্থাই প্রথমতে সফলভাৱে ক্ষেপণাস্ত্ৰবোৰ ধৰা পেলায় আৰু পাছত ধ্বংস কৰে। বিভিন্ন স্থানৰ পৰা উক্ত ক্ষেপণাস্ত্ৰৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে। 

ভাৰতীয় বায়ু সেনা বাহিনীৰ ৰাছিয়াত নির্মিত এছ-৪০০ সুদর্শন চক্র এয়াৰ ডিফেন্স ক্ষেপণাস্ত্ৰ ব্যৱস্থাই ৬০০ কিল মিটাৰ দূৰৰ আকাশী ভাবুকিক ধৰা পেলাব পাৰে। 

উল্লেখযোগ্য যে ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্রাসবাদীৰ ৯টা স্থানত মঙলবাৰে পিছ নিশা আক্ৰমণ কৰাৰ পাছতে পাকিস্তানে এই আক্ৰমণ সংঘটিত কৰে।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ