--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দেশত থাকি দেশৰে হাৱা-পানী খাই গাড্ডাৰী কৰি আছে একাংশ লোকে। সেই দেশদ্ৰোহীসকলক চিনি উলিয়াই কঠোৰতকৈও কঠোৰ শাস্তি দিয়াৰ সময় আহি পৰিছে। উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত ঘটিছে এক অঘটন। 

ভাৰতৰ ‘অপাৰেচন সিন্দুৰ’ৰ সফলতাত এটি শিশুৱে পাকিস্তান মুৰ্দাবাদ ধ্বনি দিছিল। এই কথা দেখি শিশুটিৰ ওপৰত দুজন মুছলমান যুৱকৰ খং উঠিল। যুৱক দুজনে চুৰীৰে আক্ৰমণ কৰে শিশুটিক। এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় শিশুটি। চিকিৎসালয়ত তেওঁক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে। ঘটনাৰ পিছতে সেই স্থানত উপস্থিত থকা লোকসকলে আক্ৰমণকাৰী যুৱক দুজনক প্ৰহাৰ কৰে। ইয়াৰ পিছতে দুয়োকে আৰক্ষীৰ হাতত গতাই দিয়া হয়। আৰক্ষীয়ে অভিযুক্তক জিম্মাত লৈ ভুক্তভোগীৰ অভিযোগ সন্দৰ্ভত ব্যৱস্থা আৰম্ভ কৰিছে।

এই ঘটনা সংঘটিত হয় পুৱাইয়ান গল্লা মণ্ডিত, য’ত ধৰ্মংগাদাপুৰ নিবাসী ৮ বছৰীয়া সুৰজীত পিতৃৰ সৈতে গল্লা মণ্ডীলৈ আহিছিল। পুৱাইয়ান নবীন গল্লা মণ্ডিত অপাৰেচন সিন্দুৰৰ বিষয়ে আলোচনা চলি আছিল। এই সময়ছোৱাত সুৰজীতে হিন্দুস্তান জিন্দাবাদ আৰু পাকিস্তান মুৰ্দাবাদৰ শ্লোগান দিয়ে। সেই কথা দেখি তাত উপস্থিত থকা মহিদ খান আৰু ৱাছিম নামৰ যুৱক দুজনে সুৰজিতক মাৰপিট কৰি চুৰীৰে আক্ৰমণ কৰে।

এই ঘটনাৰ  ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ঘটনাৰ পিছতে হিন্দু যুৱ সংগঠন ভাৰতৰ কৰ্মীসকলে থানাত উপস্থিত হৈ ভুক্তভোগীৰ পৰিয়ালৰ সৈতে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থাৰ দাবী উত্থাপন কৰিছে। হিন্দু যুৱ সংগঠন ভাৰতৰ অবনীশ মিশ্ৰই কয় যে ভাৰতীয় সেনাৰ কাৰ্যত গৌৰাৱান্বিত  হৈ যেতিয়া এটি শিশুৱে হিন্দুস্তান জিন্দাবাদ আৰু পাকিস্তান মুৰ্দাবাদৰ শ্লোগান দিছিল তেতিয়া দেশত আত্মগোপন কৰি থকা দেশদ্ৰোহী মহিদ আৰু ৱাছিমে শিশুটিক হত্যাৰ চেষ্টা চলালে,  এনে দেশদ্ৰোহীক কঠোৰতকৈও কঠোৰ শাস্তি দিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ